--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি সন্ধিয়া লোকভৱনত ৬২ বছৰীয়া খেমচান্দ সিঙক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।

ডিজিটেল ডেস্ক : বিজেপিৰ মণিপুৰৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰীৰূপে নেতা যুমনাম খেমচান্দ সিঙে কালি শপত গ্ৰহণ কৰে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি সন্ধিয়া লোকভৱনত ৬২ বছৰীয়া খেমচান্দ সিঙক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।


খেমচান্দ সিং মেইটেই সম্প্ৰদায়ৰ। তেওঁৰ লগত নগা সম্প্ৰদায়ৰ লোধী ডিখ'ই উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। ডিখ' নগা পীল্লছ ফ্ৰণ্টৰ বিধায়ক। আনহাতে কুকী সম্প্ৰদায়ৰ নেতা নেমচা কিপগেনেও উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। 


নেমচাই দিল্লীত থকা মণিপুৰ ভৱনৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শপতবাক্য পাঠ কৰে। বিজেপিৰ গোবিন্দদাস কন্থৌজাম আৰু এন পি পিৰ কে লোকেন সিঙেও কালি ৰাজ্যখনৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুয়ে ৰাজ্যখনৰ পৰা ৰাষ্ট্ৰপতিৰ শাসন প্রত্যাহাৰ কৰাৰ পাছত নতুন মন্ত্রীসভাই শপত গ্রহণ কৰে। শপত গ্রহণ অনুষ্ঠানত বিজেপিৰ কেইবাজনো বিধায়ক, বিজেপি তথা এন ডি এৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল। উল্লেখযোগ্য যে ৰাজ্যখনত ৩৫৬ দিনৰ পাছত ৰাষ্ট্ৰপতিৰ শাসন প্রত্যাহাৰ কৰা হয়। ৰাজ্যখনত মেইটেই আৰু কুকী সম্প্ৰদায়ৰ মাজত চলা ভয়াৱহ গোষ্ঠীগত সংঘর্ষ চলি থকাৰ সময়তে যোৱা বছৰ ৯ ফেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰে। ইয়াৰ চাৰি দিনৰ পাছত যোৱা বছৰ ১৩ ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয়। 


উল্লেখযোগ্য যে মঙলবাৰে নতুন দিল্লীত মণিপুৰৰ বিজেপিৰ বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে খেমচান্দ সিঙক দলটোৰ বিধায়িনী দলৰ নেতা নির্বাচিত কৰা হয়। পাছত কালি এন ডি এৰ বিধায়িনী দলৰ এখন বৈঠকত তেওঁৰ নামটোত অনুমোদন জনোৱাৰ লগতে উপ-মুখ্যমন্ত্রীৰূপে ডিখ' আৰু নেমচাৰ নামত সন্মতি জনোৱা হয়। খেমচান্দ সিং পূৰ্বৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ ঘনিষ্ঠ বুলি জনা যায়। দিল্লীত অনুষ্ঠিত বিজেপি বিধায়িনী দলৰ বৈঠকত দলটোৰ ৩৭জন বিধায়কৰ ভিতৰত ৩৫জন উপস্থিত আছিল। ইয়াৰ পাছতে মণিপুৰ ভৱনত অনুষ্ঠিত এন ডি এৰ বিধায়কসকলৰ বৈঠকত তিনিজন নির্দলীয় বিধায়ককে ধৰি সহযোগী দলকেইটাৰ বিধায়কসকল উপস্থিত আছিল। উল্লেখযোগ্য যে খেমচান্দ সিং পশ্চিম ইম্ফলৰ বিধায়ক আৰু তেওঁ ২০১৭-২২ সময়ছোৱাত বিধানসভাৰ অধ্যক্ষ আছিল। 


২০২২ চনত বীৰেন সিং চৰকাৰৰ দ্বিতীয়টো কার্যকালত তেওঁ মন্ত্ৰীৰূপে শপত গ্রহণ কৰে। তেওঁ ৰাজ্যখনত শান্তি স্থাপনত সক্রিয় ভূমিকা পালন কৰি আহিছে। ৰাজ্যখনত ২০২৩ চনৰ ৩ মে'ৰ পৰা আৰম্ভ হোৱা গোষ্ঠীগত হিংসাত কমেও ২৬০জন নিৰীহ লোকৰ লগতে নিৰাপত্তা বাহিনীৰ লোক নিহত হয় আৰু কেইবা হাজাৰ লোক গৃহহীন হৈ পৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ