--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান ৩ এ সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দিনটোতে অৰ্থাৎ ২৩ আগষ্টৰ নিশা ধেমাজিত এক ৰহস্যময় শিলাখণ্ড আকাশৰ পৰা সৰি পৰাৰ ঘটনাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে। ধেমাজিৰ উদয়পুৰ নাথ গাঁৱৰ বাসিন্দা বিপুল নাথৰ ঘৰত আকাশৰ পৰা ৰহস্যময় শিলাখণ্ড খহি পৰাৰ খবৰ শুকুৰবাৰে প্ৰাগ নিউজ ডিজিটেলত সবিস্তাৰে সম্প্ৰচাৰ  কৰা হৈছিল।প্ৰাগ নিউজ ডিজিটেলৰ দৰে এটা বহু প্ৰচাৰিত চেনেলত খবৰ সম্প্ৰচাৰ হোৱাৰ পিছতো অৱশ্যে চৰকাৰেই হওঁক বা ৰাজ্যৰ কোনো বিশ্ব বিদ্যালয়, বিজ্ঞান সংস্থা অথবা বিজ্ঞানীয়ে বিষয়টো সন্দৰ্ভত নিৰুদ্বেগ হৈ থকাৰ কথাই এতিয়া বহুতকে আচৰিত কৰি তুলিছে। 

বিপুল নাথৰ ঘৰৰ নাৰিকল গছ এজোপাৰ কাষত আহি পৰা সেই ৰসহ্যময় শিলাখণ্ড পৃথিৱীৰেই  নে আন কোনো মহাজাগতিক শিলাখণ্ড সেয়া জানিবলৈ সাধাৰণ লোকৰ কোনো উপায় নাই। সেয়া নিশ্চিত কৰিব পাৰিব কেৱল কোনো বিশ্ববিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ অধ্যাপক, কোনো  বিজ্ঞান সংস্থা বা বিজ্ঞানীয়েহে। কিন্তু ঘটনাটো ঘটাৰ বহু সময় পাৰ হৈ যোৱাৰ পিছতো বিষয়টো সন্দৰ্ভত সম্পূৰ্ণ নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিছে। বহুতে এইবুলি কৈছে যে গোলাঘাটত কিছুবছৰ আগতে আকাশৰ পৰা সৰি পৰা শিলাখণ্ডৰ দৰেই ধেমাজিত খহি পৰা শিলাখণ্ড সন্দৰ্ভতো যদি গৱেষণা হ’লহেঁতেন তেন্তে মহাজাগতিক বহু কথাই হয়তো জানিব পৰা গ’লহেঁতেন।

 কিন্তু এতিয়াও কোনো বিজ্ঞানী, বিশ্ববিদ্যালয়ৰ অধ্যাপক অথবা বিজ্ঞান সংস্থাই এইক্ষেত্ৰত আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই। উল্লেখ্য ২০১৫চনৰ ১৩ নৱেম্বৰৰ দুপৰীয়া  গোলাঘাট জিলাৰ কমাৰগাঁৱৰ মহুৰামুখত আকাশৰ পৰা সৰি পৰিছিল এক বৃহৎ শিলাখণ্ড।  মহুৰামুখৰ গেলাবিল নদীৰ বালিচৰত পৰা সেই শিলাখণ্ডকলৈ ৰহস্যৰ সৃষ্টি হৈছিল। পিছত নিশ্চিত কৰা হৈছিল যে সেয়া দৰাচলতে এক  উল্কাপিণ্ড আছিল।

কমাৰগাঁৱত সৰি পৰা  উল্কাপিণ্ডৰ জৰিয়তে পৃথিৱীৰ বয়স আৰু জীৱ  সৃষ্টিৰ ৰহস্য উদ্ধাৰ কৰিব পৰা হ’ব বুলি বিজ্ঞানীসকলে দাবী কৰি আহিছে।  খড়গপুৰ আই আইটিৰ বিজ্ঞানীয়ে উল্কাপিণ্ডটো সাতবছৰ ধৰি অধ্যয়ন কৰিছিল আৰু শিলাখণ্ডটোৰ ভিতৰৰ ফোপোলা অংশসমূহত থকা বায়ুৰ বিশ্লেষণৰ  জৰিয়তে পৃথিৱীৰ বয়স নিৰ্ণয় কৰিব পৰা যাব বুলি ধাৰণা কৰিছিল৷

 খড়গপুৰ আই আই টিৰ ভূতত্ত্ব আৰু ভূবিজ্ঞান বিভাগৰ বিজ্ঞানীৰ লগতে জাপানৰ হিৰোছিমা বিশ্ববিদ্যালয় তথা আহমেদাবাদৰ ফিজিকেল ৰিছাৰ্ছ লেবৰেটৰীৰ বিজ্ঞানীয়েও কমাৰগাঁৱত আহি পৰা শিলাখণ্ডটো পৰীক্ষা কৰিছিল।  সেই শিলাখণ্ডকলৈ চলিছিল দীঘলীয়া গৱেষণা ৷ উক্ত  গৱেষণাৰ জৰিয়তে লাভ কৰা ফলাফল ‘জিঅ’ফিজিকেল ৰিছাৰ্ছ প্লেনেট’ নামৰ আন্তঃৰাষ্ট্ৰীয় জাৰ্ণালত প্ৰকাশো পাইছিল। কিন্তু ধেমাজিৰ ৰহস্যময় শিলাখণ্ডৰ বেলিকা বিজ্ঞান জগতৰে জড়িত কোনো ব্যক্তি, প্ৰতিষ্ঠান অথবা সংস্থাৰ তেনে কোনো উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।হয়তো সঠিক গৱেষণাই উন্মোচিত কৰিব পাৰিলেহেঁতেন ধেমাজিৰ ৰহস্যময় শিলাখণ্ডৰ ৰহস্য। 






 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক