--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজি মিশ্ৰিত ফল লাভ কৰিব৷ কোনো পাৰিবাৰিক কাৰণত ভাতৃৰ-ভগ্নীৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে কিছু পৰিমাণে মন অস্থিৰ হৈ থাকিব পাৰে৷ প্ৰেমৰ সম্পৰ্ক ঠিকেই থাকিব৷ কৰ্মৰ জৰিয়তে  কৰ্মস্থলীৰ মুৰব্বীক সন্তুষ্ট কৰিব পাৰিলে ধন লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ পৰিশ্ৰম আৰু একাগ্ৰতাত মুৰব্বীজন আজিৰ দিনটোত সন্তুষ্ট হৈ থাকিব৷ সংযমী হৈ কাম কৰক৷

 বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো বিবাদৰে ভৰা হব৷ আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ সহকৰ্মীয়ে কামত বিধিপথালি দিয়াৰ চেষ্টা কৰিব৷ সন্মানিত হোৱাৰ লগতে নতুন পদো লাভ কৰিব পাৰে৷ পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব৷ ভাগ্যই আজিৰ দিনটোত আপোনাক ৮৬ শতাংশ সহায় কৰিব৷

 মিথুন ৰাশি : চৰকাৰী কামত জড়িত এই ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত প্ৰত্যক্ষ্ বা পৰোক্ষভাৱে সুফল লাভ কৰিব৷ লগতে সহকৰ্মীৰ পৰাও সহযোগ লাভ কৰিব৷ সময়ৰ উচিত ব্যৱহাৰ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন কৰিব পাৰিব৷ আত্মীয় আৰু বন্ধুৰ সৈতে সম্পৰ্ক মজবুত হব৷ দিনটো অধিক সুন্দৰকৈ পাৰ হৈ যাবৰ বাবে বজৰংবলীক পূজা কৰক৷

 কৰ্কট ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজি আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব৷ ৰাজনৈতিক আৰু সামাজিক কামত জড়িত সকলে অধিক সভাত যোগ দিবলৈ পাব৷ সন্মান লাভ কৰাৰ লগতে নতুন পদো অৰ্জন কৰিব পাৰিব৷ নিজৰ সিদ্ধান্তত অটল হৈ থাকক৷ জটিল সমস্যাৰ সমাধানো লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত গণেশ দেৱতাৰ পূজা কৰা উচিত ৷

 সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকা সকলে আজি নতুন সম্পৰ্ক গঢ়িব পাৰিব৷ যাৰ ফলত ভৱিষ্যতে সুফল লাভ কৰিব৷সময়ৰ উচিত ব্যৱহাৰ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন কৰিব পাৰিব৷তুলসী গছত পানী দিয়াৰ লগতে গণেশক লাড্ডু উৎসৰ্গা কৰিব পাৰে ৷

 কন্যা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকল আজি কৰ্মক্ষেত্ৰত নতুন সমীকৰণত ব্যস্ত থাকিব৷ কিছু পুৰণি পৰিকল্পনা সফল হোৱাৰ দিশে আগবাঢ়িব৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব৷ আপোনাৰ হাতলৈ আজি নতুন সুযোগ অহাৰ যোগ আছে৷ সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব৷ আৰ্থিক উন্নতি সম্ভৱ৷

 তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো ভালদৰেই পাৰ হব৷ অপ্ৰয়োজনীয় কামত সময় আৰু শক্তি অপব্যয় নকৰিব৷ পৰিকল্পনাবদ্ধভাৱে কাম কৰক৷ বিবাহিত দম্পতীসকল সংযমী হওঁক৷ জীৱনসংগীৰ লগত কথাৰ কটাকটি হব পাৰে।

 বৃশ্চিক ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে আজি ব্যৱসায়ীক দিশত ভাল ফল লাভ কৰিব৷ প্ৰভাৱশালী ব্যক্তিৰ লগত চিনাকি হব পাৰে৷ব্যৱসায়ীক সংগঠনৰ লগত জড়িত সকলে মুনাফা লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজি আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব৷ কোনো আইনী গোচৰ চলি থাকিলে সাফল্য লাভ কৰিব৷

 ধনু ৰাশি : এই ৰাশিৰ জাতক-জাতিকা সকলে আজি উত্তম স্বাস্থ্য লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দ অটুট থাকিব৷ আয় বৃদ্ধি পাব। সামাজিক পৰিস্থিতি মজবুত হব৷ এই ৰাশিৰ জাতক-জাতকা সকলে  সন্তুষ্টি অনুভব কৰিব ৷  আত্মীয় আৰু  বন্ধুৰ সৈতে  সম্পর্ক উন্নত হব। নিজৰ দুর্বলতা কাৰো সন্মুখত  স প্রকাশ  নকৰিব। আৰু  কামত  সাফল্য লাভ নকৰালৈকে  নিজেৰ পৰিকল্পনা কাৰো  সৈতে আলোচনা নকৰিব।

 মকৰ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়িক সম্পর্ক আৰু  চুক্তি ক্ষেত্ৰত নিজৰ পৰিশ্রমৰ পূর্ণ ফলাফল লাভ কৰিব৷ ব্যৱসায়ৰ ক্ষেত্রত  এই ৰাশিৰ জাতকসকলৰ প্রভাৱ বাঢ়িব৷ আপোনাৰ জৰিয়তে কিছু ব্যক্তিয়ে প্রভাৱশালী ব্যক্তিৰ সৈতে সম্পর্ক গঢ়ি তুলিব পাৰিব৷ প্রেমৰ ক্ষেত্ৰতো ভাগ্যৱান হব। বিৰোধীয়ে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব৷

 কুম্ভ ৰাশি : আজি কুম্ভ ৰাশিৰ জাতকে জীৱনসংগীৰ পৰা কম সহযোগিতা লাভ কৰিব। আপোনাৰ এনে অনুভূতিৰ কাৰণে মানসিক জটিলতা আৰু  অৱসাদ দেখা দিব পাৰে। আপুনি চিন্তিত থাকিলেও কাকো তাৰ উমান নিদিব৷ ব্যৱসায়ৰ অংশীদাবীৰ জৰিয়তে লাভ অর্জন কৰিব পাৰিব৷  আত্মবিশ্বাস বাঢ়িব৷

 মীন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলক ব্যৱসায়িক দিশত নতুন সম্পর্ক আৰু চুক্তিৰ কৰাৰ বাবে ভাল সময়৷ কার্য সংক্রান্তীয় যাত্রাত  ইতিবাচক ফলাফল লাভ কৰিব।কৰ্মস্থলীত মুৰব্বীৰ দ্বাৰা উপেক্ষিত হব  পাৰে৷ সহকর্মীয়ে আপোনাৰ দুর্বলতাৰ সুযোগ লৈ আপোনাৰ কামত বাধা  সৃষ্টি কৰিব পাৰে৷ কোনো আইনী গোচৰ চলি থাকিলে সাফল্য লাভ কৰিব৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত