--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে দৈনিক ৮ গিলাচ পানী খাব লাগে। বহুতৰে পৰা এনে উপদেশ পোৱাটো সাধাৰণ কথা, কিন্তু সচাঁকৈয়ে আমাৰ শৰীৰক প্ৰতিদিনে ইমান পানীৰ প্ৰয়োজন হয়নে? শেহতীয়াকৈ ২৩খন দেশত কৰা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই পৰামৰ্শ শুদ্ধ নহয়।

কিছুমান লোকে ২ লিটাৰৰ পৰিৱৰ্তে ১.৫ৰ পৰা ১.৮ লিটাৰ পানীহে খাব লাগে। শৰীৰৰ প্রয়োজনীয় পানীৰ আধাতকৈ অধিক খাদ্য সামগ্রী, চাহ-কফি, অন্যান্য পানীয়, চুপ, দাইল আদিৰ দ্বাৰা পূৰণ হয়। এনে পৰিস্থিতিত দৈনিক ৮ গিলাচ পানী খোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত নহয়।

গৱেষকসকলে ইয়াৰ বাবে ৮ বছৰৰ পৰা ৯৬ বছৰ বয়সৰ ৫ হাজাৰৰো অধিক লোকৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰিছিল। ইয়াৰ ফলাফল বিজ্ঞান আলোচনীত প্ৰকাশ পাইছে। চৰ্চালৈ আহিল যে সকলো মানুহৰ মাজত পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। এজন ব্যক্তিৰ বাসস্থান, ঋতু, উষ্ণতা, উচ্চতা, আৰ্দ্ৰতা আদি কাৰকে পানীৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰে।

ব্যক্তিগত পৰ্যায়ত এজন ব্যক্তিৰ কাম, লিংগ, বয়স, ওজন আৰু ফিটনেছৰ দ্বাৰা পানীৰ প্ৰয়োজনীয়তা প্ৰভাৱিত হয়। ২০ৰ পৰা ৩০ বছৰীয়া পুৰুষ, খেলুৱৈ আৰু শাৰীৰিক শ্ৰম কৰা লোকক অধিক পানীৰ প্ৰয়োজন। উন্নয়নশীল দেশৰ কৃষকসকলৰ পানীৰ প্রয়োজন ঔদ্যোগিক দেশতকৈ অধিক৷

একেদৰে উচ্চ উষ্ণতা থকা দেশত বাস কৰা লোকসকলকো অধিক পানীৰ প্ৰয়োজন। গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাসকলকো অধিক পানীৰ প্ৰয়োজন। যদিও বহুতে পিয়াহ লাগিলেহে পানী খায়।

অধ্যাপক জন স্পিকমেনে কয় যে অধিক পানী খোৱাৰ কোনো ক্ষতি নাই, কিন্তু ব্ৰিটেইনৰ ৪ কোটি প্ৰাপ্তবয়স্ক লোকে যদি প্ৰতিদিনে আধা লিটাৰ অধিক পানী খায়, তেন্তে প্ৰতিদিনে ২০ কোটি লিটাৰ বিশুদ্ধ পানীৰ প্ৰয়োজন হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস