--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গংগাৰাম হাস্পতালৰ কাৰ্ডিঅ’লজি আৰু ৰেডিঅ’লজি বিভাগৰ এগৰাকী গৱেষকে হৃদৰোগ আক্ৰান্ত সম্পৰ্কে মন্তব্য প্ৰকাশ কৰিছে। ছাৰ গংগা ৰাম চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ অধ্যক্ষ ডাঃ জে পি এছ সাহনীয়ে কয় যে এই গৱেষণাৰ জৰিয়তে আমি কিছু তথ্য জনসাধাৰণৰ সন্মুখত ৰাখিব বিচাৰিছো। সাহনীয়ে আৰু কয় যে ‘ভাৰতীয়সকলৰ মাজত হৃদৰোগ সম্পৰ্কে এক বিভ্ৰান্তি আছে, যিটো আমি এই গৱেষণাৰ জৰিয়তে দূৰ কৰিবলৈ চেষ্টা কৰিছো।এই সকলোবোৰ বিভ্ৰান্তি দূৰ কৰি গৱেষকৰ দলটো কয় যে ভুল জীৱনশৈলীৰ বাবে আৰু নিয়মীভাৱে ব্যায়াম নকৰাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে।

 ধমনীৰ আকাৰ সৰুৱে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

এই গৱেষণাৰ অধীনত ২৫০জন ৰোগীক পৰ্যৱেক্ষণৰ অধীনত ৰখা হৈছিল। এই আটাইকেইজন ৰোগীৰ ধমনীৰ আকাৰ সৰু আছিল আৰু আটাইকেইজনেই হৃদৰোগত আক্ৰান্ত আছিল। ২৫০জন ৰোগীৰ ওপৰত কৰা এই গৱেষণা ‘জাৰ্নেল অব ইণ্ডিয়ান কলেজ অব কাৰ্ডিঅ’লজি’ত প্ৰকাশ পাইছে।

 ডাঃ জে পি এছ সাহনী যি ছাৰ গংগা ৰাম হাস্পতালৰ হৃদৰোগ বিভাগৰ অধ্যক্ষ আৰু এই জাৰ্নেলৰ মুখ্য লেখক। তেওঁ কয় যে এই সমগ্ৰ গৱেষণাৰ সময়ছোৱাত দেখা গৈছে যে এই ২৫০জন লোকৰ ভিতৰত ৫১% উচ্চ ৰক্তচাপ, ১৮% ডায়েবেটিছ ৰোগী, ৪% ধূমপায়ী। ২৮ শতাংশ ডিছলিপিডেমিক আৰু ২৬ শতাংশ হৃদৰোগৰ পাৰিবাৰিক ইতিহাস থকা লোক। এনে পৰিস্থিতিত আপুনি হৃদৰোগত আক্ৰান্ত হোৱাটো অনিবাৰ্য্য।

 ছাৰ গংগা ৰাম হাস্পতালৰ হৃদৰোগ বিভাগৰ লেখিকা তথা জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ অশ্বিনী মেহতাই কয়, ‘গৱেষণাৰ পৰা দেখা গৈছে যে ভাৰতীয় পুৰুষৰ ধমনী মহিলাতকৈ ডাঙৰ। কিন্তু অধিক পুৰুষৰ ক্ষেত্ৰতহে হাৰ্ট এটেক হয়। হৃদযন্ত্ৰৰ আকাৰ বা ধমনীৰ আকাৰ কেনেকুৱা সেইটো ডাঙৰ কথা নহয় বুলি ডাঃ অশ্বিনীয়ে কয়। ভাৰতীয়সকলৰ এথেৰ’স্কলেৰচিছৰ দৰে ৰোগ হয় কাৰণ তেওঁলোকৰ হৃদযন্ত্ৰৰ ধমনীত চৰ্বি জমা হয় আৰু এই সকলোবোৰ ভুল জীৱনশৈলীৰ বাবেই হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু