--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানি প্লাণ্ট ৰোপণ কৰিলে ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয়। বাস্তুশাস্ত্ৰত মানি প্লাণ্ট ৰখাৰ বাবে কিছুমান বিশেষ নিয়ম দিয়া হৈছে, যিবোৰ মানি চলাটো অতি জৰুৰী। বেছিভাগ লোকৰ ঘৰতে মানি প্লাণ্ট থকা দেখা যায়। আৰ্থিক অৱস্থা টনকিয়ালৰ বাবে ঘৰত মানি প্লাণ্ট ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। মানি প্লাণ্ট থকা ঘৰত মালক্ষ্মীৰ আশীৰ্বাদ সদায় পৰে বুলি বিশ্বাস কৰা হয়।

 বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্ট ৰোপণৰ বাবে কিছুমান বিশেষ নিয়ম আছে। যদি এই নিয়মবোৰ মানি চলা নহয়, তেন্তে সুবিধাৰ সলনি ইয়াৰ অসুবিধাবোৰ ঘৰত দেখা যায়। মানি প্লাণ্ট ৰোপণ কৰাৰ সময়ত কি কি কথা মানি চলিব লাগে জানো আহক।

 ১. মানি প্লাণ্ট কেতিয়াও উত্তৰ-পূব দিশত ৰোপণ কৰিব নালাগে। এনে কৰিলে ঘৰৰ সদস্যসকলে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

২. মানি প্লাণ্ট সদায় দক্ষিণ-পূব দিশত ৰুব লাগে। এই দিশটোক ভগৱান গণেশৰ দিশ বুলি ধৰা হয়। এই দিশত মানি প্লাণ্ট ৰোপণ কৰিলে ঘৰত আৰ্থিক অৱস্থা টনকিয়াল হোৱাৰ লগতে সুখ-সমৃদ্ধিৰ বৃদ্ধি হয়।

৩.  বাস্তুৰ মতে মানি প্লাণ্টজোপা বাঢ়ি যোৱাৰ লগে লগে ব্যক্তিজনৰো একেদৰেই উন্নতি হ’বলৈ আৰম্ভ কৰে। মনত ৰাখিব যে মানি প্লাণ্ট গছে কেতিয়াও মাটি স্পৰ্শ কৰিব নালাগে।

৪. মানি প্লাণ্ট কেতিয়াও শুকাই যাবলৈ নিদিব। ইয়াৰ পাত শুকাই গ’লে বা হালধীয়া হ’লে তৎক্ষণাত আঁতৰাই পেলাব লাগে। নহ’লে ঘৰলৈ দুৰ্ভাগ্য কঢ়িয়াই আনে বুলি কোৱা হয়।

৫. মানি প্লাণ্ট কেতিয়াও ঘৰৰ বাহিৰত ৰোপণ কৰিব নালাগে। কোৱা হয় যে মানি প্লাণ্টৰ বিকাশ বন্ধ হৈ যায় যেতিয়া কোনো বাহিৰৰ মানুহ দেখা পায়। ই ঘৰৰ সদস্যসকলৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলায়। এই গছজোপা সদায় ঘৰৰ ভিতৰত ৰোপণ কৰিব লাগে।

৬. বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্ট কেতিয়াও উপহাৰ হিচাপে দিব নালাগে। কাৰণ ইয়াৰ ফলত শুক্ৰ গ্ৰহত প্ৰভাৱ পৰে আৰু ব্যক্তিজনে আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু