--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলিয়েনক চাকৰি লাগে৷ সেয়ে কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰিছে এলিয়েনে৷ কিন্তু এলিয়েনক দেখিলেই চাকৰিৰ কথা পতাতো দূৰৰে কথা মানুহে ফৰিং চিটিকাহে দিছে৷ দৰাচলতে চাকৰি বিচাৰি ফুৰা এই এলিয়েন কোনো ভিন্ন গ্ৰহৰ পৰা অহা নাই৷ তেওঁ পৃথিৱীৰেই বাসিন্দা৷ অত্যধিক ৰূপচৰ্চা কৰিবলৈ গৈয়েই তেওঁৰ শৰীৰে লৈছে এলিয়েনৰ ৰূপ৷

ফ্ৰান্সৰ এন্থনী লফ্ৰেডোৰ নামৰ যুক জনে  নিজকে 'ব্লেক এলিয়েন' লৈ পৰিণত কৰাৰ সিদ্ধান্ত লৈছিল। সেইমৰ্মে মূৰৰ পৰা ভৰিলৈকে তেওঁ  ব্লেক এলিয়েনৰ টেটু কৰি লৈছিল। তেওঁ আনকি  মুখমণ্ডলৰ আকৃতিও সলাই পেলাইছিল। চাৱনি, ভাব-ভংগী সকলোকতে তেওঁৰ ফুটি উঠিছিল এলিয়েনৰ ৰূপ৷এক কথাত ক’বলৈ গ’লে যুৱক জন সঁচা-সঁচিকৈয়ে দেখিবলৈ এলিয়েনৰ দৰেই হৈ পৰিছিল৷কিন্তু  এন্থনীয়ে তেওঁৰ চখ পূৰণ কৰিবলৈ কৰা এনে কামৰ বাবে এতিয়া  হতাশ হৈ পৰিছে। কাৰণ  তেওঁৰ ভয়ানক চেহেৰাৰ বাবেই কোনেও তেওঁক চাকৰি দিয়া নাই।

এন্থনী লফ্ৰেডোৱে অলপতে সামাজিক মাধ্যমত নিজৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। ক'লা এলিয়েনৰ ভিডিঅ'টো নিমিষতে ভাইৰেল হৈ পৰিছে। মূৰৰ পৰা ভৰিলৈকে এন্থনীয়ে কৰি লোৱা এটা ৰঙীণ টেটুৱে বহুতকে আচৰিত কৰি তুলিছে৷ তেও আনকি চুলি খুৰাই পেলাই মূৰতো টেটু কৰিছে। কেৱল মূৰতেই নহয়, জিভাতো তেওঁ চিত্ৰ-বিচিত্ৰ আংক-বাঁক কৰি লৈছে৷ । যুৱকজনে নাক, কাণ আৰু থুঁতৰিত বিভিন্ন ধৰণৰ ধাতু গুজি লৈছে । 

এণ্টনিয়ে কৈছে যে তেওঁৰ এই চেহেৰাটোৰ বাবে কোনেও তেওঁক চাকৰি দিয়া নাই। সকলোৱে তেওঁৰ পৰা   দূৰত থাকিবলৈহে ইচ্ছা কৰে৷ ৩৪ বছৰীয়া এণ্টনিয়ে কৈছে যে তেওঁ কাকো অস্বস্তিত পেলাব নিবিচাৰে। সেইকাৰণে তেওঁ এতিয়া  ৰাস্তাত খোজকাঢ়ি থাকোঁতে সাধাৰণ মানুহৰ পৰা আঁতৰি থাকে। তথাপি বহুলোকে তেওঁক দেখি পলায়ন কৰে। এণ্টনিয়ে কয়: "এয়া মই কি কৰিলো! এলিয়েন হ’বলৈ গৈ মই এতিয়া মানুহৰ পৰাই বিচ্ছিন্ন হৈ পৰিছো"।





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক