--°C
Loading...
Listen to Article
2 min read
80%


হেমেন দাস

১৯৮৩ চন। অসমত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্রী। ১৯৭৯ চনত আৰম্ভ হোৱা বিদেশী বিতাৰণ আন্দোলন তুংগত। ১৯৮০ চনত ছাত্র সন্থাই শিক্ষানুষ্ঠান অৰ্থাৎ স্কুল-কলেজ বন্ধৰ কাৰ্যসূচী লয়। বিধায়ক ঘেৰাওঁ, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সভা-সমিতি নিষিদ্ধ কৰে। প্লাইউড, মৰাপাট আদি অসমৰ বাহিৰলৈ যোৱাত বাধা দিয়ে। 

বাঁওপন্থী দলৰ কৰ্মী সমৰ্থকৰ ওপৰত আক্ৰমণ কৰি বহুজনক হত্যা কৰে, ঘূণীয়া কৰে, ঘৰৰ পৰা খেদে, স্কুল-কলেজৰ শিক্ষকক স্কুল-কলেজলৈ যাব নোৱৰা কৰে। স্বাধীনতা দিৱস, গণৰাজ্য দিৱস বৰ্জন কৰে, জনতা কাৰ্ফিউ দিয়া আদি কামৰ ফলত অধ্যয়নৰ পৰা দীর্ঘদিন ছাত্ৰ-ছাত্রী সকলক আঁতৰাই ৰাখে। এনে এক অস্বাভাৱিক পৰিস্থিতিত হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্রী হৈ চৰকাৰ গঠন কৰে ১৯৮৩ চনত। শিক্ষামন্ত্রী হয় মুকুট শৰ্মা। দুয়োজনে চিন্তা কৰিছিল কেনেকৈ এনে অৱস্থাৰ অৱসান কৰিব পৰা যায়। বিশেষকৈ ছাত্রসকলৰ পঢ়া শুনাৰ কথা, কেনেকৈ তেওঁলোকক অধ্যয়নমুখী কৰিব পৰা যায়। 

দুয়োজনে এই বিষয়ে আলোচনা কৰি থকা সময়ত এদিন ময়ো তেওঁলোকক সংগ দিছিলোঁ। তেতিয়া কলকাতাৰ বইমেলাৰ কথা ওলাল। তাৰ পাছত  তেওঁলোকে শিক্ষা আয়ুক্ত অৰুণোদয় ভট্টাচার্যক মাতি আনি আলোচনা কৰি ঠিক কৰে যে অসমত তেনে এখন মেলা কৰিব লাগে। আন্দোলনকাৰীসকলে হিতেশ্বৰ শইকীয়া চৰকাৰখনক অবৈধ চৰকাৰ ঘোষণা কৰিছে। এনে অৱস্থাত চৰকাৰে আয়োজন কৰা বা পতা কিতাপৰ মেলাও বৰ্জিত হ’ব। 

উপায়টো উলিয়ালে শইকীয়াই। ইয়াৰ দায়িত্ব দিয়া হওক প্ৰকাশন পৰিষদক। পৰিষদৰ সচিব চন্দ্রপ্ৰসাদ শইকীয়াক মাতি আনি কথাটো কোৱাত তেওঁ আনন্দ প্ৰকাশ কৰি  কামটো কৰিব পাৰিব বুলি ক’লে। এইদৰে ‘গুৱাহাটী গ্ৰন্থমেলা’ৰ মাজেৰে অসমত গ্ৰন্থমেলা ভূমিষ্ঠ হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু