--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধ্যাত্মিক পৰম্পৰাৰে উজ্জীৱিত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা। আজি দৌলোৎসৱৰ প্ৰথমটো দিন।পুৱাই হোলী গীত গাই বৰপেটা চহৰ পৰিভ্ৰমণ কৰে বৰপেটাবাসীয়ে। এইবাৰ  তিনি দিনীয়াকৈ বুঢ়া দেউল পালন কৰিছে বৰপেটা সত্ৰই।বৰপেটাৰ আকাশ-বতাহত এতিয়া কেৱল হোলী গীতৰ মূৰ্চ্ছনা ।

উৎসৱৰ আজিৰ প্ৰথম দিনটো অনুষ্ঠিত গোন্ধযাত্ৰাত  বৰপেটাৰ ২২খন হাটীৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলৰ ভক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আনি সত্ৰৰ টুপৰ চোতালত মেজি সাজে। আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌলগোবিন্দ মহাপ্ৰভুক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলীয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই আনি গোসাঁইক ভক্তবৃন্দই টুপৰ চোতালত সজা মেজিৰ কাষলৈ নিয়ে।



 ইয়াৰ পিছতে প্ৰজ্জ্বলিত মেজিৰ চাৰিওফালে গোসাঁইক ঘূৰোৱা হয়। চৌদিশ ঢোল, খোল, দবা, শংখ, ঘণ্টাৰ ধ্বনি, হোলীগীতৰ প্ৰতিধ্বনিয়ে মুখৰিত কৰি তোলে  সত্ৰৰ চৌপাশ। মূল কীৰ্তন ঘৰৰ পৰা কলীয়া গোসাঁইক উলিয়াই আনি প্ৰতিষ্ঠা কৰা হয়  যোগমোহন গৃহত। যোগমোহন গৃহৰ পৰাই ৰাতি কলীয়া গোসাঁইক দৌল গৃহত প্ৰতিষ্ঠা কৰা হ’ব।দৌল মহোৎসৱ উপলক্ষ্যে সত্ৰৰ চাৰিওফালে প্ৰজ্জ্বলন কৰা হ'ব স্থানীয় আতচবাজী। 

 বৰপেটা বৰধামত যুগ যুগ ধৰি পালন কৰি অহা হৈছে এই দৌল মহোৎসৱ। ৰাতি গুণমালা, লীলামালা,গুৰু ভটিমা,সেৱা কীৰ্ত্তন আদি নিবেদনৰ অন্তত  অংকীয়া নাট উপস্থাপন কৰা হ’ব।  ইপিনে স্থানীয় ৰাইজিং ক্লাবৰ উদ্যোগত আয়োজিত হৈছে  ব্যতিক্ৰমী হোলীগীত প্ৰতিযোগিতাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু