--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচণ্ড বৰষুণৰ ফলত ভাঙিল ঘাইপথৰ এটা অংশ। ফলত ঘাইপথেৰে গৈ থকা ২৩ খনকৈ গাড়ী গাঁতত সোমাই পৰে। এই ঘটনাত ৩৬ জনকৈ লোকে মৃত্যুক সাবটে। এই কৰুণ ঘটনা চীনৰ মেইঝৌত সংঘটিত হৈছে। 

মেইঝৌ চহৰ প্ৰশাসনে জনোৱা মতে, বুধবাৰে পুৱা প্ৰায় ২ বজাত ঘাইপথটোৰ ১৭.৯ মিটাৰ দৈৰ্ঘ্যৰ এটা অংশ ভাঙি ২৩খন বাহন গাঁতত সোমাই পৰে। চৰকাৰী বিবৃতি অনুসৰি এই দুৰ্ঘটনাত ৩৬ জন লোক নিহত হৈছে। প্ৰা্য় ৩০ জন আহত হৈছে। 

যোৱা ২ সপ্তাহ ধৰি গুৱাংডং প্ৰদেশৰ কিছু অংশত বৰষুণ আৰু বানপানীৰ লগতে শিলাবৃষ্টি হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, তেওঁলোকে এটা বৃহৎ শব্দ শুনিছিল আৰু তাৰ পাচতে পথটো খহি পৰা দেখিছিল, য'ত বাহনবোৰ চলি আছিল। স্থানীয় সংবাদ মাধ্যমত ভিডিঅ' আৰু ফটোবোৰ প্ৰকাশ পাইছে। য'ত বাহনবোৰ জ্বলি যোৱা দেখা গৈছে। ৰাজপথৰ পৰা তললৈ যোৱা ঢালত ধ্বংসস্তুপত পৰিণত বাহনবোৰ পৰি থকা দেখা গৈছে।

উল্লেখ্য যে যোৱা সপ্তাহৰ শেষৰ ফালে প্ৰাদেশিক ৰাজধানী গুৱাংঝোত হোৱা ধুমুহাত ৫ জন লোকৰ মৃত্যু হৈছিল। ধুমুহাৰ ফলত ১৪০টাতকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হয়। ধুমুহাৰ ফলত ৩৩ জন লোক আহত হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত বিদ্যুৎ অচল হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক