--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : সন্ত্ৰাসবাদীক সহায় কৰি চাকৰি হেৰুৱালে জম্মু-কাশ্মীৰৰ ১১জনকৈ চৰকাৰী কৰ্মচাৰীয়ে। জম্মু-কাশ্মীৰ প্ৰশাসনে এই ১১জন লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। এই ১১জন লোকৰ ভিতৰত মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ছৈয়দ ছাহাবুদ্দিনৰ দুজন পুত্ৰও আছে। সন্ত্ৰাসবাদীক তথ্য যোগান ধৰা তথা লজিষ্টিক ছাপৰ্ট যোগান ধৰাৰ অভিযোগত তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

এগৰাকী শীৰ্ষ চৰকাৰী বিষয়াই প্ৰকাশ কৰে যে, ছৈয়দ আহমেদ ছাকিল আৰু শ্বাহিদ ইউছুফ নামৰ সন্ত্ৰাসবাদী ছৈয়দ ছাহাবুদ্দিনৰ দুজন পুত্ৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তেওঁলোকে সন্ত্ৰাসবাদীক ধন যোগান ধৰিছিল বুলি তেওঁ প্ৰকাশ কৰে। হিজবুল মুজাহিদীনক হাৱালাৰ জৰিয়তে তেওঁলোকে ধনৰ যোগান ধৰা বুলি নিয়াই ধৰা পেলাইছিল। তেওঁলোক সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে ধন সংগ্ৰহ, গ্ৰহণ, সৰবৰাহ কৰাৰ দৰে দেশবিৰোধী কামত জড়িত আছিল। এই তথ্য পোহৰলৈ অহাৰ পাছতে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। মুঠ ১১জন লোকৰ ভিতৰত চাৰিজন জম্মু-কাশ্মীৰৰ শিক্ষা বিভাগৰ কৰ্মচাৰী আছিল। আন দুজন আৰক্ষী বিভাগত কৰ্মৰত হৈ আছিল। এজন স্বাস্থ্য বিভাগত আৰু আন কেইজন আন বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ