--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গংগাৰাম হাস্পতালৰ কাৰ্ডিঅ’লজি আৰু ৰেডিঅ’লজি বিভাগৰ এগৰাকী গৱেষকে হৃদৰোগ আক্ৰান্ত সম্পৰ্কে মন্তব্য প্ৰকাশ কৰিছে। ছাৰ গংগা ৰাম চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ অধ্যক্ষ ডাঃ জে পি এছ সাহনীয়ে কয় যে এই গৱেষণাৰ জৰিয়তে আমি কিছু তথ্য জনসাধাৰণৰ সন্মুখত ৰাখিব বিচাৰিছো। সাহনীয়ে আৰু কয় যে ‘ভাৰতীয়সকলৰ মাজত হৃদৰোগ সম্পৰ্কে এক বিভ্ৰান্তি আছে, যিটো আমি এই গৱেষণাৰ জৰিয়তে দূৰ কৰিবলৈ চেষ্টা কৰিছো।এই সকলোবোৰ বিভ্ৰান্তি দূৰ কৰি গৱেষকৰ দলটো কয় যে ভুল জীৱনশৈলীৰ বাবে আৰু নিয়মীভাৱে ব্যায়াম নকৰাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে।

 ধমনীৰ আকাৰ সৰুৱে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

এই গৱেষণাৰ অধীনত ২৫০জন ৰোগীক পৰ্যৱেক্ষণৰ অধীনত ৰখা হৈছিল। এই আটাইকেইজন ৰোগীৰ ধমনীৰ আকাৰ সৰু আছিল আৰু আটাইকেইজনেই হৃদৰোগত আক্ৰান্ত আছিল। ২৫০জন ৰোগীৰ ওপৰত কৰা এই গৱেষণা ‘জাৰ্নেল অব ইণ্ডিয়ান কলেজ অব কাৰ্ডিঅ’লজি’ত প্ৰকাশ পাইছে।

 ডাঃ জে পি এছ সাহনী যি ছাৰ গংগা ৰাম হাস্পতালৰ হৃদৰোগ বিভাগৰ অধ্যক্ষ আৰু এই জাৰ্নেলৰ মুখ্য লেখক। তেওঁ কয় যে এই সমগ্ৰ গৱেষণাৰ সময়ছোৱাত দেখা গৈছে যে এই ২৫০জন লোকৰ ভিতৰত ৫১% উচ্চ ৰক্তচাপ, ১৮% ডায়েবেটিছ ৰোগী, ৪% ধূমপায়ী। ২৮ শতাংশ ডিছলিপিডেমিক আৰু ২৬ শতাংশ হৃদৰোগৰ পাৰিবাৰিক ইতিহাস থকা লোক। এনে পৰিস্থিতিত আপুনি হৃদৰোগত আক্ৰান্ত হোৱাটো অনিবাৰ্য্য।

 ছাৰ গংগা ৰাম হাস্পতালৰ হৃদৰোগ বিভাগৰ লেখিকা তথা জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ অশ্বিনী মেহতাই কয়, ‘গৱেষণাৰ পৰা দেখা গৈছে যে ভাৰতীয় পুৰুষৰ ধমনী মহিলাতকৈ ডাঙৰ। কিন্তু অধিক পুৰুষৰ ক্ষেত্ৰতহে হাৰ্ট এটেক হয়। হৃদযন্ত্ৰৰ আকাৰ বা ধমনীৰ আকাৰ কেনেকুৱা সেইটো ডাঙৰ কথা নহয় বুলি ডাঃ অশ্বিনীয়ে কয়। ভাৰতীয়সকলৰ এথেৰ’স্কলেৰচিছৰ দৰে ৰোগ হয় কাৰণ তেওঁলোকৰ হৃদযন্ত্ৰৰ ধমনীত চৰ্বি জমা হয় আৰু এই সকলোবোৰ ভুল জীৱনশৈলীৰ বাবেই হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক