--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল ফেশ্বন জগততে নহয়, ক্ৰীড়া জগততো সৌন্দৰ্যচৰ্চাই বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ খেলুৱৈসকলো এতিয়া নিজৰ সৌন্দৰ্যৰ প্ৰতি অধিক সচেতন হোৱা পৰিলক্ষিত হৈছে৷ ২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলপথাৰলৈ উভতি অহাৰ পূৰ্বে বিৰাট কোহলীকো এক  নতুন হেয়াৰষ্টাইলত দৰ্শকে দেখিবলৈ পাইছে৷ বিৰাটে ক্ৰীড়াৰ সৈতে যেন  ফেশ্বনৰ নতুন প্ৰৱণতাৰ সুন্দৰ সংমিশ্ৰণ ঘটাবলৈ সক্ষম হৈছে৷ এই কথাই প্ৰমাণ কৰিছে যে বিৰাট কোহলীয়ে কেৱল ২২ গজতে  চাৰি আৰু ছয় মাৰিব নোৱাৰে, তেওঁ ফেশ্বনৰ ক্ষেত্ৰতো  দুৰ্ধৰ্ষ। 

শেহতীয়াকৈ, বিৰাটৰ আকৰ্ষণীয় হেয়াৰষ্টাইল কৰা ব্যক্তিগৰাকী হৈছে  চেলিব্ৰিটি হেয়াৰড্ৰেছাৰ আলিম হাকিম। আলিম হাকিমে অতীততো এম এছ ধোনীৰ দৰে ক্ৰিকেটাৰসকলৰ হেয়াৰষ্টাইলৰ কাম কৰিছে৷ হাকিমে কোহলীৰ নতুন হেয়াৰষ্টাইল চূডান্ত কৰাৰ  অভিজ্ঞতাৰ বিষয়ে এতিয়া বহু কথা ৰাজহুৱা কৰিছে৷  তেওঁৰ সৈতে বিৰাট কোহলীৰ  দীৰ্ঘদিনীয়া বন্ধুত্ব আছে৷ সেইসূত্ৰে বিৰাটে আলিমক ফেশ্বনৰ ক্ষেত্ৰত চকুমুদি বিশ্বাসো কৰি আহিছে৷ কোহলীৰ ভাইৰেল হেয়াৰষ্টাইল,  সহজে লোকৰ চকুত পৰা ভ্ৰূৰ  বিষয়ে এতিয়া আলিমে বহু কথা কৈছে৷  আলিমে কয় "সকলোৱে জানে যে মই কিমান টকা পাৰিশ্ৰমিক লও। সেয়া ১ লাখ টকাৰ পৰা আৰম্ভ হয়। আৰু সেয়া হৈছে নূন্যতম পাৰিশ্ৰমিক। " 

তেওঁ লগতে কয় "মাহী চাৰ আৰু বিৰাট, তেওঁলোক মোৰ  বহু  পুৰণি বন্ধু আৰু তেওঁলোকে দীৰ্ঘদিন ধৰি মোৰ ওচৰলৈ চুলি কাটিবলৈ আহি আছে।  যেতিয়া আই পি এল আহিল , আমি কিবা এটা বেলেগ কৰাৰ সিদ্ধান্ত লৈছিলো।বিৰাটৰ পৰৱৰ্তী চেহেৰাটো কেনে হ'ব লাগে সেই বিষয়ে আমি সেই সময়তে কথা পাতিছিলো। এইবাৰ আই পি এলৰ আগতে, আমি সঁচাকৈয়ে কিবা ভাল কৰাৰ সিদ্ধান্ত লৈছিলো আৰু সেইমতে কৰিছিলোও। মই বিৰাটৰ ভ্ৰূ অলপ বেলেগ ধৰণে সজাই দিছিলো। তেওঁৰ চুলিৰ ৰং অলপ ধূসৰ কৰি তুলিছিলো। । যেতিয়া মই বিৰাটৰ  ছবিখন পোষ্ট কৰিছিলো, ই সঁচাকৈয়ে ইণ্টাৰনেটক ধুমুহাৰ সৃষ্টি কৰিলে৷ মোৰ পোষ্টত থকা লাইক আৰু শ্বেয়াৰৰ পৰিমাণ আশ্চৰ্যজনক আছিল। "

হাকিমে  ধোনীৰ বিষয়েও কয়, "তেওঁ এজন হলিউড অভিনেতাতকৈ কম নহয়"। হাকিমে লগতে কয় "সমগ্ৰ বিশ্বৰ মানুহে বিৰাট কোহলীক অনুসৰণ কৰে। ফেশ্বন আৰু নান্দনিকতাৰ ক্ষেত্ৰত বিৰাট কোহলী  খুবেই  সংবেদনশীল। ফেশ্বনৰ ক্ষেত্ৰত তেওঁৰ  নিজৰ পছন্দ আছে। তেওঁ বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ। কিন্তু ষ্টাইল, ফেশ্বনৰ ক্ষেত্ৰতো তেওঁ এক নম্বৰ।  " উল্লেখ্য আৰচিবি তাৰকাগৰাকীয়ে এতিয়ালৈকে আই পি এল ২০২৪ ছিজনত দলটোৰ হৈ ভাল প্ৰদৰ্শন কৰি আহিছে। তেওঁ বৰ্তমান ৪ খন খেলত ২০৩ ৰাণৰ সৈতে অৰেঞ্জ কেপ দখল কৰিছে। অৱশ্যে, চাৰিখন মেচত মাত্ৰ এটা জয়ৰ সৈতে তেওঁৰ দল তালিকাৰ অষ্টম স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ