--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিমখ, চেনি আৰু তেল দৈনন্দিন খাদ্যত ব্যৱহাৰ কৰা প্ৰয়োজনীয় সামগ্ৰী। সুস্থ হৈ থাকিবলৈ খাদ্যত উপযুক্ত পৰিমাণৰ নিমখ, চেনি আৰু তেল খোৱাটো অত্যন্ত প্ৰয়োজনীয়। কিন্তু মানুহে নাজানে যে এদিনত কিমান পৰিমাণৰ চেনি, নিমখ, তেল খাব লাগে। উল্লেখযোগ্য যে এই তিনিটা বস্তুৱেই বহুতো ৰোগৰ মূল।

বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত সকলো দেশক সতৰ্ক কৰি দিছে। ইয়াৰ বাবেই বহু দেশে নিমখ, চেনি আৰু তেলৰ পৰিমাণৰ বাবে বজাৰত বিক্ৰী হোৱা সামগ্ৰীসমূহ নিষিদ্ধ কৰিছে। কিন্তু ভাৰতত এতিয়াও এনে বহুতো খাদ্য সামগ্ৰী আছে য’ত চেনি আৰু নিমখৰ পৰিমাণ অতি বেছি। এই খাদ্য সমূহ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।

১ দিনত কিমান নিমখ, চেনি আৰু তেল খাব লাগে

অত্যধিক নিমখ, চেনি আৰু তেলে স্বাস্থ্য বিনষ্ট কৰি আছে। যদি আপুনি অত্যধিক পৰিমাণৰ নিমখ, তেল বা চেনি ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ পৰা বহু ধৰণৰ ৰোগৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত হৃদযন্ত্ৰ, বৃক্ক, ডায়েবেটিছ আদি ৰোগৰ কৱলত পৰিব পাৰে পৰিবৰ্তনশীল জীৱনশৈলী, খাদ্যাভ্যাস আৰু ব্যায়ামৰ অভাৱৰ বাবে এই সমস্যাবোৰ বাঢ়িছে। যদি খাদ্যত নিমখ, তেল, চেনিৰ পৰিমাণ কমাই দিয়ে, তেন্তে ই মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগ দূৰ কৰিব পাৰে।

WHO ৰ মতে আমি এদিনত ৫ গ্ৰামতকৈ অধিক নিমখ সেৱন কৰা উচিত নহয়।  আনহাতে এদিনত ৬-৮ চামুচ চেনি আৰু ৪ চামুচতকৈ বেছি তেল খাব নালাগে। কিন্তু ভাৰতত সকলো মানুহে এইবোৰ বস্তু এই পৰিমাণত সেৱন নকৰে।

আমি সকলোৱে জানো যে বজাৰত পোৱা বিভিন্ন খাদ্য সামগ্ৰীসমূহৰ অধিকাংশতে নিমখ থাকে। ইয়াৰ উপৰিও নুডলছ, চচ আৰু পেকেট চুপ আদিও অস্বাস্থ্যকৰ। আচলতে ছডিয়ামৰ মাত্ৰা বেছি হোৱাৰ ফলত ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ