--°C
Loading...
Listen to Article
2 min read
80%

স্কটলেণ্ড: জীৱবিজ্ঞানৰ আন এক আৱিস্কাৰ | অতিশীঘ্ৰে পুৰুষৰ গৰ্ভনিৰোধক বড়ি উপলব্ধ হ'ব বজাৰত| স্কটলেণ্ডৰ ডাণ্ডি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য| প্ৰতিবেদন অনুসৰি, যদি অধ্যয়নটো সম্পূৰ্ণৰূপে সফল হয় তেতিয়া পুৰুষৰ গৰ্ভনিৰোধক বড়ি অচিৰেই বজাৰত উপলব্ধ হব। ডাণ্ডি বিশ্ববিদ্যালয়ৰ প্ৰজনন ঔষধৰ অধ্যাপক ক্ৰিছ বেৰেটে শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত এখন গৱেষণা-পত্ৰ শ্বেয়াৰ কৰিছে। তেওঁ সদৰী কৰে যে, 'কণ্ডম আৱিষ্কাৰ হোৱাৰ পিছত পুৰুষৰ গৰ্ভনিৰোধক বড়িৰ কোনো নতুন আৱিষ্কাৰ হোৱা নাই।

অনিচ্ছাকৃতভাৱে গৰ্ভধাৰণ কৰাটো মুখ্যতঃ মহিলাসকলৰ দায়িত্ব। আমাৰ বৰ্তমানৰ গৱেষণা হৈছে- এই নিয়মটো সলনি কৰা।' এই সন্দৰ্ভত, অধ্যাপকজনে গৱেষণাটোত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয়, 'আমি দুবছৰ ধৰি কৰা গৱেষণাৰ ফলস্বৰূপে এই ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছো।' যদি এই অধ্যয়নটো সফল হয়, তেন্তে অনাগত দিনবোৰত পুৰুষৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হিচাপে বিবেচিত হ'ব। গৱেষণাটোৰ নামত এই মুহূৰ্তলৈ ১.৭ নিযুত টকা খৰচ হোৱা বুলি জানিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, পুৰুষ গৰ্ভনিৰোধক বড়ি তৈয়াৰৰ বাবে পূৰ্বে একাধিক প্ৰয়াস তথা পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল। অৱশ্যে, বিভিন্ন কাৰণত সেয়া সম্ভৱ হোৱা নাছিল। কেতিয়াবা শুক্ৰাণু জীৱবিজ্ঞান গৱেষণাৰ এক বাধা হৈ পৰিছে। এই ক্ষেত্ৰত পুৰুষৰ শুক্ৰাণুত প্ৰ'টিনৰ পৰিমাণৰ কাৰক কি? এনে কেতবোৰ কাৰকে প্ৰাচীৰ হৈ থিয় দিয়া হেতুকে গৰ্ভনিৰোধক বড়ি আৱিষ্কাৰত সুফল পোৱা নাছিল গৱেষকে। অৱশ্যে, স্কটলেণ্ডৰ ডাণ্ডি বিশ্ববিদ্যালয়ৰ শেহতীয়া গৱেষণাই জীৱবিজ্ঞানৰ এক নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক