--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ড়েস্কঃ ক্ৰিকেট প্ৰেমীয়ে জানে পাকিস্তানী খেলুৱৈৰ পৰাক্ৰম। কিন্তু বহুতে নজনা কথাটো হ’ল এই ক্ৰিকেটাৰসকলে কিমান পঢ়া-শুনা কৰে। পাকিস্তান ক্ৰিকেট দলত স্কুল অতিক্ৰম নকৰা খেলুৱৈও আছে।

প্ৰথমেই তাৰকা ক্ৰিকেটাৰ বাবৰ আজমৰ কথালৈ আহোঁ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বাবৰক বিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও দশম শ্ৰেণীও ক্লিয়াৰ কৰা নাছিল। জনা যায় যে তেওঁ অষ্টম মান পঢ়া-শুনা কৰি স্কুল এৰি থৈ যায়।

২৩ বছৰীয়া পাকিস্তানী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদি এই ক্ষেত্ৰত বাবৰতকৈ অলপ আগবাঢ়ি আছে। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদিৰ জোঁৱাই অতি কম বয়সৰ পৰাই ক্ৰিকেট খেলাৰ বাবে পৰিচিত হৈ আহিছে। বিদ্যালয় শেষ কৰিও মহাবিদ্যালয়ত নামভৰ্তি নকৰাৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এইবাৰ পাকিস্তানৰ অল-ৰাউণ্ডাৰ ছাদাব খানে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাকলিন মুস্তাকৰ কন্যা মালাইকা ছাকলীনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পাকিস্তান ক্ৰিকেট দলৰ উপ-অধিনায়ক হিচাপেও তেওঁ। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছাদাবৰ স্নাতক ডিগ্ৰী আছে।

পাক বেটাৰ ফখৰ জামানে ১৬ বছৰ বয়সত কৰাচীৰ পাকিস্তান নৌসেনাৰ বিদ্যালয়ত ভৰ্তি হৈছিল। পঢ়া-শুনাৰ লগতে তাতেই ক্ৰিকেটৰ প্ৰশিক্ষণো লৈছিল। পাক নেভিৰ হৈও তেওঁ ক্ৰিকেট খেল খেলিছিল। ২০২০ চনত ফখৰে সেই দেশৰ নৌসেনাত লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰে।

পাকিস্তানৰ দলৰ বেটছমেন তথা প্ৰাক্তন অধিনায়ক ইনজামাম উল হকৰ ভতিজা ইমাম উল হকে লাহোৰৰ এখন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইমামৰ বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে।

৩৩ বছৰীয়া অলৰাউণ্ডাৰ ইফতিখাৰ আহমেদক সতীৰ্থসকলৰ বাবে ‘চাচা’ নামেৰে বেছি পৰিচিত। ক্ৰিকেটৰ জগতখনত ভৰি দিয়াৰ আগতে তেওঁ কলেজীয়া পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল।

পাক উইকেটৰ ৰক্ষক মহম্মদ ৰিজৱান উচ্চ শিক্ষিত। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা ডিগ্ৰী লাভ কৰিছে। কিন্তু তাত পঢ়াৰ আগতে কোনখন স্কুল বা কলেজত পঢ়িছিল সেয়া জনা নাযায়।

মহম্মদ নৱাজে কলেজ এৰিছিল। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পাকিস্তানৰ অল ৰাউণ্ডাৰ নৱাজে ক্ৰিকেটত সম্পূৰ্ণ মনোনিৱেশ কৰিব নোৱাৰাৰ বাবে কলেজ এৰিলে।

পাকিস্তানৰ বেগী বলাৰ হেৰিছ ৰাউফ ইছলামবাদ মডেল কলেজৰ স্নাতক। সৰুতে হেৰিছে ফুটবলাৰ হ’ব বিচাৰিছিল। কিন্তু পিছলৈ তেওঁৰ ইচ্ছা সলনি হ’ল। তেওঁ ক্ৰিকেট খেলত মনোনিৱেশ কৰে। অৱশ্যে ক্ৰিকেট খেলি থাকোঁতে তেওঁ পঢ়া-শুনা কৰি থাকিল।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানৰ বেটছমেন ছলমান আলী আঘাই স্কুলীয়া শিক্ষা সম্পূর্ণ কৰিব পৰা নাছিল৷ ক্ৰিকেটৰ প্ৰতি আসক্তিৰ বাবেই তেওঁ স্কুললৈ যোৱা বন্ধ কৰি দিলে।

পাকিস্তানী যুৱ বেটছমেন আব্দুল্লা ছফিকে দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ পঢ়া-শুনা বাদ দি ক্ৰিকেট খেলত মনোনিৱেশ কৰে। অৱশ্যে ছফিকে ১১ আৰু দ্বাদশ শ্ৰেণীত বিজ্ঞান অধ্যয়ন কৰিছিল।

পাকিস্তানৰ অল ৰাউণ্ডাৰ মহম্মদ ৱাছিম ​​জুনিয়ৰেও কলেজৰ মুখ দেখা নাই। আব্দুল্লাৰ দৰে ২২ বছৰীয়া এইগৰাকী খেলুৱৈয়েও দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰি শিক্ষা সমাপ্ত কৰে।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানী ক্ৰিকেট দলৰ বলাৰ উছামা মিৰ এগৰাকী স্নাতক।

বেটাৰ চাউথ শ্বাকিলে অৱশ্যে কলেজত পঢ়িছিল। স্নাতক হোৱাৰ পিছত অৱশ্যে তেওঁ পঢ়া-শুনা আগবঢ়াই নিয়াৰ কথা ভবা নাছিল। ক্ৰিকেটত মনোনিৱেশ কৰে।

ক্ৰিকেটাৰ হাছান আলীৰ শিক্ষা সন্দৰ্ভত কোনো তথ্য উপলব্ধ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু