--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবাদিনো ভাৰতীয় দলত সুযোগ পোৱা নাই যুজবেন্দ্ৰ চাহালে। আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ প্ৰতিখন মেচতে নিজকে প্ৰমাণ কৰিছে। ৪ খন মেচত ৮ টা উইকেট লাভ কৰে। বেঙুনীয়া ৰঙৰ টুপীৰ যুঁজত  দ্বিতীয় স্থানত আছে।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু-ৰাজস্থান ৰয়েলছৰ খেলখনৰ পাছত দুদিনত চাহলৰ ছ’চিয়েল মিডিয়া ফ’ল’ৱাৰ এক কোটি বৃদ্ধি পায়৷ অৰ্থাৎ দুদিনত নতুনকৈ ১ কোটি লোকে চাহলক অনুসৰণ কৰিলে। ক্ৰিকেট প্ৰেমীৰ বাবে চাহাল নতুন নহয়। যদিও তেওঁ আই পি এলত ভাল খেলিছিল, তথাপিও তেওঁ কোনো ডাঙৰ কাম কৰা নাছিল। অৱশ্যে মাত্ৰ দুদিনৰ ভিতৰতে ইনষ্টাগ্ৰামত তেওঁৰ জনপ্ৰিয়তা বৃদ্ধিয়ে ক্ৰিকেটপ্ৰেমীক আচৰিত কৰি তুলিছে।

দুদিন পূৰ্বে চাহালে নিজৰ একাউণ্টৰ প্ৰফাইল পিকচাৰ সলনি কৰিছিল। তেওঁ নিজৰ একক ছবি সলনি কৰি বিৰাট কোহলীৰ সৈতে নিজৰ এখন ছবি দিলে। ছবিখনত কাৰো মুখ দেখা নাযায়। পিছফালৰ পৰা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ কোহলী আৰু ৰাজস্থান ৰয়েলছৰ চাহালক ইজনে সিজনক হাতত হাত ধৰি খোজ কাঢ়ি থকা দেখা গৈছে।

৩৩ বছৰীয়া লেগ স্পিনাৰগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত নতুন প্ৰফাইল পিকচাৰ পোষ্ট কৰি মাত্ৰ দুদিনতে ১ কোটি ফ’ল’ৱাৰ লাভ কৰে। তেওঁৰ ৯৪ লাখৰ পৰা ১ কোটি ৯৪ লাখ ফ’ল’ৱাৰলৈ বৃদ্ধি পাইছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চাহালৰ একাউণ্ট প্ৰফাইলৰ এটা স্ক্ৰীণ শ্বট।

বহুতে উত্তেজিত হৈ পৰাৰ বিপৰীতে কিছুৰ সন্দেহ হয়। তাৰ পাছতে উলাল আচল তথ্য। চেক কৰাৰ পিছত জানিব পৰা গৈছে যে ছ’চিয়েল মিডিয়াত চাহালৰ ফ’ল’ৱাৰৰ সংখ্যা বৃদ্ধি হোৱা নাই। মাত্ৰ ৯৪ লাখ। ১৯৪ মিলিয়ন ফ’ল’ৱাৰে লিখা স্ক্ৰীণ শ্বটটো ভুৱা। চহলৰ একাউণ্টৰ স্ক্ৰীণশ্বট বিকৃত কৰি ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

ইয়াৰ পূৰ্বে আই পি এলতো চাহাল কোহলীৰ সতীৰ্থ আছিল। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীৰ সৈতেও তেওঁৰ ব্যক্তিগত সু-সম্পর্ক আছে৷ বেংগালুৰু এৰি যোৱাৰ পিছত চাহলক ৰাজস্থানে নিলামত ক্ৰয় কৰিছিল। ২০২২ চনৰ পৰা ৰাজস্থানৰ হৈ আই পি এল খেলি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ