--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয় ফুড দেলিভাৰী কোম্পানী ছুইগীয়ে মহিলা সকলৰ সুবিধাৰ প্ৰতি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ছুইগীৰ পদক্ষেপক সকলোৱে একমুখে প্ৰশংসা কৰিছে। মহিলা কৰ্মচাৰীসকলে ঋতুস্ৰাৱৰ দিনত যিমান সমস্যাৰ সন্মুখীন হ'লেও কাম কৰিব লগা হয় কাৰণ ঋতুস্ৰাৱৰ দিন বুলি কোনো মহিলাই ছুটী নাপায় বা ছুটীৰ বাবে আবেদন কৰিব নোৱাৰে। এইকেইটা দিনত ভিন্ন সমস্যা লগত লৈয়ে কাম কৰিব লগা হয় মহিলা কৰ্মচাৰীসকলে।

ছুইগীয়ে এই ক্ষেত্ৰত এক নজিৰ সৃষ্টি কৰিলে। ছুইগীৰ মহিলা কৰ্মচাৰীৰ বাবে মাহেকীয়াৰ দিন কেইটাত তেওঁলোকৰ বাবে এক বিশেষ বন্ধৰ (Swiggy Women Period Leave) ঘোষণা কৰিছে কোম্পানীটোৱে। ছুইগীয়ে মহিলা কৰ্মচাৰীসকলক বিশেষ অসুবিধাৰ পৰা সকাহ দিবলৈ এই ঋতুকালীন বন্ধ আৰম্ভ কৰিছে।

কোম্পানীটোৱে ঘোষণা কৰিছে যে কৰ্মচাৰীসকলক ঋতুস্ৰাৱৰ সময়ত 'কোনো প্ৰশ্ন নোহোৱাকৈ' দুদিনৰ বাবে ছুটি দিয়া হ'ব। ছুইগীয়ে কয় যে "এই পদক্ষেপটো মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে। মহিলাসকলৰ
স্বাস্থ্যই যদি সুৰক্ষিত নহয় তেন্তে এখন ঘৰ বা এটা প্ৰতিষ্ঠান কেনেকৈ সুৰক্ষিত হ'ব, গতিকে মহিলাসকলৰ শৰীৰ আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব হোৱা উচিত।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়