--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰ পৰা আৰম্ভ হ'বলগীয়া এজবাষ্টন টেষ্টৰ পিছতে ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া সীমিত অভাৰৰ শৃংখলাৰ বাবে বৃহস্পতিবাৰে বিচিচিআই- এ ভাৰতীয় দল ঘোষণা কৰে। দীৰ্ঘদিনৰ মূৰত সীমিত অভাৰৰ দললৈ প্ৰত্যাৱৰ্তন ঘটিছে কেইবাগৰাকীও জেষ্ঠ ক্ৰিকেটাৰৰ। ৫ জুলাইত টেষ্ট মেচখনৰ সমাপ্তিৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে  ৭ জুলাইৰ পৰা ১৭ জুলাইলৈ তিনিখন টি-২০ আৰু ৩ খন এদিনীয়া খেলিব৷ কৰ'ণাৰ বাবে পঞ্চম টেষ্টৰ পৰা বাহিৰ হোৱা নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা সীমিত অভাৰৰ শৃংখলাৰ পূৰ্বে সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে। সেয়ে তেওঁক দলত অন্তৰ্ভুক্ত কৰা হৈছে। 

ভাৰতৰ সীমিত অভাৰৰ দলৰ পৰা দীৰ্ঘদিন বাহিৰত থকা বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজা দুয়োটা দললৈ উভতি আহিছে। দলত অন্তৰ্ভুক্ত হৈছে যশপ্ৰীত বুমৰাহো। অৱশ্যে পঞ্চম টেষ্টখনৰ মাত্ৰ দুদিন পিছতে টি-২০ শৃংখলা আৰম্ভ হোৱাৰ বাবে প্ৰথম টি-২০ ত তেওঁলোক দলত নাথাকিব। টেষ্ট দলৰ অন্যতম সদস্য  ঋষভ পণ্টকো প্ৰথম মেচখনত বিশ্ৰাম দিয়া হৈছে। 

এনে অৱস্থাত সদ্যসমাপ্ত আয়াৰলেণ্ড শৃংখলাত অংশ লোৱা ভাৰতীয় দলটোৱেই প্ৰথম টি-২০ ৰ বাবে অব্যাহত থাকিব। অৱশ্যে দলৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাই দায়িত্ব ল’ব। আনহাতে ৯ আৰু ১০ জুলাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় আৰু তৃতীয় টি-২০ ৰ বাবে প্ৰথম মেচত বিশ্ৰাম দিয়া খেলুৱৈসকল দললৈ উভতি আহিব। ফলস্বৰূপে প্ৰথম টি-২০ ৰ বাবে দলত থকা কেইগৰাকীমান যুৱ খেলুৱৈ দলৰ পৰা বাহিৰ হ’ব। 

আনহাতে এদিনীয়া শৃংখলাৰ বাবে ১৭ জনীয়া দল ঘোষণা কৰা হৈছে। আয়াৰলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত হোৱা টি-২০ শৃংখলাৰ অধিনায়ক হিচাপে থকা পাণ্ডিয়াই প্ৰায় এবছৰৰ পিছত এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে।  পাণ্ডিয়াই যোৱা বৰ্ষৰ জুলাইত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ অন্তিম এদিনীয়া মেচত ভাগ লৈছিল।

আনহাতে দুবছৰৰ পাছত এদিনীয়া দললৈ ঘূৰি আহিছে ৰবীন্দ্ৰ জাদেজা। ২০২০ চনৰ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ পাছৰে পৰা এদিনীয়া মেচত ভাগ লোৱা নাই জাদেজাই। জাদেজা আৰু পাণ্ডিত্যৰ লগতে অপেনাৰ শিখৰ ধাৱানকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে এদিনীয়া দলটোত নতুন মুখ হ'ব পেচাৰ অৰ্শদ্বীপ সিং। দক্ষিণ আফ্ৰিকা আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে শেহতীয়া দুটা টি-২০ শৃংখলাত অৰ্শদ্বীপ ভাৰতীয় দলৰ অংশ আছিল যদিও মূল একাদশত স্থান পোৱা নাছিল বলাৰ গৰাকীয়ে। 

উল্ৱেখ্য যে  আজিৰ পৰা এজবাষ্টনত ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ নিৰ্ণায়ক টেষ্ট আৰম্ভ হ’ব। ৰোহিত শৰ্মাৰ অনুপস্থিতিত যশপ্ৰীত বুমৰাহে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ নেতৃত্ব চম্ভালিব। আনহাতে বুমৰাহক সহযোগ কৰিবলৈ দলৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে উইকেটৰক্ষক বেটাৰ ঋষভ পণ্টক। ক’ভিডৰ বাবে স্থগিত ৰখা যোৱা বৰ্ষৰ অৰ্ধসমাপ্ত টেষ্ট শৃংখলাটোত ভাৰত ইতিমধ্যে ২-১ ব্যৱধানত আগবাঢ়ি আছে।

প্ৰথম টি-২০ৰ বাবে ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষণ, ৰুতুৰাজ গাইকোৱাড, সঞ্জু চেমচন, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ৰাহুল ত্ৰিপাঠী, দিনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, ৰবি বিষ্ণৈ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, আভেশ খান, অৰ্শদ্বীপ সিং, উমৰান মালিক।

দ্বিতীয় আৰু তৃতীয় টি-২০ৰ বাবে ভাৰতীয় দল: ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষণ, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, শ্ৰেয়স আয়াৰ, দিনেশ কাৰ্তিক, ঋষভ পণ্ট, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, ৰবি বিষ্ণৈ, জশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ,  আভেশ খান, হৰ্ষল পেটেল, উমৰান মালিক। 

এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), শিখৰ ধাৱান, ঈশান কিষণ, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়স আয়াৰ, ঋষভ পণ্ট, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, জশপ্ৰীত বুমৰাহ, প্ৰসিধ কৃষ্ণ, মহম্মদ ছামী, মহম্মদ চিৰাজ, অৰ্শদ্বীপ সিং।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যুদ্ধৰ পৰিণতি! ভাৰতীয় শ্বেয়াৰ বজাৰত পুনৰ বৃহৎ পতন, ডলাৰৰ বিপৰীতে সৰ্বনিম্ন টকাৰ মূল্য
ভাৰত-জাপান শৈক্ষিক কনচর্টিয়ামত অন্তর্ভুক্ত কটন বিশ্ববিঃ, আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ ক্ষেত্ৰত সফলতা
আজি মুকলি কৰা হ'ব মহাৰাজ পৃথু উৰণ সেতু
হোজাইত শিক্ষাখণ্ডৰ লজ্জাজনক অধ্যায়: প্ৰশ্নকাকত নহাৰ অজুহাতত বাতিল সপ্তম শ্ৰেণীৰ পৰীক্ষা
পশ্চিম বংগৰ ৰাজনীতিত ডাঙৰ সালসলনি: মমতা বেনাৰ্জীয়ে নিজে ল’লে আইন মন্ত্ৰালয়ৰ দায়িত্ব; জানি লওক এই সিদ্ধান্তৰ আঁৰৰ ৫টা মুখ্য কাৰণ
বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ নাটনি: পেট্ৰ’লিয়াম মন্ত্ৰালয়ে গঠন কৰিলে উচ্চস্তৰীয় সমিতি
বিলাসীপাৰাত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা; মানসিক বিকাৰগ্ৰস্ত যুৱকক তালিবানী শাস্তি
সুখবৰ! মানস ৰাষ্ট্ৰীয় উদ্যানত পৰিভ্ৰমী মাণ্ডাৰিন হাঁহৰ বিচৰণ
উত্তৰ প্ৰদেশত আমেৰিকা ইজৰাইল বিৰোধী ধ্বনি, খামেনেইৰ হত্যাৰ প্ৰতিবাদত উত্তাল কাশ্মীৰ
২৭ বছৰীয়া সাংসাৰিক যাত্ৰা অন্ত পৰাৰ দিশে! থালাপথী বিজয়ৰ পত্নীয়ে কিয় কৰিলে বিবাহ বিচ্ছেদৰ আবেদন?
বাঘমাৰাচৰত সোপাধৰাৰ সন্দেহত এজন লোকক কৰায়ত্ত; তীব্ৰ উত্তেজনাৰ সৃষ্টি
১৩ মাৰ্চত অস্ত যাব শনি; ৩ ৰাশিৰ হ’ব উপকাৰ
'২৮-ত আমেৰিকাই, '৩০ চনত চীনে চন্দ্রলৈ পঠাব মহাকাশচাৰী, চন্দ্ৰত আধিপত্য বিস্তাৰৰ যুঁজত চীন-আমেৰিকা
বোকাখাত মহকুমা চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ উদণ্ড যুৱকৰ