--°C
Loading...
Listen to Article
2 min read
80%

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজি মিশ্ৰিত ফল লাভ কৰিব৷ কোনো পাৰিবাৰিক কাৰণত ভাতৃৰ-ভগ্নীৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে কিছু পৰিমাণে মন অস্থিৰ হৈ থাকিব পাৰে৷ প্ৰেমৰ সম্পৰ্ক ঠিকেই থাকিব৷ কৰ্মৰ জৰিয়তে  কৰ্মস্থলীৰ মুৰব্বীক সন্তুষ্ট কৰিব পাৰিলে ধন লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ পৰিশ্ৰম আৰু একাগ্ৰতাত মুৰব্বীজন আজিৰ দিনটোত সন্তুষ্ট হৈ থাকিব৷ সংযমী হৈ কাম কৰক৷

 বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো বিবাদৰে ভৰা হব৷ আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ সহকৰ্মীয়ে কামত বিধিপথালি দিয়াৰ চেষ্টা কৰিব৷ সন্মানিত হোৱাৰ লগতে নতুন পদো লাভ কৰিব পাৰে৷ পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব৷ ভাগ্যই আজিৰ দিনটোত আপোনাক ৮৬ শতাংশ সহায় কৰিব৷

 মিথুন ৰাশি : চৰকাৰী কামত জড়িত এই ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত প্ৰত্যক্ষ্ বা পৰোক্ষভাৱে সুফল লাভ কৰিব৷ লগতে সহকৰ্মীৰ পৰাও সহযোগ লাভ কৰিব৷ সময়ৰ উচিত ব্যৱহাৰ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন কৰিব পাৰিব৷ আত্মীয় আৰু বন্ধুৰ সৈতে সম্পৰ্ক মজবুত হব৷ দিনটো অধিক সুন্দৰকৈ পাৰ হৈ যাবৰ বাবে বজৰংবলীক পূজা কৰক৷

 কৰ্কট ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজি আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব৷ ৰাজনৈতিক আৰু সামাজিক কামত জড়িত সকলে অধিক সভাত যোগ দিবলৈ পাব৷ সন্মান লাভ কৰাৰ লগতে নতুন পদো অৰ্জন কৰিব পাৰিব৷ নিজৰ সিদ্ধান্তত অটল হৈ থাকক৷ জটিল সমস্যাৰ সমাধানো লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত গণেশ দেৱতাৰ পূজা কৰা উচিত ৷

 সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকা সকলে আজি নতুন সম্পৰ্ক গঢ়িব পাৰিব৷ যাৰ ফলত ভৱিষ্যতে সুফল লাভ কৰিব৷সময়ৰ উচিত ব্যৱহাৰ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন কৰিব পাৰিব৷তুলসী গছত পানী দিয়াৰ লগতে গণেশক লাড্ডু উৎসৰ্গা কৰিব পাৰে ৷

 কন্যা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকল আজি কৰ্মক্ষেত্ৰত নতুন সমীকৰণত ব্যস্ত থাকিব৷ কিছু পুৰণি পৰিকল্পনা সফল হোৱাৰ দিশে আগবাঢ়িব৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব৷ আপোনাৰ হাতলৈ আজি নতুন সুযোগ অহাৰ যোগ আছে৷ সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব৷ আৰ্থিক উন্নতি সম্ভৱ৷

 তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো ভালদৰেই পাৰ হব৷ অপ্ৰয়োজনীয় কামত সময় আৰু শক্তি অপব্যয় নকৰিব৷ পৰিকল্পনাবদ্ধভাৱে কাম কৰক৷ বিবাহিত দম্পতীসকল সংযমী হওঁক৷ জীৱনসংগীৰ লগত কথাৰ কটাকটি হব পাৰে।

 বৃশ্চিক ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে আজি ব্যৱসায়ীক দিশত ভাল ফল লাভ কৰিব৷ প্ৰভাৱশালী ব্যক্তিৰ লগত চিনাকি হব পাৰে৷ব্যৱসায়ীক সংগঠনৰ লগত জড়িত সকলে মুনাফা লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজি আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব৷ কোনো আইনী গোচৰ চলি থাকিলে সাফল্য লাভ কৰিব৷

 ধনু ৰাশি : এই ৰাশিৰ জাতক-জাতিকা সকলে আজি উত্তম স্বাস্থ্য লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দ অটুট থাকিব৷ আয় বৃদ্ধি পাব। সামাজিক পৰিস্থিতি মজবুত হব৷ এই ৰাশিৰ জাতক-জাতকা সকলে  সন্তুষ্টি অনুভব কৰিব ৷  আত্মীয় আৰু  বন্ধুৰ সৈতে  সম্পর্ক উন্নত হব। নিজৰ দুর্বলতা কাৰো সন্মুখত  স প্রকাশ  নকৰিব। আৰু  কামত  সাফল্য লাভ নকৰালৈকে  নিজেৰ পৰিকল্পনা কাৰো  সৈতে আলোচনা নকৰিব।

 মকৰ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়িক সম্পর্ক আৰু  চুক্তি ক্ষেত্ৰত নিজৰ পৰিশ্রমৰ পূর্ণ ফলাফল লাভ কৰিব৷ ব্যৱসায়ৰ ক্ষেত্রত  এই ৰাশিৰ জাতকসকলৰ প্রভাৱ বাঢ়িব৷ আপোনাৰ জৰিয়তে কিছু ব্যক্তিয়ে প্রভাৱশালী ব্যক্তিৰ সৈতে সম্পর্ক গঢ়ি তুলিব পাৰিব৷ প্রেমৰ ক্ষেত্ৰতো ভাগ্যৱান হব। বিৰোধীয়ে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব৷

 কুম্ভ ৰাশি : আজি কুম্ভ ৰাশিৰ জাতকে জীৱনসংগীৰ পৰা কম সহযোগিতা লাভ কৰিব। আপোনাৰ এনে অনুভূতিৰ কাৰণে মানসিক জটিলতা আৰু  অৱসাদ দেখা দিব পাৰে। আপুনি চিন্তিত থাকিলেও কাকো তাৰ উমান নিদিব৷ ব্যৱসায়ৰ অংশীদাবীৰ জৰিয়তে লাভ অর্জন কৰিব পাৰিব৷  আত্মবিশ্বাস বাঢ়িব৷

 মীন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলক ব্যৱসায়িক দিশত নতুন সম্পর্ক আৰু চুক্তিৰ কৰাৰ বাবে ভাল সময়৷ কার্য সংক্রান্তীয় যাত্রাত  ইতিবাচক ফলাফল লাভ কৰিব।কৰ্মস্থলীত মুৰব্বীৰ দ্বাৰা উপেক্ষিত হব  পাৰে৷ সহকর্মীয়ে আপোনাৰ দুর্বলতাৰ সুযোগ লৈ আপোনাৰ কামত বাধা  সৃষ্টি কৰিব পাৰে৷ কোনো আইনী গোচৰ চলি থাকিলে সাফল্য লাভ কৰিব৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ