--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২২ গজৰ ক্ৰিকেট পথাৰত বিশ্বমানৰ বেটছমেন আৰু বলাৰৰ ডুৱেল উপভোগ কৰি আহিছে ক্ৰীড়াপ্ৰেমীয়ে। ক্ৰিকেট ইতিহাস এনে বহু প্ৰতিযোগিতাৰ সাক্ষী। ইয়াৰে অন্যতম লেখত ল’বলগীয়া কথাটো হৈছে বিগত দশকত ব্ৰিটিছ বেগী বলাৰ জেমছ এণ্ডাৰছন আৰু ভাৰতীয় বেটিং মাইষ্ট্ৰ’ বিৰাট কোহলীৰ যুটি। আকৌ এবাৰ মহাতাৰকাৰ মাজত মহাযুদ্ধ! 

শুকুৰবাৰে বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট খেলপথাৰত আৰম্ভ হ’ব পঞ্চমখন ভাৰত-ইংলেণ্ড টেষ্ট। ক্ৰিকেট অনুৰাগীয়ে এণ্ডাৰছন আৰু কোহলীৰ মাজত হোৱা যুঁজখনলৈ আগ্ৰহেৰে বাট চাই আছে। ভাৰতৰ বিশ্বকাপ বিজয়ী প্ৰাক্তন বেগী বলাৰ জাহিৰ খানৰ মতে, ২২ গজৰ ক্ৰিকেট খেলপথাৰত এই দৃশ্যই সম্ভৱতঃ শেষবাৰৰ বাবে দেখিবলৈ পোৱা যাব।

ক্ৰীড়া ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত জাহিৰ খানে কয়, ‘এণ্ডাৰছন-কোহলীৰ যুঁজখন মানুহে যিমান উপভোগ কৰিব সিমানেই উপভোগ কৰিব। কিন্তু মই ভাবো যে এই যুঁজখনত হয়তো দুয়োকে শেষবাৰৰ বাবে দেখিবলৈ পোৱা যাব। এণ্ডাৰছন এই মুহূৰ্তত বেছি খেলা নাই। নিশ্চিতভাৱে ৰোমাঞ্চকৰ হ'ব এই খেল।’ 

স্বাভাৱিকতে, এই খেলখনক লৈ উত্‍সাহী ক্ৰীড়ানুৰাগী। এতিয়া ভাৰতে ক্ৰীড়াপ্ৰেমীৰ প্ৰত্যাশা পূৰণত কিমানদূৰ সফল হয় সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু