--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ড়েস্কঃ ক্ৰিকেট প্ৰেমীয়ে জানে পাকিস্তানী খেলুৱৈৰ পৰাক্ৰম। কিন্তু বহুতে নজনা কথাটো হ’ল এই ক্ৰিকেটাৰসকলে কিমান পঢ়া-শুনা কৰে। পাকিস্তান ক্ৰিকেট দলত স্কুল অতিক্ৰম নকৰা খেলুৱৈও আছে।

প্ৰথমেই তাৰকা ক্ৰিকেটাৰ বাবৰ আজমৰ কথালৈ আহোঁ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বাবৰক বিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও দশম শ্ৰেণীও ক্লিয়াৰ কৰা নাছিল। জনা যায় যে তেওঁ অষ্টম মান পঢ়া-শুনা কৰি স্কুল এৰি থৈ যায়।

২৩ বছৰীয়া পাকিস্তানী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদি এই ক্ষেত্ৰত বাবৰতকৈ অলপ আগবাঢ়ি আছে। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদিৰ জোঁৱাই অতি কম বয়সৰ পৰাই ক্ৰিকেট খেলাৰ বাবে পৰিচিত হৈ আহিছে। বিদ্যালয় শেষ কৰিও মহাবিদ্যালয়ত নামভৰ্তি নকৰাৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এইবাৰ পাকিস্তানৰ অল-ৰাউণ্ডাৰ ছাদাব খানে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাকলিন মুস্তাকৰ কন্যা মালাইকা ছাকলীনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পাকিস্তান ক্ৰিকেট দলৰ উপ-অধিনায়ক হিচাপেও তেওঁ। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছাদাবৰ স্নাতক ডিগ্ৰী আছে।

পাক বেটাৰ ফখৰ জামানে ১৬ বছৰ বয়সত কৰাচীৰ পাকিস্তান নৌসেনাৰ বিদ্যালয়ত ভৰ্তি হৈছিল। পঢ়া-শুনাৰ লগতে তাতেই ক্ৰিকেটৰ প্ৰশিক্ষণো লৈছিল। পাক নেভিৰ হৈও তেওঁ ক্ৰিকেট খেল খেলিছিল। ২০২০ চনত ফখৰে সেই দেশৰ নৌসেনাত লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰে।

পাকিস্তানৰ দলৰ বেটছমেন তথা প্ৰাক্তন অধিনায়ক ইনজামাম উল হকৰ ভতিজা ইমাম উল হকে লাহোৰৰ এখন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইমামৰ বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে।

৩৩ বছৰীয়া অলৰাউণ্ডাৰ ইফতিখাৰ আহমেদক সতীৰ্থসকলৰ বাবে ‘চাচা’ নামেৰে বেছি পৰিচিত। ক্ৰিকেটৰ জগতখনত ভৰি দিয়াৰ আগতে তেওঁ কলেজীয়া পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল।

পাক উইকেটৰ ৰক্ষক মহম্মদ ৰিজৱান উচ্চ শিক্ষিত। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা ডিগ্ৰী লাভ কৰিছে। কিন্তু তাত পঢ়াৰ আগতে কোনখন স্কুল বা কলেজত পঢ়িছিল সেয়া জনা নাযায়।

মহম্মদ নৱাজে কলেজ এৰিছিল। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পাকিস্তানৰ অল ৰাউণ্ডাৰ নৱাজে ক্ৰিকেটত সম্পূৰ্ণ মনোনিৱেশ কৰিব নোৱাৰাৰ বাবে কলেজ এৰিলে।

পাকিস্তানৰ বেগী বলাৰ হেৰিছ ৰাউফ ইছলামবাদ মডেল কলেজৰ স্নাতক। সৰুতে হেৰিছে ফুটবলাৰ হ’ব বিচাৰিছিল। কিন্তু পিছলৈ তেওঁৰ ইচ্ছা সলনি হ’ল। তেওঁ ক্ৰিকেট খেলত মনোনিৱেশ কৰে। অৱশ্যে ক্ৰিকেট খেলি থাকোঁতে তেওঁ পঢ়া-শুনা কৰি থাকিল।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানৰ বেটছমেন ছলমান আলী আঘাই স্কুলীয়া শিক্ষা সম্পূর্ণ কৰিব পৰা নাছিল৷ ক্ৰিকেটৰ প্ৰতি আসক্তিৰ বাবেই তেওঁ স্কুললৈ যোৱা বন্ধ কৰি দিলে।

পাকিস্তানী যুৱ বেটছমেন আব্দুল্লা ছফিকে দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ পঢ়া-শুনা বাদ দি ক্ৰিকেট খেলত মনোনিৱেশ কৰে। অৱশ্যে ছফিকে ১১ আৰু দ্বাদশ শ্ৰেণীত বিজ্ঞান অধ্যয়ন কৰিছিল।

পাকিস্তানৰ অল ৰাউণ্ডাৰ মহম্মদ ৱাছিম ​​জুনিয়ৰেও কলেজৰ মুখ দেখা নাই। আব্দুল্লাৰ দৰে ২২ বছৰীয়া এইগৰাকী খেলুৱৈয়েও দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰি শিক্ষা সমাপ্ত কৰে।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানী ক্ৰিকেট দলৰ বলাৰ উছামা মিৰ এগৰাকী স্নাতক।

বেটাৰ চাউথ শ্বাকিলে অৱশ্যে কলেজত পঢ়িছিল। স্নাতক হোৱাৰ পিছত অৱশ্যে তেওঁ পঢ়া-শুনা আগবঢ়াই নিয়াৰ কথা ভবা নাছিল। ক্ৰিকেটত মনোনিৱেশ কৰে।

ক্ৰিকেটাৰ হাছান আলীৰ শিক্ষা সন্দৰ্ভত কোনো তথ্য উপলব্ধ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ