--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শুকুৰবাৰে নিশালৈ জাৰি কৰা এই প্রত্যাহাৰ নিৰ্দেশত ৩০ দিনৰ বাবে সমুদ্রত থকা (জাহাজত) ইৰানী তেল ক্রয়-বিক্রয়ৰ অনুমতি দিয়া হৈছে।

ডিজিটেল ডেস্ক: যুদ্ধৰ বাবে বিশ্বজুৰি বৃদ্ধি পোৱা খাৰুৱা তেলৰ দাম হ্রাস কৰোৱাৰ প্ৰয়াস ৰূপে সমুদ্রত আবদ্ধ হৈ থকা ইৰানৰ তেল বিক্রীত থকা নিষেধাজ্ঞা আমেৰিকাই সাময়িকভাৱে প্রত্যাহাৰ কৰিছে। আমেৰিকাৰ বিত্ত সচিব স্কট বেছেণ্টে কয় যে এই সাময়িক ব্যৱস্থাৰ বাবে ১৪০ নিযুত বেৰেল ইৰানী তেল বিশ্বৰ বজাৰত উপলব্ধ হ'ব। 


শুকুৰবাৰে নিশালৈ জাৰি কৰা এই প্রত্যাহাৰ নিৰ্দেশত ৩০ দিনৰ বাবে সমুদ্রত থকা (জাহাজত) ইৰানী তেল ক্রয়-বিক্রয়ৰ অনুমতি দিয়া হৈছে। ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান অন্ত পেলোৱাৰ ইংগিত দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শনিবাৰে দাবী কৰে যে আমেৰিকাই মধ্যপ্রাচ্যত সেনাৰ অভিযান 'সমাপ্ত' কৰিবৰ বাবে উদ্দেশ্যবোৰ পূৰণৰ অতি কাষ চাপিছে। তেওঁ কয় যে আমেৰিকাই ইৰানক মিছাইল ক্ষমতা, লাঞ্চাৰ আৰু তেওঁলোকৰ আন সংশ্লিষ্ট সকলোৰে ক্ষেত্রত 'সম্পূর্ণ লাজত পেলাইছে' আৰু ইৰানৰ প্ৰতিৰক্ষা ঔদ্যোগিক ঘাটি ধ্বংস কৰিছে। 


ট্রাম্পে সামাজিক মাধ্যমত কয়- ইৰানক কেতিয়াও পাৰমাণৱিক সক্ষমতাৰ কাষ চাপিবলৈ নিদিবলৈ তথা আমেৰিকাই তৎক্ষণাৎ তথা শক্তিশালীভাৱে প্রতিক্রিয়া প্রকাশ কৰিব পৰা অৱস্থাত ইৰানক ৰাখিবলৈ এণ্টি এয়াৰ ক্ৰাফ্ট অস্ত্র-শস্ত্ৰকে ধৰি ইৰানৰ নৌ সেনা আৰু বিমান সেনা বাহিনীক বিনাশ কৰাৰ আমেৰিকাৰ যিসমূহ উদ্দেশ্য সেই উদ্দেশ্যও সফল হৈছে। ট্রাম্পে আৰু দাবী কৰে যে মধ্যপ্রাচ্যৰ ইজৰাইল, ছৌডি আৰব, কাটাৰ, ইউ এ ই,বাহৰেইন, কুৱেইট আৰু আন মিত্র দেশবোৰক সর্বোচ্চ পৰ্যায়ত সুৰক্ষা দিব পৰাৰ অৱস্থাৰো আমেৰিকা কাষ চাপিছে। 


গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰ ভৱিষ্যৎ ব্যৱস্থাপনাত আমেৰিকাৰ ভূমিকা সন্দৰ্ভত তেওঁ কয় যে যিবিলাক দেশে এই প্রণালী ব্যৱহাৰ কৰে, প্ৰয়োজন অনুসৰি সেইবোৰ দেশে হৰমুজ প্রণালী সুৰক্ষিত কৰিব লাগিব আৰু পহৰা দিব লাগিব। তেওঁ আৰু কয় যে আমেৰিকাই এই প্রণালী ব্যৱহাৰ নকৰে, কিন্তু যদি বিচৰা হয় তেন্তে হৰমুজ প্রণালীত তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ