--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে অৰ্থনৈতিক মন্দাৱস্থাৰ আশংকা থকাৰ পাছতো সোণৰ মূল্য হ্ৰাস হৈয়েই আছে। সাধাৰণতে মন্দাৱস্থা, যুদ্ধ আদি সংকট হ’লে সোণৰ দাম বৃদ্ধি পায়, কিন্তু এইবাৰ পৰিস্থিতি সলনি হৈছে। আমেৰিকাত ট্ৰেজাৰী য়িল্ড(Treasury Yield) বৃদ্ধি আৰু ডলাৰৰ মূল্য শক্তিশালী হোৱাৰ বাবেই বৃহস্পতিবাৰে বিশ্বজুৰি সোণৰ মূল্য হ্ৰাস পাই প্ৰায় এবছৰৰ নিম্নতম স্তৰলৈ নামি আহে। ইয়াৰ প্ৰভাৱ ঘৰুৱা বজাৰতো দেখা গৈছে। আজি ঘৰুৱা বজাৰত একেৰাহে দ্বিতীয় দিনৰ বাবে সোণৰ মূল্য হ্ৰাস পাই ১৬ মাহৰ ভিতৰত সৰ্বাধিক সস্তাত পৰিণত হৈছে।

২০২১ চনৰ আগষ্ট মাহৰ আৰম্ভণিৰ পাছত সোণৰ এই মাত্ৰা সৰ্বনিম্ন। একে সময়তে আমেৰিকাত গোল্ড ফিউচাৰৰ মূল্য ০.৬ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১,৬৮৭.৩০ডলাৰ হয়। সোণৰ সমান্তৰালভাৱে ৰূপৰো দাম দ্ৰুতগতিত হ্ৰাস পাইছে। বিশ্ব বজাৰত স্পট ৰূপৰ (Us Silver Spot Prices) মূল্য ০.৯শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১৮.৪৯ডলাৰ হৈছে। প্লেটিনামৰ মূল্যও ০.৭শতাংশ কম হৈ প্ৰতি আউন্সত ৮৫২.১৪ ডলাৰ হয়। কিন্তু পেলেডিয়ামৰ মূল্য সামান্য বৃদ্ধি পাইছে আৰু ইয়াৰ মূল্য ০.১ শতাংশ বৃদ্ধি পাই প্ৰতি আউন্সত ১,৮৬৩.৪৭ ডলাৰ হৈছে।

ঘৰুৱা বজাৰৰ কথা ক’বলৈ গ’লে আইবিজেএৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ২৪ কেৰেটৰ সোণৰ মূল্য ৩৭১ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৫০,১৮২ টকা হয়। একেদৰে প্ৰতি ১০ গ্ৰামত ২৩ কেৰেট সোণ হ্ৰাস পাই ৪৯,৯৮১ টকা হয়। আইবিজেএৰ (IBJA)তথ্য অনুসৰি আজি ২২ কেৰেট সোণৰ মূল্য  ৪৫,৯৬৭ টকা, ১৮ কেৰেট সোণৰ মূল্য আছিল ৩৭,৬৩৭ টকা আৰু ১৪ কেৰেট সোণৰ মূল্য আছিল ২৯,৩৫৬ টকা। ২০২১ চনৰ আৰম্ভণিৰ পৰা সোণৰ এই মূল্য সৰ্বনিম্ন। 

সোণৰ দ্বিতীয় সৰ্বাধিক গ্ৰাহক দেশ ভাৰত। ভাৰতৰ ঘৰুৱা প্ৰয়োজন পূৰণৰ বাবে বেছিভাগেই সোণ আমদানি কৰিবলগীয়া হয়। খাৰুৱা তেলৰ পিছত সোণ ভাৰতৰ আমদানি বিলৰ অন্যতম বৃহৎ উপাদান। সোণৰ চাহিদা হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছিল মাচুল হ্ৰাস কৰাৰ সিদ্ধান্ত। কিন্তু বিশ্বৰ বজাৰত দাম কম হোৱাৰ বাবে ভাৰততো সোণ সস্তা হৈ পৰিছে। বজাৰ বিশেষজ্ঞসকলে কয় যে অনাগত দিনত সোণৰ দাম আৰু হ্ৰাস হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক