--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিধায়কৰ সংখ্যাৰ ক্ষেত্ৰত দিল্লী বিধানসভাত ক্ষমতাসীন আম আদমী পাৰ্টিৰ (আপ) 'সংখ্যাগৰিষ্ঠতা' আছে।  ইমানৰ পিছতো দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে   বিধানসভাত আস্থা ভোটৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ হঠাতে কিয় এনে প্ৰস্তাৱ উত্থাপন কৰিলে  তাকে লৈ ৰাজনৈতিক চক্ৰত জল্পনা-কল্পনা আৰম্ভ হৈছে। আস্থা ভোটৰ প্ৰস্তাৱকলৈ কাইলৈ দিল্লী বিধানসভাত আলোচনা অনুষ্ঠিত হ’ব। 

উল্লেখ্য  যোৱা মাহত  কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে তেওঁৰ দলৰ কেইবা জনো  বিধায়কক বিজেপিয়ে  "ক্ৰয়" কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক উৎকোচ আগবঢ়াইছে। কেজৰিৱালে এইবুলিও কৈছিল যে তেনেদৰে ধন আগবঢ়োৱাৰ প্ৰস্তাৱ "ৰেকৰ্ড" কৰা হৈছে। কেজৰিৱালে কৈছিল "বিজেপিয়ে আমাৰ দলৰ সাতজন বিধায়কক ক্ৰয় কৰাৰ  বাবে ২৫ কোটি টকা আগবঢ়াইছে। আনহাতে ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক ছবাৰ চমন জাৰি কৰিছে। 

পূৰ্বে তেওঁ পাঁচবাৰ চমন জাৰিৰ পিছতো ইডিৰ সন্মুখত উপস্থিত হোৱা নাছিল। । কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ন্যায়াধীশে কেজৰিৱালক ব্যক্তিগতভাৱে আদালতলৈ আহিবলৈ আৰু তেওঁ কিয় ইডিৰ চমন এৰাই চলিছে সেয়া বাখ্যা  কৰিবলৈ নিৰ্দেশ দিছিল। বুধবাৰে, ইডিয়ে পুনৰ কেজৰিৱাললৈ জাননী জাৰি কৰিছিল। কেজৰিৱালক  ১৯ ফেব্ৰুৱাৰীত ইডিৰ  সন্মুখত উপস্থিত হ'বলৈ কোৱা হৈছে। মন কৰিব লগীয়া যে ৭০ খন আসন থকা  দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ 'যাদুকৰী সংখ্যা' হৈছে ৩৬। আপৰ ৬২ জন বিধায়ক আছে। বিজেপিৰ মাত্ৰ আঠজন বিধায়ক  আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু