--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দীপাৱলী বছৰৰ এনে এক সময় য'ত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে একত্ৰিত হৈ উদযাপন কৰে। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে।

ডিজিটেল ডেস্কঃ আজি পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীক দেৱালী, দ্বীপান্বিতা আৰু দীপোৎসৱ বুলিও জনা যায়। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত এই উৎসৱ পালন কৰা হয়।এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই "অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়"ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়।


দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়।


দীপাৱলী বছৰৰ এনে এক সময় য'ত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে একত্ৰিত হৈ উদযাপন কৰে। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। উত্তৰ ভাৰতত কেইদিনা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতত কালী পূজা অনুষ্ঠিত হয়।



আজি কালী পূজাও অনুষ্ঠিত কৰা হ'ব। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ ভাৰতৰ পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ওড়িশা, বিহাৰৰ মিথিলা অঞ্চল আৰু মহাৰাষ্ট্ৰৰ তিতৱালা চহৰ আৰু বাংলাদেশত পালন কৰা হয়।


পৌৰাণিক কাহিনী অনুসৰি, যেতিয়া ৰাক্ষসবোৰৰ সৈতে মা কালীৰ বিজয় নিশ্চিত হৈছিল, তেতিয়া তেওঁ ইমান খঙত নাচিছিল যে পৃথিৱীখন তেওঁৰ তলত কঁপি উঠিছিল। দেৱতাৰ অনুৰোধত শিৱই তেওঁক ৰখাবলৈ তেওঁৰ সন্মুখত শুই দিছিল। যেতিয়া তেওঁ দুৰ্ঘটনাক্ৰমে তেওঁৰ ওপৰত ভৰি দিছিল, তেতিয়া তেওঁৰ ভুল অনুভৱ কৰি জিভা খন বাহিৰ কৰি শান্ত হৈছিল।


শাক্তধৰ্মৰ কালীকুল সম্প্ৰদায়ৰ মতে সৰ্বোচ্চ মহাজাগতিক দেৱী মহাকালী পৃথিৱীত অশুভ শক্তিৰ বিনাশৰ বাবে ১০টা ৰূপত আৱিৰ্ভাৱ হৈছিল। এই দহটা ৰূপক একেলগে দশ মহাবিদ্যা নামে জনাজাত। প্ৰত্যেক মহাবিদ্যা ১২ মাহৰ হিন্দু দিনপঞ্জী-মতে অৱতাৰৰ তিথি আছে। এই দশ মহাবিদ্যাৰ ভিতৰত শেষ-দেৱী হৈছে কমলতমিকা বা কমলা। তেওঁৰ অৱতাৰৰ দিন কমলাতমিকা জয়ন্তী হিচাপে দেৱালীৰ দিনা পালন কৰা হয়। তেওঁক 'তান্ত্ৰিক লক্ষ্মী' হিচাপেও জনা যায়। ভাৰতীয় উপমহাদেশৰ বাকী অংশত এই দিন দেৱতা শ্ৰীৰাম বা শ্ৰীকৃষ্ণৰ সৈতে যুক্ত। যিহেতু উভয়ে বৈষ্ণৱধৰ্মৰ কেন্দ্ৰীয় দেৱতা অধিকাংশ ভাৰতীয়ই দেৱালীক বৈষ্ণৱ উৎসৱ হিচাপে উদযাপন কৰে আৰু ভগৱান মহাবিষ্ণুৰ সংগী দেৱী লক্ষ্মীৰ পূজা কৰে।


পূব আৰু উত্তৰ-পূব ভাৰতত কালীকুল শাক্ত বিশ্বাস প্ৰভাৱশআজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা; কি তাৎপৰ্য এই দিনটোৰ?


ডিজিটেল ডেস্কঃ আজি পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীক দেৱালী, দ্বীপান্বিতা আৰু দীপোৎসৱ বুলিও জনা যায়। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত এই উৎসৱ পালন কৰা হয়।এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই "অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়"ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়।দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়।


দীপাৱলী বছৰৰ এনে এক সময় য'ত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে একত্ৰিত হৈ উদযাপন কৰে। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। উত্তৰ ভাৰতত কেইদিনা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতত কালী পূজা অনুষ্ঠিত হয়।



আজি কালী পূজাও অনুষ্ঠিত কৰা হ'ব। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ ভাৰতৰ পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ওড়িশা, বিহাৰৰ মিথিলা অঞ্চল আৰু মহাৰাষ্ট্ৰৰ তিতৱালা চহৰ আৰু বাংলাদেশত পালন কৰা হয়।


পৌৰাণিক কাহিনী অনুসৰি, যেতিয়া ৰাক্ষসবোৰৰ সৈতে মা কালীৰ বিজয় নিশ্চিত হৈছিল, তেতিয়া তেওঁ ইমান খঙত নাচিছিল যে পৃথিৱীখন তেওঁৰ তলত কঁপি উঠিছিল। দেৱতাৰ অনুৰোধত শিৱই তেওঁক ৰখাবলৈ তেওঁৰ সন্মুখত শুই দিছিল। যেতিয়া তেওঁ দুৰ্ঘটনাক্ৰমে তেওঁৰ ওপৰত ভৰি দিছিল, তেতিয়া তেওঁৰ ভুল অনুভৱ কৰি জিভা খন বাহিৰ কৰি শান্ত হৈছিল।


শাক্তধৰ্মৰ কালীকুল সম্প্ৰদায়ৰ মতে সৰ্বোচ্চ মহাজাগতিক দেৱী মহাকালী পৃথিৱীত অশুভ শক্তিৰ বিনাশৰ বাবে ১০টা ৰূপত আৱিৰ্ভাৱ হৈছিল। এই দহটা ৰূপক একেলগে দশ মহাবিদ্যা নামে জনাজাত। প্ৰত্যেক মহাবিদ্যা ১২ মাহৰ হিন্দু দিনপঞ্জী-মতে অৱতাৰৰ তিথি আছে। এই দশ মহাবিদ্যাৰ ভিতৰত শেষ-দেৱী হৈছে কমলতমিকা বা কমলা। তেওঁৰ অৱতাৰৰ দিন কমলাতমিকা জয়ন্তী হিচাপে দেৱালীৰ দিনা পালন কৰা হয়। তেওঁক 'তান্ত্ৰিক লক্ষ্মী' হিচাপেও জনা যায়। ভাৰতীয় উপমহাদেশৰ বাকী অংশত এই দিন দেৱতা শ্ৰীৰাম বা শ্ৰীকৃষ্ণৰ সৈতে যুক্ত। যিহেতু উভয়ে বৈষ্ণৱধৰ্মৰ কেন্দ্ৰীয় দেৱতা অধিকাংশ ভাৰতীয়ই দেৱালীক বৈষ্ণৱ উৎসৱ হিচাপে উদযাপন কৰে আৰু ভগৱান মহাবিষ্ণুৰ সংগী দেৱী লক্ষ্মীৰ পূজা কৰে।


পূব আৰু উত্তৰ-পূব ভাৰতত কালীকুল শাক্ত বিশ্বাস প্ৰভাৱশালী।ালী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু