--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীত  : নতুন দিল্লীত সপ্তাহান্তিক সান্ধ্য আইন ঘোষণা কৰে কেজৰীৱাল চৰকাৰে৷ কেৱল জৰুৰী সেৱা খোলা থাকিব দেশৰ ৰাজধানীখনত৷ শ্বপিং মল, প্ৰেক্ষাগৃহ, চুইমিং পুল, জিম বন্ধ থাকিব। ৩০% উপস্থিতিৰে খুলিব পাৰিব চিনেমা হ'ল৷ সাপ্তাহিক বজাৰ এটা জ'নত এখনহে খোলা থাকিব। সামাজিক দূৰত্বত বিশেষ গুৰুত্ব দিৱ লাগিব প্ৰশাসনে৷ ৰেস্তোৰাঁত বহি খোৱা নিষেধ। কেৱল ঘৰত ডেলিভাৰী দিব পাৰিব। এই ঘোষণা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালৰ৷  ক’ভিডৰ দ্বিতীয় ঢৌৱে কালৰূপ ধাৰণ কৰিছে দেশত। 

আৰু পঢ়িব পাৰিব :ভাৰতত কৰ’নাৰ নতুন অভিলেখ: প্ৰথমবাৰৰ বাবে দেশত এদিনতে আক্ৰান্ত হয় ২ লাখ লোক

কেইবাখনো ৰাজ্যত দৈনিক হোৰাহোৰে বাঢ়িছে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা। ফলত চিকিত্সালয়ত নাটনি হৈছে বিছনাৰ। শ্মশান আৰু কবৰ স্থানত সত্কাৰৰ বাবে ঠাইৰ অভাৱ।মধ্য প্ৰদেশৰ ভূপালৰ শ্মশানত যি অৱস্থা হৈছে সেই একেই অৱস্থা হৈছে দিল্লীতো। দিল্লীৰ শ্মশানত সৎকাৰৰ বাবে মৃতকৰ আত্মীয়ৰ দীঘলীয়া শাৰীৰ ভিডিঅ’ ভাইৰেল। দিল্লীত দৈনিক মৃত্যুৰ সংখ্যা বৃদ্ধিৰ বাবেই অৱস্থা। হাস্পতালত অভাৱ হৈছে ICU, ভেণ্টিলেটৰৰ। ৰাজধানী চহৰখনৰ হাস্পতালত ৮৫ শতাংশ ICU ভৰি আছে ৰোগীৰে। ফলত ৰাজ্যখনত অস্থায়ী ক’ভিড হাস্পতাল নিৰ্মাণ কৰা হৈছে।২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১৭ হাজাৰ ২৮২ জন। আনহাতে মৃত্যু হৈছে ১০৪ জনৰ। 

আৰু পঢ়িব পাৰিব :আজি পহিলা ব’হাগ: নতুন বছৰৰ আৰম্ভণীতে পূজা কৰা হয় গনেশৰ

পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত বন্ধ কৰি দিয়া হৈছে মল, জীম, স্পা, থিয়েটাৰ। চিনেমা হ'লত ৩০ শতাংশৰ উপস্থিতি বান্ধি দিয়া হৈছে। ৰেস্তোৰাঁত বহি খোৱাৰ ব্যৱস্থাও বন্ধ কৰি দিয়া হৈছে। অৱশ্যে খাদ্য সামগ্ৰীৰ হোম ডেলিভাৰীৰ অনুমতি দিছে প্ৰশাসনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ