--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বক্সিঙৰ পৰা অৱসৰ গ্ৰহণ কৰিব অলিম্পিক পদকজয়ী মেৰী কমে৷ বক্সিং গ্লোভছ এৰিবলৈ সাজু হৈছে বিশ্বপ্ৰসিদ্ধ বক্সাৰগৰাকী৷ ডিব্ৰুগড়ত বক্সিং এৰাৰ কথা ঘোষণা কৰে উত্তৰ-পূবৰ বক্সাৰগৰাকীয়ে৷ বয়সৰ বাবেই বক্সিঙৰ পৰা অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মেৰী কমে৷

বুধবাৰে ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত অনুষ্ঠিত ‘তেজ‘মায়া-২’ শীৰ্ষক বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত হোৱা এটা বিহুনাচৰ অনুষ্ঠানত হেঁপাহ পলুৱাই নাচিলে বিশ্ব চেম্পিয়ন মেৰী কমে। শিক্ষানুষ্ঠানখনত উপস্থিত হোৱাৰ লগে-লগে উৎসাহিত হৈ পৰে  ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল৷ মঞ্চত মেৰী কমে নিজৰ বক্তব্য ৰখাৰ লগতে বিহু দলৰ সৈতে বিহু নাচ প্ৰদৰ্শন কৰি সকলোকে আৰ্কষিত কৰে।

আনহাতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত-বিনিময়ৰ মাজতে বাধ্যতামূলক অৱসৰ গ্ৰহণ কৰিব বিচৰা বুলি কয়। নিজৰ অভিমত প্ৰকাশ কৰি বক্সাৰ মেৰী কমে কয়, মই এতিয়াও খেলিব বিচাৰোঁ। কিন্তু বয়সৰ বাবে মোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণত বাধা আহিছে। মই বাধ্যতামূলক অৱসৰ ল’ব লাগিব। সেইবাবে মোৰ এই সিদ্ধান্তৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। 

একেটা প্ৰসংগত ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি মেৰী কমে আৰু কয়, মই মোৰ জীৱনত সকলো পাইছোঁ। পাবলগীয়া সকলো সফলতা অৰ্জন কৰিছোঁ। এগৰাকী মাতৃ হিচাপে ইয়াতকৈ আৰু সুখ কি থাকিব পাৰে। এতিয়া আপোনালোকৰ পাল। আপোনালোকেও খেলিব লাগিব। দেশ আৰু ৰাজ্যৰ বাবে সফলতা বুটলিব লাগিব। তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মানুহে কেতিয়াও অতি আত্মবিশ্বাসী হ’ব নালাগে। অৱশ্যে আত্মবিশ্বাসী থকাটো অতি জৰুৰী। 

নিজৰ জীৱনৰ প্ৰসংগত বক্সিঙৰ ৰাণী মেৰী কমে কয়, মোৰ অভিভাৱকে মোক সমৰ্থন কৰা নাছিল। তথাপি মই আগবাঢ়ি গৈছিলোঁ। কাৰণ মোৰ ওচৰত আত্মবিশ্বাস আছিল। অৱশ্যে পৰৱৰ্তী সময়ত মোক লাহে বুজি পোৱা হৈছিল। ষষ্ঠবাৰকৈ বিশ্ব চেম্পিয়ন হোৱাটো মোৰ বাবে সহজ নাছিল। তেওঁ লগতে কয়, বিশেষকৈ বিবাহৰ পাছত, মাতৃত্ব অৰ্জনৰ পাছত কঠোৰ প্ৰত্যাহ্বানৰ মাজতো বিশ্ব চেম্পিয়নৰ অভিলেখ গঢ়িছিলোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু