--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অভূতপূৰ্ব ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত ৰোগীৰ বাবে নাটনি হৈছে জীৱনদায়িনী অক্সিজেনৰ। দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ প্ৰাণ ৰক্ষাৰ বাবে অক্সিজেন নোহোৱা হোৱা পৰিস্থিতিয়ে তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। তাৰ মাজতে পোহৰলৈ আহিছে যে, ভাৰতৰ পৰা ৰপ্তানি হোৱা অক্সিজেনৰ পৰিমাণ যোৱা বছৰৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে ৭০০শতাংশো অধিক।

আৰু পঢ়িব পাৰিব: বন বিভাগৰ অভিযানঃ জব্দ অগৰুভৰ্তি ট্ৰাক

চৰকাৰী তথ্য অনুসৰি, ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২১ৰ জানুৱাৰীৰ ভিতৰত ভাৰতে অতিৰিক্ত ৯০০০ মেট্ৰিক টনতকৈ অধিক অক্সিজেন ৰপ্তানি কৰিছে। ২০২০ বিত্তীয় বৰ্ষত ভাৰতে ৪৫০০ মেট্ৰিক টন অক্সিজেন ৰপ্তানি কৰিছিল। কিন্তু তাৰ পাছৰ পৰাই ই দুগুণ হৈ পৰে। ২০২০ চনৰ জানুৱাৰীৰ পৰা য’ত ভাৰতে ৩৫২মেট্ৰিক টন অক্সিজেন ৰপ্তানি কৰি আহিছিল এই পৰিমাণ এই বৰ্ষৰ জানুৱাৰীত ৭৩৪শতাংশ বেছি হৈ পৰে।

আৰু পঢ়িব পাৰিব: কোভিশ্বিল্ডৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিলে ছেৰাম ইনষ্টিটিউটে

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ভাৰতে ২,১৯৩ মেট্ৰিক টন অক্সিজেন ৰপ্তানি কৰিছিল | যিটো ২০১৯ৰ ডিচেম্বৰ ভাৰতে ৰপ্তানি কৰিছিল ৫৩৮ মেট্ৰিক টন অক্সিজেন। অৰ্থাৎ পূৰ্ব বছৰৰ তুলনাত ৰপ্তানিৰ হাৰ ৩০৮ শতাংশ বেছি আছিল। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কিমান পৰিমাণৰ অক্সিজেন ৰপ্তানি কৰা হৈছিল সেই তথ্য এতিয়ালৈকে লাভ কৰাটো সম্ভৱ হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ