--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীত  : নতুন দিল্লীত সপ্তাহান্তিক সান্ধ্য আইন ঘোষণা কৰে কেজৰীৱাল চৰকাৰে৷ কেৱল জৰুৰী সেৱা খোলা থাকিব দেশৰ ৰাজধানীখনত৷ শ্বপিং মল, প্ৰেক্ষাগৃহ, চুইমিং পুল, জিম বন্ধ থাকিব। ৩০% উপস্থিতিৰে খুলিব পাৰিব চিনেমা হ'ল৷ সাপ্তাহিক বজাৰ এটা জ'নত এখনহে খোলা থাকিব। সামাজিক দূৰত্বত বিশেষ গুৰুত্ব দিৱ লাগিব প্ৰশাসনে৷ ৰেস্তোৰাঁত বহি খোৱা নিষেধ। কেৱল ঘৰত ডেলিভাৰী দিব পাৰিব। এই ঘোষণা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালৰ৷  ক’ভিডৰ দ্বিতীয় ঢৌৱে কালৰূপ ধাৰণ কৰিছে দেশত। 

আৰু পঢ়িব পাৰিব :ভাৰতত কৰ’নাৰ নতুন অভিলেখ: প্ৰথমবাৰৰ বাবে দেশত এদিনতে আক্ৰান্ত হয় ২ লাখ লোক

কেইবাখনো ৰাজ্যত দৈনিক হোৰাহোৰে বাঢ়িছে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা। ফলত চিকিত্সালয়ত নাটনি হৈছে বিছনাৰ। শ্মশান আৰু কবৰ স্থানত সত্কাৰৰ বাবে ঠাইৰ অভাৱ।মধ্য প্ৰদেশৰ ভূপালৰ শ্মশানত যি অৱস্থা হৈছে সেই একেই অৱস্থা হৈছে দিল্লীতো। দিল্লীৰ শ্মশানত সৎকাৰৰ বাবে মৃতকৰ আত্মীয়ৰ দীঘলীয়া শাৰীৰ ভিডিঅ’ ভাইৰেল। দিল্লীত দৈনিক মৃত্যুৰ সংখ্যা বৃদ্ধিৰ বাবেই অৱস্থা। হাস্পতালত অভাৱ হৈছে ICU, ভেণ্টিলেটৰৰ। ৰাজধানী চহৰখনৰ হাস্পতালত ৮৫ শতাংশ ICU ভৰি আছে ৰোগীৰে। ফলত ৰাজ্যখনত অস্থায়ী ক’ভিড হাস্পতাল নিৰ্মাণ কৰা হৈছে।২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১৭ হাজাৰ ২৮২ জন। আনহাতে মৃত্যু হৈছে ১০৪ জনৰ। 

আৰু পঢ়িব পাৰিব :আজি পহিলা ব’হাগ: নতুন বছৰৰ আৰম্ভণীতে পূজা কৰা হয় গনেশৰ

পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত বন্ধ কৰি দিয়া হৈছে মল, জীম, স্পা, থিয়েটাৰ। চিনেমা হ'লত ৩০ শতাংশৰ উপস্থিতি বান্ধি দিয়া হৈছে। ৰেস্তোৰাঁত বহি খোৱাৰ ব্যৱস্থাও বন্ধ কৰি দিয়া হৈছে। অৱশ্যে খাদ্য সামগ্ৰীৰ হোম ডেলিভাৰীৰ অনুমতি দিছে প্ৰশাসনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু