--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ শীৰ্ষ ৪০০ মিটাৰ দৌৰবিদ সকলৰ অন্যতম এম আৰ পুভাম্মাক তিনি মাহৰ বাবে নিষিদ্ধ কৰা হৈছে। ১৮ ফেব্ৰুৱাৰীত পাটিয়ালাত অনুষ্ঠিত ২০২১ চনৰ ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্সত ড'পিং বিৰোধী নীতি উলংঘনৰ পিছত ৰাষ্ট্ৰীয় এণ্টি-ড'পিং এজেন্সিয়ে (NADA) ভাৰতৰ শীৰ্ষ ট্ৰেক তাৰকাগৰাকীক তিনি মাহৰ বাবে নিলম্বিত কৰিছে। ড’প টেষ্টত দৌৰবিদ গৰাকীয়ে ৱাডাৰ নিষিদ্ধ দ্ৰব্যৰ তালিকাত অন্তৰ্ভুক্ত মিথাইল হেক্সানিয়ামাইন গ্ৰহণ কৰা বুলি প্ৰমাণিত হয়। 

অৱশ্যে নাডাৰ শুনানি পেনেলৰ সন্মুখত পুভাম্মাই এই নিষিদ্ধ ঔষধ ইচ্ছাকৃতভাৱে সেৱন কৰা নাছিল বুলি প্ৰমাণ কৰে। কৰ’ণাৰ পৰা সুৰক্ষাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ঔষধ গ্ৰহণ কৰিছিল। এই ঔষধত নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি সম্পৰ্কে তেওঁ অৱগত নাছিল বুলি পুভাম্মাই পেনেলৰ আগত উল্লেখ কৰে। লগতে তেওঁ উল্লেখ কৰে যে অনুশীলন শিবিৰত তেওঁক দলৰ সৈতে থকা চিকিৎসকৰ পৰামৰ্শ অনুসৰি নাকৰ ড্ৰপাৰ ব্যৱহাৰ কৰিছিল। কিন্তু এই ড্ৰপাৰ ৱাডাৰ নিষিদ্ধ দ্ৰব্যৰ তালিকাত অন্তৰ্ভুক্ত থকাৰ বিষয়ে তেওঁ জনা নাছিল বুলি উল্লেখ কৰে।

পুভাম্মৰ স্বীকাৰোক্তিৰ আধাৰত পেনেলে খেলুৱৈ গৰাকীয়ে ইচ্ছাকৃতভাৱে ঔষধ গ্ৰহণ কৰা নাছিল বুলি নিশ্চিত হয়। কিন্তু ড’প টেষ্টৰ বাবে দাখিল কৰা প্ৰ-পত্ৰখনত তেওঁ এই বিষয়ে উল্লেখ নকৰাৰ বাবে শুনানি পেনেলে তেওঁক দোষী সাব্যস্ত কৰে। অৱশ্যে ইচ্ছামূলকভাৱে তেওঁ ড্ৰাগছ লোৱা নাছিল বুলি প্ৰমাণিত হোৱাৰ বাবে চাৰি বছৰৰ পৰিৱৰ্তে তিনি মাহৰ নিষেধাজ্ঞা আৰোপ কৰে। পুভাম্মাৰ ওপৰত এই নিষেধাজ্ঞা ১৬ জুনৰ পৰা কাৰ্যকৰী হ'ব।

খেলুৱৈ গৰাকীৰ তিনি মাহৰ নিলম্বন অহা আগষ্টত সমাপ্ত হ'ব বুলি আশা কৰা হৈছে। এনে অৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগনত ১৫ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ইউজিন বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পুভাম্মাৰ অংশগ্ৰহণ অনিশ্চিত হৈ পৰিছে। প্ৰতিযোগিতাৰ সম্ভাৱনা বিপদত পেলাইছে।

উল্লেখ্য যে ভাৰতীয় ৪ × ৪০০ মিটাৰ ৰিলে দলৰ সদস্য হিচাপে পুভাম্মাই ২০১৪ আৰু ২০১৮ চনৰ এছিয়ান গেমছ আৰু ২০১৩ আৰু ২০১৭ চনত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছিল। আনহাতে ব্যক্তিগতভাৱে তেওঁ ২০১৪ চনত চনৰ ইনচিয়ন  এছিয়ান গেমছত ব্ৰঞ্জৰ পদক ২০১৩ চনৰ এছিয়ান চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ