--°C
Loading...
Listen to Article
2 min read
80%

স্কটলেণ্ড: জীৱবিজ্ঞানৰ আন এক আৱিস্কাৰ | অতিশীঘ্ৰে পুৰুষৰ গৰ্ভনিৰোধক বড়ি উপলব্ধ হ'ব বজাৰত| স্কটলেণ্ডৰ ডাণ্ডি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য| প্ৰতিবেদন অনুসৰি, যদি অধ্যয়নটো সম্পূৰ্ণৰূপে সফল হয় তেতিয়া পুৰুষৰ গৰ্ভনিৰোধক বড়ি অচিৰেই বজাৰত উপলব্ধ হব। ডাণ্ডি বিশ্ববিদ্যালয়ৰ প্ৰজনন ঔষধৰ অধ্যাপক ক্ৰিছ বেৰেটে শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত এখন গৱেষণা-পত্ৰ শ্বেয়াৰ কৰিছে। তেওঁ সদৰী কৰে যে, 'কণ্ডম আৱিষ্কাৰ হোৱাৰ পিছত পুৰুষৰ গৰ্ভনিৰোধক বড়িৰ কোনো নতুন আৱিষ্কাৰ হোৱা নাই।

অনিচ্ছাকৃতভাৱে গৰ্ভধাৰণ কৰাটো মুখ্যতঃ মহিলাসকলৰ দায়িত্ব। আমাৰ বৰ্তমানৰ গৱেষণা হৈছে- এই নিয়মটো সলনি কৰা।' এই সন্দৰ্ভত, অধ্যাপকজনে গৱেষণাটোত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয়, 'আমি দুবছৰ ধৰি কৰা গৱেষণাৰ ফলস্বৰূপে এই ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছো।' যদি এই অধ্যয়নটো সফল হয়, তেন্তে অনাগত দিনবোৰত পুৰুষৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হিচাপে বিবেচিত হ'ব। গৱেষণাটোৰ নামত এই মুহূৰ্তলৈ ১.৭ নিযুত টকা খৰচ হোৱা বুলি জানিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, পুৰুষ গৰ্ভনিৰোধক বড়ি তৈয়াৰৰ বাবে পূৰ্বে একাধিক প্ৰয়াস তথা পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল। অৱশ্যে, বিভিন্ন কাৰণত সেয়া সম্ভৱ হোৱা নাছিল। কেতিয়াবা শুক্ৰাণু জীৱবিজ্ঞান গৱেষণাৰ এক বাধা হৈ পৰিছে। এই ক্ষেত্ৰত পুৰুষৰ শুক্ৰাণুত প্ৰ'টিনৰ পৰিমাণৰ কাৰক কি? এনে কেতবোৰ কাৰকে প্ৰাচীৰ হৈ থিয় দিয়া হেতুকে গৰ্ভনিৰোধক বড়ি আৱিষ্কাৰত সুফল পোৱা নাছিল গৱেষকে। অৱশ্যে, স্কটলেণ্ডৰ ডাণ্ডি বিশ্ববিদ্যালয়ৰ শেহতীয়া গৱেষণাই জীৱবিজ্ঞানৰ এক নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান