--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণৰ দ্ৰুততৰ গতিৰ মাজতে এটা সুখবৰ দিছে ‘ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ’ চমুকৈ আইচিএমআৰ-এ। আইচিএমআৰৰ গৱেষণা অনুসৰি দেশীয়ভাৱে উদ্ভাৱন কৰা ক’ভিড-১৯ৰ প্ৰতিষেধক কোভাক্সিনে ক’ভিড সৃষ্টিকাৰী SARS-CoV-2 ভাইৰাছৰ কেইবাটাও ৰূপক প্ৰতিৰোধ কৰিব পাৰে আৰু ই ডবল মিউটেণ্ট অৰ্থাৎ দুবাৰকৈ উৎপৰিৱৰ্তন ঘটা ভাইৰাছৰ ৰূপৰ বিৰুদ্ধে কাম কৰিব পাৰে।

আৰু পঢ়িব পাৰিব: দ্ৰুতগতিত সংক্ৰমণঃ স্বাস্থ্যপৰীক্ষা নকৰাকৈয়ে অসমত প্ৰৱেশ বহুজনৰ

উল্লেখ্য যে, ক’ভিড-১৯ৰ বিৰুদ্ধে কোভাক্সিন জৰুৰীভাৱে ব্যৱহাৰৰ বাবে ভাৰতকে ধৰি ভালেকেইখন দেশত অনুমোদন দিয়া হৈছিল। কোভাক্সিন ব্যৱহাৰেৰে ভেকচিনেৰে ইতিমধ্যে দেশত টিকাকৰণ অভিযান চলাই থকা হৈছে। আইচিএমআৰে প্ৰকাশ কৰিছে যে, ‘আইচিএমআৰৰ অধ্যয়নত প্ৰকাশ পাইছে যে, কোভাক্সিনে ক’ভিড সৃষ্টিকাৰী ভাইৰাছৰ কেইবাটাও ৰূপৰ বিনাশ ঘটোৱাৰ লগতে দুবাৰকৈ উৎপৰিৱৰ্তন ঘটা ভাইৰাছকো প্ৰতিৰোধ কৰিব পাৰে।’

আৰু পঢ়িব পাৰিব: কোভিশ্বিল্ডৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিলে ছেৰাম ইনষ্টিটিউটে

SARS-CoV-2 ভাইৰাছৰ ব্ৰাজিলীয় ৰূপ, বৃটিছ ৰূপ, দক্ষিণ আফ্ৰিকীয় ৰূপ আদিক প্ৰতিৰোধৰ ক্ষেত্ৰত কোভাক্সিন কাৰ্যকৰী বুলি প্ৰকাশ পাইছে অধ্যয়নটোত। দেশত ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে এই তথ্য এক আশাপ্ৰদ খবৰ হিচাপে চিহ্নিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ