--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচণ্ড বৰষুণৰ ফলত ভাঙিল ঘাইপথৰ এটা অংশ। ফলত ঘাইপথেৰে গৈ থকা ২৩ খনকৈ গাড়ী গাঁতত সোমাই পৰে। এই ঘটনাত ৩৬ জনকৈ লোকে মৃত্যুক সাবটে। এই কৰুণ ঘটনা চীনৰ মেইঝৌত সংঘটিত হৈছে। 

মেইঝৌ চহৰ প্ৰশাসনে জনোৱা মতে, বুধবাৰে পুৱা প্ৰায় ২ বজাত ঘাইপথটোৰ ১৭.৯ মিটাৰ দৈৰ্ঘ্যৰ এটা অংশ ভাঙি ২৩খন বাহন গাঁতত সোমাই পৰে। চৰকাৰী বিবৃতি অনুসৰি এই দুৰ্ঘটনাত ৩৬ জন লোক নিহত হৈছে। প্ৰা্য় ৩০ জন আহত হৈছে। 

যোৱা ২ সপ্তাহ ধৰি গুৱাংডং প্ৰদেশৰ কিছু অংশত বৰষুণ আৰু বানপানীৰ লগতে শিলাবৃষ্টি হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, তেওঁলোকে এটা বৃহৎ শব্দ শুনিছিল আৰু তাৰ পাচতে পথটো খহি পৰা দেখিছিল, য'ত বাহনবোৰ চলি আছিল। স্থানীয় সংবাদ মাধ্যমত ভিডিঅ' আৰু ফটোবোৰ প্ৰকাশ পাইছে। য'ত বাহনবোৰ জ্বলি যোৱা দেখা গৈছে। ৰাজপথৰ পৰা তললৈ যোৱা ঢালত ধ্বংসস্তুপত পৰিণত বাহনবোৰ পৰি থকা দেখা গৈছে।

উল্লেখ্য যে যোৱা সপ্তাহৰ শেষৰ ফালে প্ৰাদেশিক ৰাজধানী গুৱাংঝোত হোৱা ধুমুহাত ৫ জন লোকৰ মৃত্যু হৈছিল। ধুমুহাৰ ফলত ১৪০টাতকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হয়। ধুমুহাৰ ফলত ৩৩ জন লোক আহত হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত বিদ্যুৎ অচল হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে