--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বক্সিঙৰ পৰা অৱসৰ গ্ৰহণ কৰিব অলিম্পিক পদকজয়ী মেৰী কমে৷ বক্সিং গ্লোভছ এৰিবলৈ সাজু হৈছে বিশ্বপ্ৰসিদ্ধ বক্সাৰগৰাকী৷ ডিব্ৰুগড়ত বক্সিং এৰাৰ কথা ঘোষণা কৰে উত্তৰ-পূবৰ বক্সাৰগৰাকীয়ে৷ বয়সৰ বাবেই বক্সিঙৰ পৰা অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মেৰী কমে৷

বুধবাৰে ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত অনুষ্ঠিত ‘তেজ‘মায়া-২’ শীৰ্ষক বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত হোৱা এটা বিহুনাচৰ অনুষ্ঠানত হেঁপাহ পলুৱাই নাচিলে বিশ্ব চেম্পিয়ন মেৰী কমে। শিক্ষানুষ্ঠানখনত উপস্থিত হোৱাৰ লগে-লগে উৎসাহিত হৈ পৰে  ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল৷ মঞ্চত মেৰী কমে নিজৰ বক্তব্য ৰখাৰ লগতে বিহু দলৰ সৈতে বিহু নাচ প্ৰদৰ্শন কৰি সকলোকে আৰ্কষিত কৰে।

আনহাতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত-বিনিময়ৰ মাজতে বাধ্যতামূলক অৱসৰ গ্ৰহণ কৰিব বিচৰা বুলি কয়। নিজৰ অভিমত প্ৰকাশ কৰি বক্সাৰ মেৰী কমে কয়, মই এতিয়াও খেলিব বিচাৰোঁ। কিন্তু বয়সৰ বাবে মোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণত বাধা আহিছে। মই বাধ্যতামূলক অৱসৰ ল’ব লাগিব। সেইবাবে মোৰ এই সিদ্ধান্তৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। 

একেটা প্ৰসংগত ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি মেৰী কমে আৰু কয়, মই মোৰ জীৱনত সকলো পাইছোঁ। পাবলগীয়া সকলো সফলতা অৰ্জন কৰিছোঁ। এগৰাকী মাতৃ হিচাপে ইয়াতকৈ আৰু সুখ কি থাকিব পাৰে। এতিয়া আপোনালোকৰ পাল। আপোনালোকেও খেলিব লাগিব। দেশ আৰু ৰাজ্যৰ বাবে সফলতা বুটলিব লাগিব। তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মানুহে কেতিয়াও অতি আত্মবিশ্বাসী হ’ব নালাগে। অৱশ্যে আত্মবিশ্বাসী থকাটো অতি জৰুৰী। 

নিজৰ জীৱনৰ প্ৰসংগত বক্সিঙৰ ৰাণী মেৰী কমে কয়, মোৰ অভিভাৱকে মোক সমৰ্থন কৰা নাছিল। তথাপি মই আগবাঢ়ি গৈছিলোঁ। কাৰণ মোৰ ওচৰত আত্মবিশ্বাস আছিল। অৱশ্যে পৰৱৰ্তী সময়ত মোক লাহে বুজি পোৱা হৈছিল। ষষ্ঠবাৰকৈ বিশ্ব চেম্পিয়ন হোৱাটো মোৰ বাবে সহজ নাছিল। তেওঁ লগতে কয়, বিশেষকৈ বিবাহৰ পাছত, মাতৃত্ব অৰ্জনৰ পাছত কঠোৰ প্ৰত্যাহ্বানৰ মাজতো বিশ্ব চেম্পিয়নৰ অভিলেখ গঢ়িছিলোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক