--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএদিন নহয়, দুদিন নহয়, দুবছৰ ধৰি নিজৰ কোঠাতে পৰি ৰ’ল এগৰাকী মহিলাৰ মৃতদেহ৷ কিন্তু সেই বিষয়ে ঘূণাক্ষৰেও গম নাপালে কোঠাৰ কাষৰে কোনো আবাসী অথবা ফ্লেটৰ আন কোনো আবাসীয়ে৷ ঘটনাটো ঘটিছে ব্ৰিটেইনত৷  ব্ৰিটেইনৰ এটা হাউচিং প্ৰকল্পত বাস কৰা মহিলাগৰাকীৰ দুবছৰ আগতে মৃত্যু ঘটিছিল যদিও হাউচিং  এ'চিয়েশ্যনে মহিলা গৰাকী ক’লৈ গ’ল সেয়া খবৰ কৰাৰ সলনি তেওঁৰ একাউণ্টৰ পৰা এজন  ভাড়া সংগ্ৰহ কৰিহে  আছিল ৷

শেহতীয়াকৈ এই তথ্য পোহৰলৈ অহাৰ পিছতে আমেৰিকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পেকহামত থকা মহিলাগৰাকীৰ ফ্লেটৰ লিভিং ৰুমৰ চোফাত তেওঁৰ কংকালৰ অৱশেষ পোৱা গৈছিল৷ 

৫৮ বছৰীয়া শীলা চেলিয়ানৰ দাঁতৰ পৰীক্ষাৰ দ্বাৰা তেওঁক  চিনাক্ত কৰিব পৰা গৈছিল। হাউচিং চ’ছাইটি পিবডীয়ে পিছে মহিলাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাই নাছিল৷ চ’ছাইটিয়ে সেয়ে মহিলাগৰাকীৰ একাউণ্টৰ পৰা প্ৰতিমাহে ফ্লেটৰ ভাড়া কাটি গৈছিল৷ এতিয়া অৱশ্যে সকলো কথা ফাদিল হোৱাৰ পিছত চ’ছাইটিয়ে যি ঘটিছিল তাৰ বাবে ক্ষমা বিচাৰিছে। চেলিওয়েনৰ মৃত্যুৰ ঘটনা নিৰ্ধাৰণ কৰিবলৈ অনুসন্ধান সমিতি এখন গঠন কৰি দিয়া  হৈছে। 

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অৱশ্যে  চেলিয়ানৰ শৰীৰ পচি যোৱা বাবে মৃত্যুৰ কাৰণ জানিব পৰা নগ'ল বুলি কোৱা হৈছে। দুবছৰধৰি মহিলাগৰাকীৰ মৃত্যুৰ খবৰ কোনেও নোপোৱাত আনকি  আদালতেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে৷   চেলিয়ানক শেষবাৰৰ বাবে জীৱিত অৱস্থাত দেখা গৈছিল ২০১৯ চনৰ আগষ্ট মাহত৷ সেই সময়ত তেওঁ  এজন চিকিৎসকৰ ওচৰলৈ গৈছিল।

আদালতে মহিলাগৰাকীৰ মৃত্যুৰ খবৰ নোপোৱাৰ বাবে  হাউচিং চ’ছাইটিক সমালোচনা কৰিছে।  চ’ছাইটিয়ে আনকি  ২০২০ চনৰ জুন মাহত মহিলাগৰাকীৰ  গেছ যোগানো বন্ধ কৰি দিছিল৷ এগৰাকী মহিলা নিজৰ কোঠাতে দুবছৰ ধৰি মৃত অৱস্থাত পৰি থকাৰ পিছতো কোনেও খবৰ নোপোৱাত ক্ষুণ্ণ হৈ পৰিছে আদালত৷ মানুহৰ বস্তুবাদী আৰু উদাসীনতাক সেয়ে আদালতে তীব্ৰ সমালোচনা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন