--°C
Loading...
Listen to Article
2 min read
80%


হেমেন দাস

১৯৮৩ চন। অসমত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্রী। ১৯৭৯ চনত আৰম্ভ হোৱা বিদেশী বিতাৰণ আন্দোলন তুংগত। ১৯৮০ চনত ছাত্র সন্থাই শিক্ষানুষ্ঠান অৰ্থাৎ স্কুল-কলেজ বন্ধৰ কাৰ্যসূচী লয়। বিধায়ক ঘেৰাওঁ, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সভা-সমিতি নিষিদ্ধ কৰে। প্লাইউড, মৰাপাট আদি অসমৰ বাহিৰলৈ যোৱাত বাধা দিয়ে। 

বাঁওপন্থী দলৰ কৰ্মী সমৰ্থকৰ ওপৰত আক্ৰমণ কৰি বহুজনক হত্যা কৰে, ঘূণীয়া কৰে, ঘৰৰ পৰা খেদে, স্কুল-কলেজৰ শিক্ষকক স্কুল-কলেজলৈ যাব নোৱৰা কৰে। স্বাধীনতা দিৱস, গণৰাজ্য দিৱস বৰ্জন কৰে, জনতা কাৰ্ফিউ দিয়া আদি কামৰ ফলত অধ্যয়নৰ পৰা দীর্ঘদিন ছাত্ৰ-ছাত্রী সকলক আঁতৰাই ৰাখে। এনে এক অস্বাভাৱিক পৰিস্থিতিত হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্রী হৈ চৰকাৰ গঠন কৰে ১৯৮৩ চনত। শিক্ষামন্ত্রী হয় মুকুট শৰ্মা। দুয়োজনে চিন্তা কৰিছিল কেনেকৈ এনে অৱস্থাৰ অৱসান কৰিব পৰা যায়। বিশেষকৈ ছাত্রসকলৰ পঢ়া শুনাৰ কথা, কেনেকৈ তেওঁলোকক অধ্যয়নমুখী কৰিব পৰা যায়। 

দুয়োজনে এই বিষয়ে আলোচনা কৰি থকা সময়ত এদিন ময়ো তেওঁলোকক সংগ দিছিলোঁ। তেতিয়া কলকাতাৰ বইমেলাৰ কথা ওলাল। তাৰ পাছত  তেওঁলোকে শিক্ষা আয়ুক্ত অৰুণোদয় ভট্টাচার্যক মাতি আনি আলোচনা কৰি ঠিক কৰে যে অসমত তেনে এখন মেলা কৰিব লাগে। আন্দোলনকাৰীসকলে হিতেশ্বৰ শইকীয়া চৰকাৰখনক অবৈধ চৰকাৰ ঘোষণা কৰিছে। এনে অৱস্থাত চৰকাৰে আয়োজন কৰা বা পতা কিতাপৰ মেলাও বৰ্জিত হ’ব। 

উপায়টো উলিয়ালে শইকীয়াই। ইয়াৰ দায়িত্ব দিয়া হওক প্ৰকাশন পৰিষদক। পৰিষদৰ সচিব চন্দ্রপ্ৰসাদ শইকীয়াক মাতি আনি কথাটো কোৱাত তেওঁ আনন্দ প্ৰকাশ কৰি  কামটো কৰিব পাৰিব বুলি ক’লে। এইদৰে ‘গুৱাহাটী গ্ৰন্থমেলা’ৰ মাজেৰে অসমত গ্ৰন্থমেলা ভূমিষ্ঠ হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ