--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএদিন নহয়, দুদিন নহয়, দুবছৰ ধৰি নিজৰ কোঠাতে পৰি ৰ’ল এগৰাকী মহিলাৰ মৃতদেহ৷ কিন্তু সেই বিষয়ে ঘূণাক্ষৰেও গম নাপালে কোঠাৰ কাষৰে কোনো আবাসী অথবা ফ্লেটৰ আন কোনো আবাসীয়ে৷ ঘটনাটো ঘটিছে ব্ৰিটেইনত৷  ব্ৰিটেইনৰ এটা হাউচিং প্ৰকল্পত বাস কৰা মহিলাগৰাকীৰ দুবছৰ আগতে মৃত্যু ঘটিছিল যদিও হাউচিং  এ'চিয়েশ্যনে মহিলা গৰাকী ক’লৈ গ’ল সেয়া খবৰ কৰাৰ সলনি তেওঁৰ একাউণ্টৰ পৰা এজন  ভাড়া সংগ্ৰহ কৰিহে  আছিল ৷

শেহতীয়াকৈ এই তথ্য পোহৰলৈ অহাৰ পিছতে আমেৰিকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পেকহামত থকা মহিলাগৰাকীৰ ফ্লেটৰ লিভিং ৰুমৰ চোফাত তেওঁৰ কংকালৰ অৱশেষ পোৱা গৈছিল৷ 

৫৮ বছৰীয়া শীলা চেলিয়ানৰ দাঁতৰ পৰীক্ষাৰ দ্বাৰা তেওঁক  চিনাক্ত কৰিব পৰা গৈছিল। হাউচিং চ’ছাইটি পিবডীয়ে পিছে মহিলাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাই নাছিল৷ চ’ছাইটিয়ে সেয়ে মহিলাগৰাকীৰ একাউণ্টৰ পৰা প্ৰতিমাহে ফ্লেটৰ ভাড়া কাটি গৈছিল৷ এতিয়া অৱশ্যে সকলো কথা ফাদিল হোৱাৰ পিছত চ’ছাইটিয়ে যি ঘটিছিল তাৰ বাবে ক্ষমা বিচাৰিছে। চেলিওয়েনৰ মৃত্যুৰ ঘটনা নিৰ্ধাৰণ কৰিবলৈ অনুসন্ধান সমিতি এখন গঠন কৰি দিয়া  হৈছে। 

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অৱশ্যে  চেলিয়ানৰ শৰীৰ পচি যোৱা বাবে মৃত্যুৰ কাৰণ জানিব পৰা নগ'ল বুলি কোৱা হৈছে। দুবছৰধৰি মহিলাগৰাকীৰ মৃত্যুৰ খবৰ কোনেও নোপোৱাত আনকি  আদালতেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে৷   চেলিয়ানক শেষবাৰৰ বাবে জীৱিত অৱস্থাত দেখা গৈছিল ২০১৯ চনৰ আগষ্ট মাহত৷ সেই সময়ত তেওঁ  এজন চিকিৎসকৰ ওচৰলৈ গৈছিল।

আদালতে মহিলাগৰাকীৰ মৃত্যুৰ খবৰ নোপোৱাৰ বাবে  হাউচিং চ’ছাইটিক সমালোচনা কৰিছে।  চ’ছাইটিয়ে আনকি  ২০২০ চনৰ জুন মাহত মহিলাগৰাকীৰ  গেছ যোগানো বন্ধ কৰি দিছিল৷ এগৰাকী মহিলা নিজৰ কোঠাতে দুবছৰ ধৰি মৃত অৱস্থাত পৰি থকাৰ পিছতো কোনেও খবৰ নোপোৱাত ক্ষুণ্ণ হৈ পৰিছে আদালত৷ মানুহৰ বস্তুবাদী আৰু উদাসীনতাক সেয়ে আদালতে তীব্ৰ সমালোচনা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক