--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানি প্লাণ্ট ৰোপণ কৰিলে ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয়। বাস্তুশাস্ত্ৰত মানি প্লাণ্ট ৰখাৰ বাবে কিছুমান বিশেষ নিয়ম দিয়া হৈছে, যিবোৰ মানি চলাটো অতি জৰুৰী। বেছিভাগ লোকৰ ঘৰতে মানি প্লাণ্ট থকা দেখা যায়। আৰ্থিক অৱস্থা টনকিয়ালৰ বাবে ঘৰত মানি প্লাণ্ট ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। মানি প্লাণ্ট থকা ঘৰত মালক্ষ্মীৰ আশীৰ্বাদ সদায় পৰে বুলি বিশ্বাস কৰা হয়।

 বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্ট ৰোপণৰ বাবে কিছুমান বিশেষ নিয়ম আছে। যদি এই নিয়মবোৰ মানি চলা নহয়, তেন্তে সুবিধাৰ সলনি ইয়াৰ অসুবিধাবোৰ ঘৰত দেখা যায়। মানি প্লাণ্ট ৰোপণ কৰাৰ সময়ত কি কি কথা মানি চলিব লাগে জানো আহক।

 ১. মানি প্লাণ্ট কেতিয়াও উত্তৰ-পূব দিশত ৰোপণ কৰিব নালাগে। এনে কৰিলে ঘৰৰ সদস্যসকলে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

২. মানি প্লাণ্ট সদায় দক্ষিণ-পূব দিশত ৰুব লাগে। এই দিশটোক ভগৱান গণেশৰ দিশ বুলি ধৰা হয়। এই দিশত মানি প্লাণ্ট ৰোপণ কৰিলে ঘৰত আৰ্থিক অৱস্থা টনকিয়াল হোৱাৰ লগতে সুখ-সমৃদ্ধিৰ বৃদ্ধি হয়।

৩.  বাস্তুৰ মতে মানি প্লাণ্টজোপা বাঢ়ি যোৱাৰ লগে লগে ব্যক্তিজনৰো একেদৰেই উন্নতি হ’বলৈ আৰম্ভ কৰে। মনত ৰাখিব যে মানি প্লাণ্ট গছে কেতিয়াও মাটি স্পৰ্শ কৰিব নালাগে।

৪. মানি প্লাণ্ট কেতিয়াও শুকাই যাবলৈ নিদিব। ইয়াৰ পাত শুকাই গ’লে বা হালধীয়া হ’লে তৎক্ষণাত আঁতৰাই পেলাব লাগে। নহ’লে ঘৰলৈ দুৰ্ভাগ্য কঢ়িয়াই আনে বুলি কোৱা হয়।

৫. মানি প্লাণ্ট কেতিয়াও ঘৰৰ বাহিৰত ৰোপণ কৰিব নালাগে। কোৱা হয় যে মানি প্লাণ্টৰ বিকাশ বন্ধ হৈ যায় যেতিয়া কোনো বাহিৰৰ মানুহ দেখা পায়। ই ঘৰৰ সদস্যসকলৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলায়। এই গছজোপা সদায় ঘৰৰ ভিতৰত ৰোপণ কৰিব লাগে।

৬. বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্ট কেতিয়াও উপহাৰ হিচাপে দিব নালাগে। কাৰণ ইয়াৰ ফলত শুক্ৰ গ্ৰহত প্ৰভাৱ পৰে আৰু ব্যক্তিজনে আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ