--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’নাৰ দ্ৰুততৰ সংক্ৰমণে ক্ৰমাৎ দেশৰ পৰিস্থিতি অস্বাভাৱিকতাৰ ফালে ঠেলি দিছে। একাধিক ৰাজ্যই কৰ’না প্ৰতিৰোধৰ বাবে নানা বাধা-নিষেধ আৰোপ কৰাৰ সময়তে কুম্ভ মেলাৰ দৰে বৃহৎ ধৰ্মীয় সমাৱেশে দেশৰ স্বাস্থ্য খণ্ডলৈ কঢ়িয়াইছে সংকট। কুম্ভত অংশ লোৱা ভালেসংখ্যক সাধু-সন্ত ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুম্ভক প্ৰতীকাত্মক ৰূপত পালনৰ আহ্বান জনাইছে।

আৰু পঢ়িব পাৰিব :জামিনত মুকলি হ’ল গণৰাজ্য দিৱসৰ হিংসাত জড়িত সিদ্ধু

উল্লেখ্য যে, দেশত ক’ভিড সংক্ৰমণ বৃদ্ধি পাই এতিয়া ১.৪৫ কোটি হৈছেগৈ। শুকুৰবাৰৰ দিনটোত ২,৩৪,৬৯২জন আক্ৰান্ত চিনাক্ত হয়। একেৰাহে তৃতীয়দিনাও দেশত দুই লাখৰ অধিক পজিটিভ চিনাক্ত হৈছে। শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ১,৩৪১জন লোকৰ। মৃতকৰ সংখ্যাৰে এই বছৰৰ ভিতৰত শুকুৰবাৰৰ দিনটোৱেই আছিল আটাইতকৈ সংহাৰকাৰী।

আৰু পঢ়িব পাৰিব :ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ৪৩সংখ্যক বেলতলা ব’হাগী উৎসৱ

দেশৰ এই পৰিস্থিতিক লৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ১১খন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলৰে এখন বৈঠক আহ্বান কৰিছে। উল্লেখ্য যে, যোৱা ছদিনত দেশত ১০ লাখ নতুন সংক্ৰমিত লোক চিনাক্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ