--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত হঠাতে বৃদ্ধি পাইছে বিদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ কাম। কেন্দ্ৰীয় চৰকাৰৰ এই তথ্যই কথাৰ প্ৰমাণ দাঙি ধৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ দৰে বিতৰ্কিত আৰু অতি স্পৰ্শকাতৰ বিষয়ক লৈ দেশত ব্যাপক বিতৰ্ক চলি থকাৰ মাজতে কেন্দ্ৰই দেশত নাগৰিকত্ব বিচৰা লোকসকলক দেশত থিতাপি দিয়াৰ কাম তীব্ৰ কৰি তুলিছে। এই কথা কাৰো অবিদিত নহয় যে, ভাৰতলৈ মূলতঃ চুবুৰীয়া বাংলাদেশ, ম্যানমাৰ, আফগানিস্তান, পাকিস্তান আদি দেশৰ পৰাই বিভিন্ন লোকে প্ৰব্ৰজন কৰি আহিছে। এইবোৰ দেশৰ ৰাজনৈতিক অস্থিৰতাই বহিঃৰাষ্ট্ৰলৈ প্ৰব্ৰজনৰ হাৰ বৃদ্ধি কৰি তুলিছে। আফগানিস্তানত তালিবানৰ শাসনৰ গাদী দখল আৰু ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পাছত তাৰ পৰা ভাৰতলৈ আশ্ৰয় বিচাৰি অহা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। এইসকল লোকৰ বহুতেই শৰনাৰ্থী হিচাপে আশ্ৰয় লৈ আছে দেশত। তাৰ বিপৰীতে কেন্দ্ৰই বহু লোকক নাগৰিকত্ব দিয়াৰ কাম আৰম্ভ কৰিছে। সংসদত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৪,৮৪৪জন বিদেশীক বিগত পাঁচ বছৰত ভাৰতৰ নাগৰিকত্ব দিয়া হৈছে। মঙলবাৰে এই তথ্য প্ৰকাশ কৰা হয়। ২০২১ চনত তাৰ আগৰ বছৰটোৰ তুলনাত প্ৰায় তিনিগুণ অধিক লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিছে। তথ্য অনুসৰি ২০১৭ চনত ৮১৭গৰাকী, ২০১৮চনত ৬২৮ গৰাকী, ২০১৯ চনত ৯৮৭ গৰাকী, ২০২০ চনত ৬৩৯গৰাকী বিদেশীক নাগৰিকত্ব প্ৰদান কৰা হৈছিল। তাৰ বিপৰীতে ২০২১চনতে ১,৭৭৩গৰাকী বিদেশীক দেশত নাগৰিকত্ব প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন ১৯৫৫ৰ অধীনত এইসকল লোকক নাগৰিকত্ব প্ৰদান কৰা বুলি প্ৰকাশ কৰে। এই আইনৰ ৫নং দফা অনুসৰি নাগৰিকত্ব লাভৰ বাবে যোগ্য বিবেচিত হোৱা লোকসকলক নাগৰিকত্ব প্ৰদান কৰে কেন্দ্ৰই। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই তথ্য প্ৰকাশ কৰে। মন কৰিবলগীয়া কথাটো হৈছে যে, নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত হ’বলৈ এতিয়াও বাকী আছে যদিও চৰকাৰে পূৰ্বে সংসদত প্ৰকাশ কৰা তথ্যত এক উল্লেখনীয় দিশ পোহৰলৈ আহিছে। চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮ চনৰ পৰা দেশত নাগৰিকত্ব প্ৰদান কৰা লোকসকলৰ সৰহসংখ্যকেই হৈছে পাকিস্তান, আফগানিস্তান, বাংলাদেশ আদি দেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘু লোক। হিন্দু, শিখ, জৈন আৰু খ্ৰীষ্টান লোকক এই সময়ছোৱাত নাগৰিকত্ব প্ৰদান কৰা হৈছিল। চৰকাৰে সংসদত কিছুদিন আগেয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই তিনিখন দেশৰ ৮,২৪৪জন হিন্দু, শিখ, জৈন আৰু খ্ৰীষ্টান লোকে নাগৰিকত্বৰ বাবে আবেদন জনাইছিল আৰু তেওঁলোকৰ ভিতৰত ৩,১১৭জনক নাগৰিকত্ব প্ৰদান কৰা হৈছে। ২০২১চনৰ ডিচেম্বৰ মাহলৈকে এইসকল বিদেশীয়ে দেশত স্থায়ীভাৱে থিতাপি লাভ কৰিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, ২০১৮চনৰ পৰা ২০২০চনলৈ মুঠতে দেশত নাগৰিকত্ব পোৱা লোকৰ সংখ্যা আছিল ২,২৫৪জন। অৰ্থাৎ ২০২১চনতে ব্যাপক হাৰত নাগৰিকত্ব প্ৰদান কৰা হৈছে বিদেশীক। ২০২১চনৰ সম্পূৰ্ণ তথ্য এতিয়ালৈ পোৱা হোৱা নাই যদিও কেন্দ্ৰীয় চৰকাৰে যে, কেইখনমান দেশৰ একাংশ বিশেষ শ্ৰেণীৰ লোকক দ্ৰুতগতিত নাগৰিকত্ব প্ৰদান কৰা কাম আৰম্ভ কৰিছে সেয়া স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু