--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শৰীৰটো ফিট আৰু সুস্থ কৰি ৰাখিবলৈ ভাল খাদ্য আৰু জীৱনশৈলী অতি প্ৰয়োজনীয়। বহুতে পুৱা কল আৰু গাখীৰ সেৱন কৰে। সকলো গাখীৰৰ সামগ্ৰী স্বাস্থ্যৰ বাবে অতি উপকাৰী। একে সময়তে যদি আপুনি দৈৰ সৈতে কল খায় তেন্তে ইয়াৰ উপকাৰ দুগুণ হয়। আজি আমি আপোনালোকক ক'ম দৈৰ সৈতে কল খোৱাৰ উপকাৰিতাৰ বিষয়ে। 

১) কোষ্ঠকাঠিন্যত সহায়ক- যদি আপুনি কোষ্ঠকাঠিন্যৰ দ্বাৰা অসুবিধা পায় তেন্তে আপুনি দৈ আৰু কল সেৱন কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে পেটৰ লগত জড়িত ৰোগ নিৰাময়ত সহায় কৰে।

২) ওজন কমোৱাত সহায় কৰে- যদি আপুনি ওজন বৃদ্ধিৰ বাবে অশান্তি পাইছে, তেন্তে দৈ আৰু কলে আপোনাক সকাহ দিব। দৈৰ সৈতে কল খালে পেট ভৰি থাকে আৰু বেছি সময়লৈ ভোক অনুভৱ নকৰে। যিয়ে ওজন কমোৱাত সহায় কৰে।

৩) তৎক্ষণাত শক্তি- পুৱা কল আৰু দৈ খালে গোটেই দিনটো শৰীৰত শক্তি বৰ্তি থাকে। দৈ আৰু কলক কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু আইৰণৰ ভাল উৎস বুলি গণ্য কৰা হয়, যিয়ে শৰীৰৰ পৰা এলাহ দূৰ কৰে আৰু শক্তি বজাই ৰাখে।

৪) হাড়বোৰ মজবুত হৈ পৰে- দৈ আৰু কলক কেলচিয়াম আৰু প্ৰটিনৰ উত্তম উৎস বুলি গণ্য কৰা হয়। এই পুষ্টিকৰ উপাদানসমূহে হাড় মজবুত কৰাত সহায় কৰে। ৰাতিপুৱা দৈ আৰু কল খালে হাড়ৰ লগত জড়িত ৰোগবোৰো আৰোগ্য হয়।

 ৫) অন্ত্ৰত ভাল বেক্টেৰিয়া বৃদ্ধি কৰে- অন্ত্ৰত ভাল বেক্টেৰিয়া থাকিলে পাচনতন্ত্ৰৰ লগতে মানসিক অৱস্থাও ভাল অৱস্থাত থাকে। কলত প্ৰিবায়টিক ফাইবাৰ থাকে আৰু দৈত প্ৰ’বায়’টিক থাকে যিয়ে ভাল বেক্টেৰিয়া বৃদ্ধি কৰাত সহায় কৰে। এই দুটা সেৱন কৰিলে পেট আৰু মানসিক অৱস্থা সুস্থ হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু