--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলিয়েনক চাকৰি লাগে৷ সেয়ে কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰিছে এলিয়েনে৷ কিন্তু এলিয়েনক দেখিলেই চাকৰিৰ কথা পতাতো দূৰৰে কথা মানুহে ফৰিং চিটিকাহে দিছে৷ দৰাচলতে চাকৰি বিচাৰি ফুৰা এই এলিয়েন কোনো ভিন্ন গ্ৰহৰ পৰা অহা নাই৷ তেওঁ পৃথিৱীৰেই বাসিন্দা৷ অত্যধিক ৰূপচৰ্চা কৰিবলৈ গৈয়েই তেওঁৰ শৰীৰে লৈছে এলিয়েনৰ ৰূপ৷

ফ্ৰান্সৰ এন্থনী লফ্ৰেডোৰ নামৰ যুক জনে  নিজকে 'ব্লেক এলিয়েন' লৈ পৰিণত কৰাৰ সিদ্ধান্ত লৈছিল। সেইমৰ্মে মূৰৰ পৰা ভৰিলৈকে তেওঁ  ব্লেক এলিয়েনৰ টেটু কৰি লৈছিল। তেওঁ আনকি  মুখমণ্ডলৰ আকৃতিও সলাই পেলাইছিল। চাৱনি, ভাব-ভংগী সকলোকতে তেওঁৰ ফুটি উঠিছিল এলিয়েনৰ ৰূপ৷এক কথাত ক’বলৈ গ’লে যুৱক জন সঁচা-সঁচিকৈয়ে দেখিবলৈ এলিয়েনৰ দৰেই হৈ পৰিছিল৷কিন্তু  এন্থনীয়ে তেওঁৰ চখ পূৰণ কৰিবলৈ কৰা এনে কামৰ বাবে এতিয়া  হতাশ হৈ পৰিছে। কাৰণ  তেওঁৰ ভয়ানক চেহেৰাৰ বাবেই কোনেও তেওঁক চাকৰি দিয়া নাই।

এন্থনী লফ্ৰেডোৱে অলপতে সামাজিক মাধ্যমত নিজৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। ক'লা এলিয়েনৰ ভিডিঅ'টো নিমিষতে ভাইৰেল হৈ পৰিছে। মূৰৰ পৰা ভৰিলৈকে এন্থনীয়ে কৰি লোৱা এটা ৰঙীণ টেটুৱে বহুতকে আচৰিত কৰি তুলিছে৷ তেও আনকি চুলি খুৰাই পেলাই মূৰতো টেটু কৰিছে। কেৱল মূৰতেই নহয়, জিভাতো তেওঁ চিত্ৰ-বিচিত্ৰ আংক-বাঁক কৰি লৈছে৷ । যুৱকজনে নাক, কাণ আৰু থুঁতৰিত বিভিন্ন ধৰণৰ ধাতু গুজি লৈছে । 

এণ্টনিয়ে কৈছে যে তেওঁৰ এই চেহেৰাটোৰ বাবে কোনেও তেওঁক চাকৰি দিয়া নাই। সকলোৱে তেওঁৰ পৰা   দূৰত থাকিবলৈহে ইচ্ছা কৰে৷ ৩৪ বছৰীয়া এণ্টনিয়ে কৈছে যে তেওঁ কাকো অস্বস্তিত পেলাব নিবিচাৰে। সেইকাৰণে তেওঁ এতিয়া  ৰাস্তাত খোজকাঢ়ি থাকোঁতে সাধাৰণ মানুহৰ পৰা আঁতৰি থাকে। তথাপি বহুলোকে তেওঁক দেখি পলায়ন কৰে। এণ্টনিয়ে কয়: "এয়া মই কি কৰিলো! এলিয়েন হ’বলৈ গৈ মই এতিয়া মানুহৰ পৰাই বিচ্ছিন্ন হৈ পৰিছো"।





FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন