--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৯ চনত পত্নীক হত্যা কৰাৰ পিছত আমেৰিকাৰ কেনছাছৰ এজন লোকে নিজেই আৰক্ষীক জনাইছিল যে তেওঁৰ পত্নীয়ে নিজকে গুলীয়াই হত্যা কৰিছে। তথ্য লাভ কৰাৰ পিছত হেইছ আৰক্ষী বিভাগে তদন্ত কৰাৰ পিছত সেই মৃত্যু সন্দেহযুক্ত হৈ পৰে।

ক্ৰীষ্টেন ট্ৰিকল নামৰ মহিলাগৰাকীৰ মৃত্যুৰ তিনিদিন পিছতে পোষ্টমৰ্টেম ৰিপৰ্টত মহিলাগৰাকীয়ে আত্মহত্যা কৰি মৃত্যুবৰণ কৰা বুলি প্ৰকাশ পায়। তেওঁৰ দুটা জীৱন বীমা পলিচীত মুঠ ১ লাখ ২০ হাজাৰ ডলাৰতকৈ অধিক (প্ৰায় ১ কোটি টকা) টকা লাভ কৰে স্বামীয়ে।

কিন্তু ক্ৰীষ্টেন ট্ৰিকলে আত্মহত্যা কৰা নাছিল। তেওঁক হত্যা কৰিছিল স্বামী কলবি ট্ৰিকলে। 
पत्नी की हत्या कर जीवन बीमा के पैसे से खरीदी सेक्स डाॅल....2 साल बाद मर्डर  मिस्ट्री का हुआ खुलासा - colby trickle hays kansas wife killed kristen  trickle-mobile
 পত্নীক হত্যা কৰাৰ পিছত পত্নীৰ জীৱন বীমাৰ ধন ব্যৱহাৰ কৰি প্ৰায় ২০০০ ডলাৰ (প্ৰায় ১.৬৬ লাখ টকা) টকা খৰচ কৰি লাইফ চাইজৰ এটা যৌন পুতলা(SEX DOLL) কিনিলে স্বামীয়ে। বীমাৰ ধন লাভ কৰাৰ মাত্ৰ দুদিন পিছতে এই যৌন পুতলাটো ক্ৰয় কৰিছিল স্বামী কলবি ট্ৰিকলে।


যেতিয়া ক্ৰীষ্টেন ট্ৰিকলৰ পেহীয়েক ডেলিন ৰাইছে পুতলাটোৰ বিষয়ে গম পালে, তেতিয়া তেওঁ হতভম্ব হৈ পৰে। তেওঁ কয় যে, "মই মাত্ৰ আচৰিত হৈছিলো যে তেওঁ ক্ৰীষ্টেনৰ জীৱন বীমাৰ ধন ব্যৱহাৰ কৰি যৌন পুতলা এটা কেনেকৈ কিনিব পাৰিলে.."

এলিছ কাউন্টিৰ সহকাৰী অধিবক্তা এৰন কানিংহামে কয় যে কলবি ট্ৰিকলে বীমাৰ ধনৰ সকলো ১ লাখ ২০ হাজাৰ ডলাৰ প্ৰায় আঠ মাহত খৰচ কৰিছিল। 

প্ৰতিবেদন অনুসৰি কলবি ট্ৰিকলে যৌন পুতলা ক্ৰয় কৰাৰ উপৰিও বীমাৰ ধনেৰে ভিডিঅ’ গেম, ঋণ পৰিশোধ কৰা, সংগীতৰ সঁজুলি ক্ৰয় কৰি শিল্পী হোৱাৰ সপোন পূৰণৰ বাবেও হাজাৰ হাজাৰ টকা খৰচ কৰিছিল।

২০২১ চনৰ ১৪ জুলাইত পত্নী ক্ৰীষ্টেন ট্ৰিকলৰ মৃত্যুৰ প্ৰায় ২১ মাহৰ পাছত স্বামী কলবি ট্ৰিকলৰ বিৰুদ্ধে প্ৰথম ডিগ্ৰীৰ হত্যা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ তদন্তত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

সেই সময়তে তেওঁৰ মাতৃ টিনা ক্ৰ’টজাৰে প্ৰকাশ কৰিছিল যে তেওঁৰ পুত্ৰই যৌনতাৰ বাবে নহয়, উষ্ণতা আৰু আৰামৰ বাবেহে পুতলাটো কিনিছিল। তেওঁ লগতে কয় যে কলবি ট্ৰিকলে দুঃস্বপ্নৰ সৈতে যুঁজিছিল আৰু পত্নীৰ মৃত্যুৰ পিছত টোপনি অহাত অসুবিধা পাইছিল আৰু সেয়েহে, তেওঁ যৌন পুতলাটো ক্ৰয় কৰিছিল। 

আৰক্ষীয়ে নিজাববীয়াকৈ কৰি থকা তদন্তত অৱশেষত পোহৰলৈ আহে যে বীমাৰ ধনৰ বাবেই ক্ৰীষ্টেন ট্ৰিকলক হত্যা কৰে কলবি ট্ৰিকলে। কলবি ট্ৰিকলক ৫০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক