--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডাঙৰ প্ৰশ্নটো হ’ল: ট্ৰাম্পে সঁচাকৈয়ে নিৰ্ণায়ক আক্ৰমণ চলাইছেনে, নে ইৰানে লাহে লাহে নিজৰ কৌশলেৰে আমেৰিকাক ক্লান্ত কৰি তুলিছে?

ডিজিটেল ডেস্ক: আজি নিশা ধ্বংস কৰা হ’ব ইৰান সভ্যতা; এই ভাবুকি দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এক বিবৃতিত কয় যে আজি ৰাতি এটা সম্পূৰ্ণ সভ্যতাৰ অন্ত পৰিব পাৰে। ট্ৰাম্পৰ এই নতুন ভাবুকিয়ে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।


সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইৰাণৰ মূল তৈল কেন্দ্ৰ খাৰ্গ দ্বীপত আমেৰিকাৰ আক্ৰমণৰ সূত্ৰপাত হৈছে। ট্ৰাম্পে ইয়াক চূড়ান্ত সিদ্ধান্ত হিচাপে চিত্ৰিত কৰাৰ বিপৰীতে ইৰান নিজৰ চৰ্তত অটল আছে।


ইয়াত ডাঙৰ প্ৰশ্নটো হ’ল: ট্ৰাম্পে সঁচাকৈয়ে নিৰ্ণায়ক আক্ৰমণ চলাইছেনে, নে ইৰানে লাহে লাহে নিজৰ কৌশলেৰে আমেৰিকাক ক্লান্ত কৰি তুলিছে?


যুদ্ধক্ষেত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ইৰানে ইচ্ছাকৃতভাৱে এক পদক্ষেপ লৈছে। ই নিজৰ আধুনিক ক্ষেপণাস্ত্ৰক সুৰক্ষা দি পুৰণি ড্ৰোনেৰে আক্ৰমণ কৰি আমেৰিকা আৰু ইজৰাইলৰ ব্যয়বহুল বায়ু প্ৰতিৰক্ষা ব্যৱস্থা (পেট্ৰিয়াট/এৰো) নিষ্ক্ৰিয় কৰি আছে।


হৰমুজ জলদ্বীপ নিয়ন্ত্ৰণ কৰি ইৰানে বিশ্বৰ তেলৰ মূল্যৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। এই একেই কৌশল ‘ক্লান্তি যুদ্ধ’, যাক সামৰিক ভাষাত এট্ৰিচন ৱাৰফেয়াৰ বুলি কোৱা হয়, য’ত লক্ষ্য জয়ী নহয়, বৰঞ্চ প্ৰতিপক্ষক ইমানেই ভাগৰুৱা কৰা হয় যে তেওঁ নিজেই আপোচ কৰিবলৈ বাধ্য হয়।


ড’নাল্ড ট্ৰাম্পে ভয়াৱহ পৰিণতিৰ সতৰ্কবাণী দি কয় যে এটা ‘সম্পূৰ্ণ সভ্যতা’ মচি পেলোৱা হ’ব পাৰে। আজি ৰাতি এটা সভ্যতা সম্পূৰ্ণ নিঃশেষ হৈ যাব আৰু কেতিয়াও দেখা নাপাব। মই নিবিচাৰোঁ যে এনেকুৱা হওক, কিন্তু হ’বই চাগে। কিন্তু এতিয়া যিহেতু সম্পূৰ্ণ শাসন ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে, বিভিন্ন, স্মাৰ্ট আৰু কম উগ্ৰ লোকে দায়িত্ব গ্ৰহণ কৰিছে, তেতিয়া হয়তো বৈপ্লৱিকভাৱে আচৰিত ধৰণৰ কিবা এটা হ’ব পাৰে, কোনে জানে?” এতিয়া বিশ্ববাসীয়ে আজি নিশা জানিব পাৰিব বিশ্বৰ দীঘলীয়া আৰু জটিল ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ মুহূৰ্ত। ইৰানৰ বিৰুদ্ধে দশক দশক ধৰি ‘ধন দাবী, দুৰ্নীতি আৰু মৃত্যু’ৰ অভিযোগ আছে। অৱশেষত ৪৭ বছৰীয়া এনে কাৰ্যকলাপৰ অন্ত পৰিব। ইৰানৰ মহান জনসাধাৰণক ঈশ্বৰে আশীৰ্বাদ কৰক!”


এতিয়া সমগ্ৰ বিশ্বজুৰি চলিছে চৰ্চা সঁচাকৈয়ে আমেৰিকাই ধ্বংস কৰি দিব নেকি ইৰানক?


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement