--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ স্বামীৰ দীৰ্ঘায়ু কামনাৰে পত্নীয়ে গোটেই দিন লঘোণে থাকি পালন কৰে ‘কৰৱা চৌথ’। সন্ধিয়া স্বামীৰ হাতেৰে জল পান কৰি ভংগ কৰে কৰৱা চৌথৰ ব্ৰত। সমগ্ৰ দেশত পালন কৰা হৈছে কৰৱা চৌথ। পিছে কৰৱা চৌথ বিশেষ বিজ্ঞাপন বনাই তিতা-মিঠা পাইছে ডাবৰ কোম্পানীয়ে।

প্ৰতিটো ব্ৰেণ্ডেই বিক্ৰি বৃদ্ধিৰ বাবে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰস্তুত কৰে অভিনৱ আৰু মনোগ্ৰাহী বিজ্ঞাপন। উৎসৱৰ বতৰত দিয়ে বিভিন্ন অফাৰ। ডাবৰৰ এটা বিজ্ঞাপনত এটা সমকামী যুটিয়ে কৰৱা চৌথ উৎসৱ পালন কৰাৰ দৃশ্য বহুলভাৱে চৰ্চিত হৈছে ছ’চিয়েল মিডিয়াত। বিজ্ঞাপনটোত দুগৰাকী মহিলাই পৰস্পৰক প্ৰসন্নতাৰে চাই আছে; য’ত এজনীয়ে আনজনীৰ মুখত প্ৰসাধন সামগ্ৰী লগাইছে। দুয়োগৰাকীয়ে কৰৱা চৌথ উৎসৱটোৰ বিশেষত্ব আৰু ইয়াক উদযাপনৰ কাৰণ সম্বন্ধে আলোচনা কৰে। তেনেতে অন্য এগৰাকী মহিলা আহি দুয়োকে দুখন শাৰী দি বিশেষ দিনটোৰ নিশা পৰিধান কৰিবলৈ কয়। তাৰ পাছত চালনীৰে ইজনীয়ে আনজনীৰ মুখলৈ চায় আৰু পৰস্পৰক পানী খুৱাই পৰস্পৰৰ জীৱনসংগী বুলি প্ৰতিপন্ন কৰে। আৰু শেষত ফেম ক্ৰীমৰ লগ’ উদ্ভাসিত হৈ “গ্ল’ উইথ প্ৰাইড…” বুলি এক কণ্ঠস্বৰ ভাহি আহে।

কিছুসংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিজ্ঞাপনটোত বিবাহৰ এক প্ৰগতিশীল চিত্ৰায়নৰ বিষয়টোক শলাগিছে যদিও আন একাংশই তীব্ৰ ভাষাৰে সমালোচনাও কৰিছে। কোনো কোনোৱে বিজ্ঞাপনটোৱে হিন্দু ধৰ্মীয় উৎসৱক লক্ষ্য কৰি লৈ ধৰ্মীয় আৱেগক আঘাত কৰা বুলিও মন্তব্য কৰিছে। ‘ডাবৰ বা অন্য কোনোৱে খ্ৰীষ্টমাছ বা ঈদ অথবা অন্য কোনো উৎসৱৰ বাবে কিয় এনেকুৱা বিজ্ঞাপন প্ৰস্তুত নকৰে? প্ৰতিবাৰেই কিয় হিন্দু ধৰ্মীয় উৎসৱক লক্ষ্য কৰি লয়? মোৰ ধৰ্ম আৰু মোৰ উৎসৱ সামাজিক পৰিঘটনাৰ মঞ্চ নহয়। অনুগ্ৰহ কৰি এইবোৰক অকলে এৰি দিয়ক…’,- এনেদৰে এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ ক্ষোভ প্ৰকাশ!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক