--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: বিদ্ৰোহী কৃষকসকলে প্ৰতিবাদৰ বাবে বাছি লোৱা দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহ দিল্লী আৰক্ষীয়ে ক্ৰমাৎ অভেদ্য দূৰ্গলৈ পৰিণত কৰিছে৷ শেহতীয়াকৈ ইণ্টাৰনেটত ব্যাপকভাৱে শ্বেয়াৰ হোৱা কেইখনমান ফটোৱে প্ৰমাণ কৰিছে যে প্ৰতিবাদী কৃষকক ভেটা দিবলৈ ইতিমধ্যে সমৰ সজ্জাৰে সজ্জিত হৈছে দিল্লীৰ আৰক্ষী-প্ৰশাসন৷ হাতত ধাতুৰ ৰড লৈ সীমন্তত পহৰা দি থকা আৰক্ষীৰ এখন ফটোক লৈ সমালোচনা হোৱাৰ পাছত দিল্লী আৰক্ষীয়ে স্থিতি স্পষ্ট কৰিছে৷

আৰু পঢ়িব পাৰিব : প’লিঅ’ ড্ৰপৰ ঠাইত খুৱালে ছেনিটাইজাৰ: মহাৰাষ্ট্ৰত ১২টি শিশু চিকিৎসাধীন

কোৱা হৈছে যে সীমান্তত ধাতুৰ ৰড লৈ কৃষকক ভেটা দিবলৈ দিল্লী আৰক্ষীয়ে কোনো আনুষ্ঠানিক আদেশ দিয়া নাই৷ দায়িত্বত নিযুক্ত আৰক্ষীৰ দলটোৱেহে নিজাকৈ সেয়া যুগুতোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষী বিভাগে৷ উত্তৰ প্ৰদেশ আৰু দিল্লীৰ সীমান্ততো আৰক্ষীয়ে গাজিপুৰ-মিৰাট ঘাইপথেৰে কৃষকসকলক দিল্লীলৈ যোৱাত বাধা দিবলৈ হালধীয়া বেৰিকেডৰ চাৰিটা স্তৰৰ মাজত কনচাৰ্টিনা তাঁৰ স্থাপন কৰিছে। দিল্লী-হাৰিয়ানা সীমাতো অধিক সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে, য'ত আৰক্ষী লোকসকলে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ সিংঘু সীমান্তৰ মুখ্য ঘাইপথৰ এটা কাষত চিমেণ্ট ৱালৰ মাজত লোৰ ৰড বান্ধি দিছে। দিল্লী-হাৰিয়ানা সীমান্তৰ ঘাইপথৰ আন এটা অংশও অস্থায়ীভাৱে নিৰ্মাণ কৰা চিমেণ্টৰ বেৰ দি অৱৰুদ্ধ কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : বালাকোট আক্ৰমণৰ পাছতে ষড়যন্ত্ৰ বৃদ্ধি পাকিস্তানৰ! লৈছে নতুন কৌশল

ইফালে দিল্লী আৰক্ষীয়ে দেওবাৰে নিশা ৰাষ্ট্ৰীয় ৰাজধানীত কৃষকসকলৰ প্ৰৱেশ প্ৰতিহত কৰিবলৈ টিকৰি সীমান্তৰ ওচৰৰ ৰাস্তাত ডাঙৰ ডাঙৰ লোৰ গজাল পোতা কাৰ্যক লৈ সমালোচনা হোৱা দেখা গৈছে। সীমান্তৰ ওচৰৰ ৰাস্তাটো প্ৰথমতে খনন কৰা হয় আৰু তাৰ পাছত বৃহৎ গজালবোৰ ইয়াত প্লাষ্টাৰ কৰি স্থাপন কৰা হয়। দিল্লীত গণতন্ত্ৰ দিৱসৰ দৰে ঘটনা প্ৰতিহত কৰিবলৈ আৰু কৃষকৰ ট্ৰেক্টৰবোৰ ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰাত বাধা দিবলৈ এই পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে। ইফালে টুইটাৰযোগে আৰক্ষীৰ বেৰিকেডৰ কেইবাখনো ফটো শ্বেয়াৰ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চৰকাৰক 'বেৰৰ পৰিৱৰ্তে সেতু' নিৰ্মাণ কৰিবলৈ শাসনাধিস্থিত চৰকাৰখনক আহ্বান জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ