--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শৰীৰটো ফিট আৰু সুস্থ কৰি ৰাখিবলৈ ভাল খাদ্য আৰু জীৱনশৈলী অতি প্ৰয়োজনীয়। বহুতে পুৱা কল আৰু গাখীৰ সেৱন কৰে। সকলো গাখীৰৰ সামগ্ৰী স্বাস্থ্যৰ বাবে অতি উপকাৰী। একে সময়তে যদি আপুনি দৈৰ সৈতে কল খায় তেন্তে ইয়াৰ উপকাৰ দুগুণ হয়। আজি আমি আপোনালোকক ক'ম দৈৰ সৈতে কল খোৱাৰ উপকাৰিতাৰ বিষয়ে। 

১) কোষ্ঠকাঠিন্যত সহায়ক- যদি আপুনি কোষ্ঠকাঠিন্যৰ দ্বাৰা অসুবিধা পায় তেন্তে আপুনি দৈ আৰু কল সেৱন কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে পেটৰ লগত জড়িত ৰোগ নিৰাময়ত সহায় কৰে।

২) ওজন কমোৱাত সহায় কৰে- যদি আপুনি ওজন বৃদ্ধিৰ বাবে অশান্তি পাইছে, তেন্তে দৈ আৰু কলে আপোনাক সকাহ দিব। দৈৰ সৈতে কল খালে পেট ভৰি থাকে আৰু বেছি সময়লৈ ভোক অনুভৱ নকৰে। যিয়ে ওজন কমোৱাত সহায় কৰে।

৩) তৎক্ষণাত শক্তি- পুৱা কল আৰু দৈ খালে গোটেই দিনটো শৰীৰত শক্তি বৰ্তি থাকে। দৈ আৰু কলক কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু আইৰণৰ ভাল উৎস বুলি গণ্য কৰা হয়, যিয়ে শৰীৰৰ পৰা এলাহ দূৰ কৰে আৰু শক্তি বজাই ৰাখে।

৪) হাড়বোৰ মজবুত হৈ পৰে- দৈ আৰু কলক কেলচিয়াম আৰু প্ৰটিনৰ উত্তম উৎস বুলি গণ্য কৰা হয়। এই পুষ্টিকৰ উপাদানসমূহে হাড় মজবুত কৰাত সহায় কৰে। ৰাতিপুৱা দৈ আৰু কল খালে হাড়ৰ লগত জড়িত ৰোগবোৰো আৰোগ্য হয়।

 ৫) অন্ত্ৰত ভাল বেক্টেৰিয়া বৃদ্ধি কৰে- অন্ত্ৰত ভাল বেক্টেৰিয়া থাকিলে পাচনতন্ত্ৰৰ লগতে মানসিক অৱস্থাও ভাল অৱস্থাত থাকে। কলত প্ৰিবায়টিক ফাইবাৰ থাকে আৰু দৈত প্ৰ’বায়’টিক থাকে যিয়ে ভাল বেক্টেৰিয়া বৃদ্ধি কৰাত সহায় কৰে। এই দুটা সেৱন কৰিলে পেট আৰু মানসিক অৱস্থা সুস্থ হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক