--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : চমকপ্ৰদ বিজয়েৰে বংগত ক্ষমতা নিজৰ হাতত ৰাখিলেও বংগক শান্তিপূৰ্ণ কৰি ৰখাত এইপৰ্যন্ত ব্যৰ্থ হৈছে মমতা বেনাৰ্জী। বিজেপিয়ে সৃষ্টি কৰা প্ৰবল প্ৰত্যাহ্বান নেওচি মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ শাসন নিজৰ হাততে ৰাখিবলৈ সক্ষম হ’ল। ২১৪খন আসন লাভেৰে বৃহৎ বিজয় সাব্যস্ত কৰিলে মমতা বেনাৰ্জী নেতৃত্বৰ তৃণমূল কংগ্ৰেছে। কিন্তু নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে এতিয়া হিংসাই জৰ্জৰিত কৰিছে পশ্চিমবংগক। নিৰ্বাচনোত্তৰ হিংসাই পশ্চিমবংগত প্ৰাণ কাঢ়িছে কমেও ১২জন লোকৰ।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ ফলাফল ওলাল, পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম…

দীঘলীয়া নিৰ্বাচনৰ সময়ছোৱাত হোৱা হিংসাত নিহত লোকতকৈ নিৰ্বাচনোত্তৰ হিংসাত অধিক লোকে এতিয়া প্ৰাণ হেৰুওৱাৰ আশংকাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই হিংসাত্মক ঘটনাৰ বাবে বিজেপিকে জগৰীয়া কৰিছে যদিও তেওঁ সকলোকে শান্তি বজাই ৰাখিবলৈকো আহ্বান জনায়। তৃণমূল-বিজেপি উভয় দলেই পৰস্পৰৰ বিৰুদ্ধে হিংসাৰ অভিযোগ আনিছে আৰু তেওঁলোকৰ কৰ্মীৰ মৃত্যু হোৱাৰ অভিযোগ আনিছে।

বিজেপিৰ সভাপতি জেপি নাড্ডা মঙলবাৰে ৰাজ্যখনত উপস্থিত হৈছে আৰু তেওঁৰ নেতৃত্বতে বিজেপিয়ে ৰাজ্যখনত বুধবাৰে দিনজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব। মমতা বেনাৰ্জীয়ে তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ সময়তে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বিজেপিয়ে। ইফালে, কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কত প্ৰতিবেদন বিচাৰিছে। বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি পৃথকে পৃথকে ৰাজ্যপাল জগদীপ ধানখৰক সাক্ষাৎ কৰে।

আৰু পঢ়িব পাৰিব : বিল গেটছ, মেলিণ্ডাৰ ২৭ বছৰীয়া যুগ্ম জীৱনৰ অৱসান

ৰাজ্যপালে ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কত তেওঁলোকৰ সৈতে আলোচনা কৰি প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰে। বিজেপিয়ে নিৰ্বাচনা ফলাফল ঘোষণাৰ পাছতে তেওঁলোকৰ কমেও ছজন কৰ্মী হত্যাৰ বলি হোৱাৰ লগতে বিজেপি সমৰ্থকৰ ঘৰ আৰু বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ আনিছে। তৃণমূলেও অনৰূপ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ ৫জন কৰ্মী হিংসাৰ বলি হোৱাৰ অভিযোগ কৰিছে। আনহাতে কংগ্ৰেছকে ধৰি তৃতীয় মৰ্চাৰ এজন কৰ্মীৰো মৃত্যু হৈছে হিংসাত। পৰিস্থিতিৰ এনে অৱনতিৰ পাছতে মমতা বেনাৰ্জীয়ে শান্তিৰ আহ্বান জনায় আৰু যিকোনো অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হ’লে আৰক্ষীক অৱগত কৰিবলৈ সকলোকে আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু