--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : দেশত পুনৰ সংঘটিত হৈছে দলিত নিৰ্যাতনৰ ঘটনা। অৱধাৰিতভাৱেই এই ঘটনাৰ স্থান উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাত জিলাত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ দেশতে জোকাৰণি তুলিছে। এই অবাঞ্চিত ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত দেখা গৈছে যে একাংশ লোকে অতি নিৰ্মভাৱে এজন যুৱকক মাটিত বগৰাই লৈ প্ৰহাৰ কৰিছে।

চৰ, ঘোচা, লাঠী, গোৰ সোধাই নিৰ্যাতন চলোৱা হৈছে যুৱকজনক। ২০ বছৰীয়া যুৱকজন এই আক্ৰমণৰ ফলত গুৰুতভাৱে আঘাতপ্ৰাপ্ত হয়। আনকি তেওঁৰ নিম্ন অংশত লাঠীৰে খুঁচি দিয়াৰ দৃশ্যও কেমেৰাত বন্দী হৈছে। যুৱকজনৰ অপৰাধ এটাই, সেয়া হৈছে তেওঁ আছিল ‘চমাৰ’ সম্প্ৰদায়ৰ লোক। ভিডিঅ’টোত দেখা গৈছে যে, নিৰ্যাতনকাৰীৰ মাজৰ এজনে তেওঁক প্ৰথমে তেওঁৰ জাতিৰ বিষয়ে প্ৰশ্ন কৰে আৰু তেওঁ নিজৰ জাতৰ বিষয়ে প্ৰকাশ কৰাৰ লগে লগে তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন আৰম্ভ কৰে।

ঘটনাটো দুদিনৰ পূৰ্বেই সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই ঘটনাত জড়িত এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আন দুজনক চিনাক্ত কৰি বিচাৰি আছে। নিৰ্যাতিত লোকজনক কানপুৰৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ