--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনত জয়ী হৈ কাৰাগাৰৰ পৰা পত্ৰযোগে অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্য কাৰ্যালয়লৈ অখিলে প্ৰেৰণ কৰে এই পত্ৰখন৷ পত্ৰযোগে শিৱসাগৰবাসীক ধন্যবাদ অখিল গগৈৰ৷ 'মোৰ অনুপস্থিতিত মোক জয়ী কৰি শিৱসাগৰবাসীয়ে ইতিহাস গঢ়িলে। শিৱসাগৰবাসীৰ প্ৰতিজন ভোটাৰৰ ওচৰত মই কৃতজ্ঞ।' আজি অনুষ্ঠিত ৰাইজৰ দলৰ সংবাদমেলত অখিল গগৈয়ে প্ৰেৰণ কৰা পত্ৰৰ জৰিয়তে শিৱসাগৰবাসীক ধন্যবাদ জনায় কাৰাৰুদ্ধ অখিলে৷ তেওঁ পত্ৰত লিখে যে, 'মোৰ জয়ৰ আৰম্ভণি মোৰ নতুন সংগ্ৰামৰ আৰম্ভণি।'

আৰু পঢ়িব পাৰিব তীব্ৰবেগী বলেৰ’ৰ খুন্দাত আহত যুৱকঃ চিকিৎসালয়লৈ প্ৰেৰণ

'আমি মনে-প্ৰাণে বিচাৰিছিলোঁ বিজেপি বিৰোধী চৰকাৰ হোৱা। ৰাইজৰ বৈৰী বিজেপি পুনৰ দিছপুৰ দখল কৰাত আমি দুখ পাইছোঁ। কিন্তু যিহেতু এয়া গণতান্ত্ৰিক পদ্ধতি, সেয়ে ৰাইজৰ ৰায়ক আমি মানি লৈছোঁ বুলি সদৰী কৰে তেওঁ৷ 'বিজেপিৰ বিৰুদ্ধে বিকল্প হিচাপে ৰাইজে কংগ্ৰেছ মহাজোঁটক নিবিচাৰে৷ আমি বিচাৰিছিলোঁ কংগ্ৰেছৰ সৈতে মিলি নিৰ্বাচন খেলিম। কিন্তু সাম্প্ৰদায়িক দল এটাৰ বিৰুদ্ধে কংগ্ৰেছে যুজঁ দিব যাওঁতে আন এটা সাম্প্ৰদায়িক দলৰে মিলি নিৰ্বাচন খেলিলে।'

আৰু পঢ়িব পাৰিব মুখ্যমন্ত্ৰী পদক লৈ উৎকণ্ঠা! পিছে মুখ্যমন্ত্ৰী হ’ব কোন?

ইপিনে অহা তিনিমাহ কেৱল ক'ভিডৰ বাবে কাম কৰাৰ আশ্বাস দিলে অখিলে। প্ৰাপ্তবয়ষ্ক প্ৰতিজন নাগৰিকক ভেকচিন প্ৰদানৰ বাবে চৰকাৰলৈ আহ্বান অখিল গগৈৰ। ঘৰে ঘৰে ক'ভিডৰ দুপালি ভেকচিন পোৱাৰ বাবে কাম কৰিব বুলি পত্ৰৰ জৰিয়তে ব্যক্ত কৰে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ