--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধ্যাত্মিক পৰম্পৰাৰে উজ্জীৱিত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা। আজি দৌলোৎসৱৰ প্ৰথমটো দিন।পুৱাই হোলী গীত গাই বৰপেটা চহৰ পৰিভ্ৰমণ কৰে বৰপেটাবাসীয়ে। এইবাৰ  তিনি দিনীয়াকৈ বুঢ়া দেউল পালন কৰিছে বৰপেটা সত্ৰই।বৰপেটাৰ আকাশ-বতাহত এতিয়া কেৱল হোলী গীতৰ মূৰ্চ্ছনা ।

উৎসৱৰ আজিৰ প্ৰথম দিনটো অনুষ্ঠিত গোন্ধযাত্ৰাত  বৰপেটাৰ ২২খন হাটীৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলৰ ভক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আনি সত্ৰৰ টুপৰ চোতালত মেজি সাজে। আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌলগোবিন্দ মহাপ্ৰভুক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলীয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই আনি গোসাঁইক ভক্তবৃন্দই টুপৰ চোতালত সজা মেজিৰ কাষলৈ নিয়ে।



 ইয়াৰ পিছতে প্ৰজ্জ্বলিত মেজিৰ চাৰিওফালে গোসাঁইক ঘূৰোৱা হয়। চৌদিশ ঢোল, খোল, দবা, শংখ, ঘণ্টাৰ ধ্বনি, হোলীগীতৰ প্ৰতিধ্বনিয়ে মুখৰিত কৰি তোলে  সত্ৰৰ চৌপাশ। মূল কীৰ্তন ঘৰৰ পৰা কলীয়া গোসাঁইক উলিয়াই আনি প্ৰতিষ্ঠা কৰা হয়  যোগমোহন গৃহত। যোগমোহন গৃহৰ পৰাই ৰাতি কলীয়া গোসাঁইক দৌল গৃহত প্ৰতিষ্ঠা কৰা হ’ব।দৌল মহোৎসৱ উপলক্ষ্যে সত্ৰৰ চাৰিওফালে প্ৰজ্জ্বলন কৰা হ'ব স্থানীয় আতচবাজী। 

 বৰপেটা বৰধামত যুগ যুগ ধৰি পালন কৰি অহা হৈছে এই দৌল মহোৎসৱ। ৰাতি গুণমালা, লীলামালা,গুৰু ভটিমা,সেৱা কীৰ্ত্তন আদি নিবেদনৰ অন্তত  অংকীয়া নাট উপস্থাপন কৰা হ’ব।  ইপিনে স্থানীয় ৰাইজিং ক্লাবৰ উদ্যোগত আয়োজিত হৈছে  ব্যতিক্ৰমী হোলীগীত প্ৰতিযোগিতাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী