--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত মুখৰ কৰ্কট ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। কিন্তু চেষ্টা কৰিলেহে প্ৰতিৰোধ কৰা সম্ভৱ। গুটখা, খৈনী, পাণ মছালা খোৱাৰ অভ্যাসৰ বাবে এই মাৰাত্মক ৰোগৰ আশংকা থাকে। বহুতে এই অভ্যাসৰ পৰা জানিও ওলাই আহিব নোৱাৰে।

প্ৰাথমিক অৱস্থাত ধৰা পৰিলে মুখৰ কৰ্কট ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য হ’ব পাৰে। কৰ্কট ৰোগত মহিলাতকৈ পুৰুষ বেছি আক্ৰান্ত হয়। ওঁঠ, জিভা, গালৰ ভিতৰৰ অংশ, দাঁতৰ আলু, কঠিন আৰু কোমল তালু, ডিঙিৰ তলৰ অংশ - মুখৰ এই সকলোবোৰ অংশ কেন্সাৰৰ দ্বাৰা অধিক প্ৰভাৱিত হয়।

ধঁপাতজাতীয় সামগ্ৰীৰ উপৰিও মদ্যপানে মুখৰ কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। আৰ্থ-সামাজিক প্ৰেক্ষাপটত মানুহৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসেও কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰে। হিউমেন পেপিলোমা ভাইৰাছ (HPV) সংক্ৰমণ, পাৰিবাৰিক মুখৰ কৰ্কট ৰোগৰ ইতিহাস, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, পুষ্টিহীনতা আদিয়েও এই ৰোগত অৰিহণা যোগায়।

মুখৰ কৰ্কট ৰোগ হোৱাৰ লক্ষণ

১)মুখত বগা বা ৰঙা দাগ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। বিশেষকৈ যদি তেওঁ ধূমপায়ী বা ধোঁৱাবিহীন ধঁপাতৰ প্ৰতি আসক্ত হয় তেন্তে লিউকোপ্লাকিয়া আৰম্ভণিৰ কৰ্কট ৰোগৰ লক্ষণ।

২)গাল বা ডিঙিৰ ফুলা অংশ যিটো বাহিৰৰ পৰা দেখা যায়, কিন্তু বিষ নাথাকে, গতিকে এনে লক্ষণ দেখা পালেও সাৱধান হওক।

৩) যদি মুখৰ ভিতৰত বিষহীনভাৱে ফুলা আৰম্ভ হয়, যিটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে বা মুখৰ ভিতৰত গোট খালে আৰু লাহে লাহে বাঢ়ি যায় তেন্তে সেয়াও কেন্সাৰ ৰোগৰ লক্ষণ।

৪) বহু সময়লৈ জিভা লৰচৰ কৰাটো কঠিন, কথা ক’বলৈ টান, হাঁহি হাঁহি বা মুখ মেলিলে বৰ কষ্ট হোৱা।

৫)চৰ্দি বা ভাইৰেল জ্বৰ হ’লে ডিঙিত বিষ হয়, গিলিবলৈও অসুবিধা হয়। কিন্তু সেই যন্ত্ৰণা অল্পকালীন। যদি আপুনি দেখিছে যে এই বিষ বহুদিনৰ পাছতো কমি নাযায়, তেন্তে আপুনি সাৱধান হোৱা উচিত।

মুখৰ কৰ্কট ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধেই সৰ্বোত্তম কৌশল। গতিকে পান, চুপাৰি, বিড়ি, চিগাৰেট, গুটথা, জৰ্ডা আদি ধঁপাতজাতীয় সামগ্ৰী পৰিহাৰ কৰিব লাগে। দাঁতৰ যত্নও ল’ব লাগে। দিনটোত দুবাৰকৈ ব্ৰাছ কৰাৰ লগতে ফ্লছ-মাউথৱাছৰ অভ্যাস কৰিব লাগে। বছৰত কমেও দুবাৰ দন্ত চিকিৎসকৰ ওচৰলৈ যাওক। যদি মুখত কোনো ঘা বা আলচাৰ থাকে তেন্তে অৱহেলা নকৰিব আৰু চিকিৎসকৰ পৰামৰ্শ ল’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক