--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ স্বামীৰ দীৰ্ঘায়ু কামনাৰে পত্নীয়ে গোটেই দিন লঘোণে থাকি পালন কৰে ‘কৰৱা চৌথ’। সন্ধিয়া স্বামীৰ হাতেৰে জল পান কৰি ভংগ কৰে কৰৱা চৌথৰ ব্ৰত। সমগ্ৰ দেশত পালন কৰা হৈছে কৰৱা চৌথ। পিছে কৰৱা চৌথ বিশেষ বিজ্ঞাপন বনাই তিতা-মিঠা পাইছে ডাবৰ কোম্পানীয়ে।

প্ৰতিটো ব্ৰেণ্ডেই বিক্ৰি বৃদ্ধিৰ বাবে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰস্তুত কৰে অভিনৱ আৰু মনোগ্ৰাহী বিজ্ঞাপন। উৎসৱৰ বতৰত দিয়ে বিভিন্ন অফাৰ। ডাবৰৰ এটা বিজ্ঞাপনত এটা সমকামী যুটিয়ে কৰৱা চৌথ উৎসৱ পালন কৰাৰ দৃশ্য বহুলভাৱে চৰ্চিত হৈছে ছ’চিয়েল মিডিয়াত। বিজ্ঞাপনটোত দুগৰাকী মহিলাই পৰস্পৰক প্ৰসন্নতাৰে চাই আছে; য’ত এজনীয়ে আনজনীৰ মুখত প্ৰসাধন সামগ্ৰী লগাইছে। দুয়োগৰাকীয়ে কৰৱা চৌথ উৎসৱটোৰ বিশেষত্ব আৰু ইয়াক উদযাপনৰ কাৰণ সম্বন্ধে আলোচনা কৰে। তেনেতে অন্য এগৰাকী মহিলা আহি দুয়োকে দুখন শাৰী দি বিশেষ দিনটোৰ নিশা পৰিধান কৰিবলৈ কয়। তাৰ পাছত চালনীৰে ইজনীয়ে আনজনীৰ মুখলৈ চায় আৰু পৰস্পৰক পানী খুৱাই পৰস্পৰৰ জীৱনসংগী বুলি প্ৰতিপন্ন কৰে। আৰু শেষত ফেম ক্ৰীমৰ লগ’ উদ্ভাসিত হৈ “গ্ল’ উইথ প্ৰাইড…” বুলি এক কণ্ঠস্বৰ ভাহি আহে।

কিছুসংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিজ্ঞাপনটোত বিবাহৰ এক প্ৰগতিশীল চিত্ৰায়নৰ বিষয়টোক শলাগিছে যদিও আন একাংশই তীব্ৰ ভাষাৰে সমালোচনাও কৰিছে। কোনো কোনোৱে বিজ্ঞাপনটোৱে হিন্দু ধৰ্মীয় উৎসৱক লক্ষ্য কৰি লৈ ধৰ্মীয় আৱেগক আঘাত কৰা বুলিও মন্তব্য কৰিছে। ‘ডাবৰ বা অন্য কোনোৱে খ্ৰীষ্টমাছ বা ঈদ অথবা অন্য কোনো উৎসৱৰ বাবে কিয় এনেকুৱা বিজ্ঞাপন প্ৰস্তুত নকৰে? প্ৰতিবাৰেই কিয় হিন্দু ধৰ্মীয় উৎসৱক লক্ষ্য কৰি লয়? মোৰ ধৰ্ম আৰু মোৰ উৎসৱ সামাজিক পৰিঘটনাৰ মঞ্চ নহয়। অনুগ্ৰহ কৰি এইবোৰক অকলে এৰি দিয়ক…’,- এনেদৰে এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ ক্ষোভ প্ৰকাশ!


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী