--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শুকুৰবাৰে নিশালৈ জাৰি কৰা এই প্রত্যাহাৰ নিৰ্দেশত ৩০ দিনৰ বাবে সমুদ্রত থকা (জাহাজত) ইৰানী তেল ক্রয়-বিক্রয়ৰ অনুমতি দিয়া হৈছে।

ডিজিটেল ডেস্ক: যুদ্ধৰ বাবে বিশ্বজুৰি বৃদ্ধি পোৱা খাৰুৱা তেলৰ দাম হ্রাস কৰোৱাৰ প্ৰয়াস ৰূপে সমুদ্রত আবদ্ধ হৈ থকা ইৰানৰ তেল বিক্রীত থকা নিষেধাজ্ঞা আমেৰিকাই সাময়িকভাৱে প্রত্যাহাৰ কৰিছে। আমেৰিকাৰ বিত্ত সচিব স্কট বেছেণ্টে কয় যে এই সাময়িক ব্যৱস্থাৰ বাবে ১৪০ নিযুত বেৰেল ইৰানী তেল বিশ্বৰ বজাৰত উপলব্ধ হ'ব। 


শুকুৰবাৰে নিশালৈ জাৰি কৰা এই প্রত্যাহাৰ নিৰ্দেশত ৩০ দিনৰ বাবে সমুদ্রত থকা (জাহাজত) ইৰানী তেল ক্রয়-বিক্রয়ৰ অনুমতি দিয়া হৈছে। ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান অন্ত পেলোৱাৰ ইংগিত দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শনিবাৰে দাবী কৰে যে আমেৰিকাই মধ্যপ্রাচ্যত সেনাৰ অভিযান 'সমাপ্ত' কৰিবৰ বাবে উদ্দেশ্যবোৰ পূৰণৰ অতি কাষ চাপিছে। তেওঁ কয় যে আমেৰিকাই ইৰানক মিছাইল ক্ষমতা, লাঞ্চাৰ আৰু তেওঁলোকৰ আন সংশ্লিষ্ট সকলোৰে ক্ষেত্রত 'সম্পূর্ণ লাজত পেলাইছে' আৰু ইৰানৰ প্ৰতিৰক্ষা ঔদ্যোগিক ঘাটি ধ্বংস কৰিছে। 


ট্রাম্পে সামাজিক মাধ্যমত কয়- ইৰানক কেতিয়াও পাৰমাণৱিক সক্ষমতাৰ কাষ চাপিবলৈ নিদিবলৈ তথা আমেৰিকাই তৎক্ষণাৎ তথা শক্তিশালীভাৱে প্রতিক্রিয়া প্রকাশ কৰিব পৰা অৱস্থাত ইৰানক ৰাখিবলৈ এণ্টি এয়াৰ ক্ৰাফ্ট অস্ত্র-শস্ত্ৰকে ধৰি ইৰানৰ নৌ সেনা আৰু বিমান সেনা বাহিনীক বিনাশ কৰাৰ আমেৰিকাৰ যিসমূহ উদ্দেশ্য সেই উদ্দেশ্যও সফল হৈছে। ট্রাম্পে আৰু দাবী কৰে যে মধ্যপ্রাচ্যৰ ইজৰাইল, ছৌডি আৰব, কাটাৰ, ইউ এ ই,বাহৰেইন, কুৱেইট আৰু আন মিত্র দেশবোৰক সর্বোচ্চ পৰ্যায়ত সুৰক্ষা দিব পৰাৰ অৱস্থাৰো আমেৰিকা কাষ চাপিছে। 


গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰ ভৱিষ্যৎ ব্যৱস্থাপনাত আমেৰিকাৰ ভূমিকা সন্দৰ্ভত তেওঁ কয় যে যিবিলাক দেশে এই প্রণালী ব্যৱহাৰ কৰে, প্ৰয়োজন অনুসৰি সেইবোৰ দেশে হৰমুজ প্রণালী সুৰক্ষিত কৰিব লাগিব আৰু পহৰা দিব লাগিব। তেওঁ আৰু কয় যে আমেৰিকাই এই প্রণালী ব্যৱহাৰ নকৰে, কিন্তু যদি বিচৰা হয় তেন্তে হৰমুজ প্রণালীত তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু