--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’নাৰ দ্ৰুততৰ সংক্ৰমণে ক্ৰমাৎ দেশৰ পৰিস্থিতি অস্বাভাৱিকতাৰ ফালে ঠেলি দিছে। একাধিক ৰাজ্যই কৰ’না প্ৰতিৰোধৰ বাবে নানা বাধা-নিষেধ আৰোপ কৰাৰ সময়তে কুম্ভ মেলাৰ দৰে বৃহৎ ধৰ্মীয় সমাৱেশে দেশৰ স্বাস্থ্য খণ্ডলৈ কঢ়িয়াইছে সংকট। কুম্ভত অংশ লোৱা ভালেসংখ্যক সাধু-সন্ত ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুম্ভক প্ৰতীকাত্মক ৰূপত পালনৰ আহ্বান জনাইছে।

আৰু পঢ়িব পাৰিব :জামিনত মুকলি হ’ল গণৰাজ্য দিৱসৰ হিংসাত জড়িত সিদ্ধু

উল্লেখ্য যে, দেশত ক’ভিড সংক্ৰমণ বৃদ্ধি পাই এতিয়া ১.৪৫ কোটি হৈছেগৈ। শুকুৰবাৰৰ দিনটোত ২,৩৪,৬৯২জন আক্ৰান্ত চিনাক্ত হয়। একেৰাহে তৃতীয়দিনাও দেশত দুই লাখৰ অধিক পজিটিভ চিনাক্ত হৈছে। শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ১,৩৪১জন লোকৰ। মৃতকৰ সংখ্যাৰে এই বছৰৰ ভিতৰত শুকুৰবাৰৰ দিনটোৱেই আছিল আটাইতকৈ সংহাৰকাৰী।

আৰু পঢ়িব পাৰিব :ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ৪৩সংখ্যক বেলতলা ব’হাগী উৎসৱ

দেশৰ এই পৰিস্থিতিক লৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ১১খন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলৰে এখন বৈঠক আহ্বান কৰিছে। উল্লেখ্য যে, যোৱা ছদিনত দেশত ১০ লাখ নতুন সংক্ৰমিত লোক চিনাক্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু