--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: বিদ্ৰোহী কৃষকসকলে প্ৰতিবাদৰ বাবে বাছি লোৱা দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহ দিল্লী আৰক্ষীয়ে ক্ৰমাৎ অভেদ্য দূৰ্গলৈ পৰিণত কৰিছে৷ শেহতীয়াকৈ ইণ্টাৰনেটত ব্যাপকভাৱে শ্বেয়াৰ হোৱা কেইখনমান ফটোৱে প্ৰমাণ কৰিছে যে প্ৰতিবাদী কৃষকক ভেটা দিবলৈ ইতিমধ্যে সমৰ সজ্জাৰে সজ্জিত হৈছে দিল্লীৰ আৰক্ষী-প্ৰশাসন৷ হাতত ধাতুৰ ৰড লৈ সীমন্তত পহৰা দি থকা আৰক্ষীৰ এখন ফটোক লৈ সমালোচনা হোৱাৰ পাছত দিল্লী আৰক্ষীয়ে স্থিতি স্পষ্ট কৰিছে৷

আৰু পঢ়িব পাৰিব : প’লিঅ’ ড্ৰপৰ ঠাইত খুৱালে ছেনিটাইজাৰ: মহাৰাষ্ট্ৰত ১২টি শিশু চিকিৎসাধীন

কোৱা হৈছে যে সীমান্তত ধাতুৰ ৰড লৈ কৃষকক ভেটা দিবলৈ দিল্লী আৰক্ষীয়ে কোনো আনুষ্ঠানিক আদেশ দিয়া নাই৷ দায়িত্বত নিযুক্ত আৰক্ষীৰ দলটোৱেহে নিজাকৈ সেয়া যুগুতোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষী বিভাগে৷ উত্তৰ প্ৰদেশ আৰু দিল্লীৰ সীমান্ততো আৰক্ষীয়ে গাজিপুৰ-মিৰাট ঘাইপথেৰে কৃষকসকলক দিল্লীলৈ যোৱাত বাধা দিবলৈ হালধীয়া বেৰিকেডৰ চাৰিটা স্তৰৰ মাজত কনচাৰ্টিনা তাঁৰ স্থাপন কৰিছে। দিল্লী-হাৰিয়ানা সীমাতো অধিক সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে, য'ত আৰক্ষী লোকসকলে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ সিংঘু সীমান্তৰ মুখ্য ঘাইপথৰ এটা কাষত চিমেণ্ট ৱালৰ মাজত লোৰ ৰড বান্ধি দিছে। দিল্লী-হাৰিয়ানা সীমান্তৰ ঘাইপথৰ আন এটা অংশও অস্থায়ীভাৱে নিৰ্মাণ কৰা চিমেণ্টৰ বেৰ দি অৱৰুদ্ধ কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : বালাকোট আক্ৰমণৰ পাছতে ষড়যন্ত্ৰ বৃদ্ধি পাকিস্তানৰ! লৈছে নতুন কৌশল

ইফালে দিল্লী আৰক্ষীয়ে দেওবাৰে নিশা ৰাষ্ট্ৰীয় ৰাজধানীত কৃষকসকলৰ প্ৰৱেশ প্ৰতিহত কৰিবলৈ টিকৰি সীমান্তৰ ওচৰৰ ৰাস্তাত ডাঙৰ ডাঙৰ লোৰ গজাল পোতা কাৰ্যক লৈ সমালোচনা হোৱা দেখা গৈছে। সীমান্তৰ ওচৰৰ ৰাস্তাটো প্ৰথমতে খনন কৰা হয় আৰু তাৰ পাছত বৃহৎ গজালবোৰ ইয়াত প্লাষ্টাৰ কৰি স্থাপন কৰা হয়। দিল্লীত গণতন্ত্ৰ দিৱসৰ দৰে ঘটনা প্ৰতিহত কৰিবলৈ আৰু কৃষকৰ ট্ৰেক্টৰবোৰ ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰাত বাধা দিবলৈ এই পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে। ইফালে টুইটাৰযোগে আৰক্ষীৰ বেৰিকেডৰ কেইবাখনো ফটো শ্বেয়াৰ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চৰকাৰক 'বেৰৰ পৰিৱৰ্তে সেতু' নিৰ্মাণ কৰিবলৈ শাসনাধিস্থিত চৰকাৰখনক আহ্বান জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু