--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২২ গজৰ ক্ৰিকেট পথাৰত বিশ্বমানৰ বেটছমেন আৰু বলাৰৰ ডুৱেল উপভোগ কৰি আহিছে ক্ৰীড়াপ্ৰেমীয়ে। ক্ৰিকেট ইতিহাস এনে বহু প্ৰতিযোগিতাৰ সাক্ষী। ইয়াৰে অন্যতম লেখত ল’বলগীয়া কথাটো হৈছে বিগত দশকত ব্ৰিটিছ বেগী বলাৰ জেমছ এণ্ডাৰছন আৰু ভাৰতীয় বেটিং মাইষ্ট্ৰ’ বিৰাট কোহলীৰ যুটি। আকৌ এবাৰ মহাতাৰকাৰ মাজত মহাযুদ্ধ! 

শুকুৰবাৰে বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট খেলপথাৰত আৰম্ভ হ’ব পঞ্চমখন ভাৰত-ইংলেণ্ড টেষ্ট। ক্ৰিকেট অনুৰাগীয়ে এণ্ডাৰছন আৰু কোহলীৰ মাজত হোৱা যুঁজখনলৈ আগ্ৰহেৰে বাট চাই আছে। ভাৰতৰ বিশ্বকাপ বিজয়ী প্ৰাক্তন বেগী বলাৰ জাহিৰ খানৰ মতে, ২২ গজৰ ক্ৰিকেট খেলপথাৰত এই দৃশ্যই সম্ভৱতঃ শেষবাৰৰ বাবে দেখিবলৈ পোৱা যাব।

ক্ৰীড়া ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত জাহিৰ খানে কয়, ‘এণ্ডাৰছন-কোহলীৰ যুঁজখন মানুহে যিমান উপভোগ কৰিব সিমানেই উপভোগ কৰিব। কিন্তু মই ভাবো যে এই যুঁজখনত হয়তো দুয়োকে শেষবাৰৰ বাবে দেখিবলৈ পোৱা যাব। এণ্ডাৰছন এই মুহূৰ্তত বেছি খেলা নাই। নিশ্চিতভাৱে ৰোমাঞ্চকৰ হ'ব এই খেল।’ 

স্বাভাৱিকতে, এই খেলখনক লৈ উত্‍সাহী ক্ৰীড়ানুৰাগী। এতিয়া ভাৰতে ক্ৰীড়াপ্ৰেমীৰ প্ৰত্যাশা পূৰণত কিমানদূৰ সফল হয় সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ