--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে শ্ৰীলংকা। অৰ্থনৈতিক কাৰণত সৃষ্টি হোৱা এই ৰাজনৈতিক সংকটৰ সন্মুখীন হৈ অৱশেষত দ্বীপৰাষ্ট্ৰত অনুষ্ঠিত হ’ল ৰাষ্ট্ৰপতি নিৰ্বাচন। একে সময়তে জন্টা শাসিত ম্যানমাৰত ক্ৰমাৎ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অৰ্থনৈতিক মন্দাৱস্থা অব্যাহত আছে।

দেশৰ স্বাধীনতাৰ নায়ক তথা ক্ষমতাচ্যুত নেতা আং ছান ছুকীৰ পিতৃক হত্যা কৰাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সমগ্ৰ ম্যানমাৰতে বিক্ষিপ্ত গণতন্ত্ৰপন্থী প্ৰতিবাদৰ বিক্ষোভ চলা দেখিবলৈ পোৱা গৈছে। একে সময়তে দেশৰ মুদ্ৰাৰ মূল্য অধিক হ্ৰাস পাইছে। প্ৰতি ডলাৰ ২৪০০ টকাত বিক্ৰী হৈছে সেই দেশৰ মুদ্ৰা।

দেশৰ কেন্দ্ৰীয় বেংকে ৩৫ শতাংশ বিদেশী বিনিয়োগ থকা সকলো প্ৰতিষ্ঠানকে ১৮ জুলাইৰ ভিতৰত নিজৰ বিদেশী মুদ্ৰাৰ সম্পত্তি স্থানীয় মুদ্ৰাৰ কিয়াটলৈ ৰূপান্তৰিত কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰপাছতো অব্যাহত আছে মন্দাৱস্থা। এই নিয়মৰ জৰিয়তে কিয়াটৰ ওপৰত অধিক ব্যৱসায়ক সামৰি লোৱাৰ হেঁচা লাঘৱ হ’ব বুলি আশা কৰা হৈছে।

২০২১ চনৰ ১ ফেব্ৰুৱাৰীত অৰ্থাৎ অভ্যুত্থানৰ আগদিনা আমেৰিকান ডলাৰৰ বিপৰীতে কিয়াটৰ মূল্য আছিল ১৩৪০। ম্যানমাৰত বৃদ্ধি পাইছে খাদ্য আৰু ইন্ধনৰ মূল্য। কিয়াটৰ মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ পিছত দেশৰ সংকট আৰু অধিক গভীৰ হ’ব পাৰে বুলি বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে।

আনহাতে, ম্যানমাৰত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে। গণতন্ত্ৰ সমৰ্থকসকলৰ ওপৰত সামৰিক শাসন ব্যৱস্থাই দমন অব্যাহত ৰাখিছে। তেনেক্ষেত্ৰত দেশখনৰ পৰিস্থিতি ক্ৰমাৎ অস্বাভাৱিক হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন