--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে অৰ্থনৈতিক মন্দাৱস্থাৰ আশংকা থকাৰ পাছতো সোণৰ মূল্য হ্ৰাস হৈয়েই আছে। সাধাৰণতে মন্দাৱস্থা, যুদ্ধ আদি সংকট হ’লে সোণৰ দাম বৃদ্ধি পায়, কিন্তু এইবাৰ পৰিস্থিতি সলনি হৈছে। আমেৰিকাত ট্ৰেজাৰী য়িল্ড(Treasury Yield) বৃদ্ধি আৰু ডলাৰৰ মূল্য শক্তিশালী হোৱাৰ বাবেই বৃহস্পতিবাৰে বিশ্বজুৰি সোণৰ মূল্য হ্ৰাস পাই প্ৰায় এবছৰৰ নিম্নতম স্তৰলৈ নামি আহে। ইয়াৰ প্ৰভাৱ ঘৰুৱা বজাৰতো দেখা গৈছে। আজি ঘৰুৱা বজাৰত একেৰাহে দ্বিতীয় দিনৰ বাবে সোণৰ মূল্য হ্ৰাস পাই ১৬ মাহৰ ভিতৰত সৰ্বাধিক সস্তাত পৰিণত হৈছে।

২০২১ চনৰ আগষ্ট মাহৰ আৰম্ভণিৰ পাছত সোণৰ এই মাত্ৰা সৰ্বনিম্ন। একে সময়তে আমেৰিকাত গোল্ড ফিউচাৰৰ মূল্য ০.৬ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১,৬৮৭.৩০ডলাৰ হয়। সোণৰ সমান্তৰালভাৱে ৰূপৰো দাম দ্ৰুতগতিত হ্ৰাস পাইছে। বিশ্ব বজাৰত স্পট ৰূপৰ (Us Silver Spot Prices) মূল্য ০.৯শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১৮.৪৯ডলাৰ হৈছে। প্লেটিনামৰ মূল্যও ০.৭শতাংশ কম হৈ প্ৰতি আউন্সত ৮৫২.১৪ ডলাৰ হয়। কিন্তু পেলেডিয়ামৰ মূল্য সামান্য বৃদ্ধি পাইছে আৰু ইয়াৰ মূল্য ০.১ শতাংশ বৃদ্ধি পাই প্ৰতি আউন্সত ১,৮৬৩.৪৭ ডলাৰ হৈছে।

ঘৰুৱা বজাৰৰ কথা ক’বলৈ গ’লে আইবিজেএৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ২৪ কেৰেটৰ সোণৰ মূল্য ৩৭১ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৫০,১৮২ টকা হয়। একেদৰে প্ৰতি ১০ গ্ৰামত ২৩ কেৰেট সোণ হ্ৰাস পাই ৪৯,৯৮১ টকা হয়। আইবিজেএৰ (IBJA)তথ্য অনুসৰি আজি ২২ কেৰেট সোণৰ মূল্য  ৪৫,৯৬৭ টকা, ১৮ কেৰেট সোণৰ মূল্য আছিল ৩৭,৬৩৭ টকা আৰু ১৪ কেৰেট সোণৰ মূল্য আছিল ২৯,৩৫৬ টকা। ২০২১ চনৰ আৰম্ভণিৰ পৰা সোণৰ এই মূল্য সৰ্বনিম্ন। 

সোণৰ দ্বিতীয় সৰ্বাধিক গ্ৰাহক দেশ ভাৰত। ভাৰতৰ ঘৰুৱা প্ৰয়োজন পূৰণৰ বাবে বেছিভাগেই সোণ আমদানি কৰিবলগীয়া হয়। খাৰুৱা তেলৰ পিছত সোণ ভাৰতৰ আমদানি বিলৰ অন্যতম বৃহৎ উপাদান। সোণৰ চাহিদা হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছিল মাচুল হ্ৰাস কৰাৰ সিদ্ধান্ত। কিন্তু বিশ্বৰ বজাৰত দাম কম হোৱাৰ বাবে ভাৰততো সোণ সস্তা হৈ পৰিছে। বজাৰ বিশেষজ্ঞসকলে কয় যে অনাগত দিনত সোণৰ দাম আৰু হ্ৰাস হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন