--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবাদিনো ভাৰতীয় দলত সুযোগ পোৱা নাই যুজবেন্দ্ৰ চাহালে। আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ প্ৰতিখন মেচতে নিজকে প্ৰমাণ কৰিছে। ৪ খন মেচত ৮ টা উইকেট লাভ কৰে। বেঙুনীয়া ৰঙৰ টুপীৰ যুঁজত  দ্বিতীয় স্থানত আছে।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু-ৰাজস্থান ৰয়েলছৰ খেলখনৰ পাছত দুদিনত চাহলৰ ছ’চিয়েল মিডিয়া ফ’ল’ৱাৰ এক কোটি বৃদ্ধি পায়৷ অৰ্থাৎ দুদিনত নতুনকৈ ১ কোটি লোকে চাহলক অনুসৰণ কৰিলে। ক্ৰিকেট প্ৰেমীৰ বাবে চাহাল নতুন নহয়। যদিও তেওঁ আই পি এলত ভাল খেলিছিল, তথাপিও তেওঁ কোনো ডাঙৰ কাম কৰা নাছিল। অৱশ্যে মাত্ৰ দুদিনৰ ভিতৰতে ইনষ্টাগ্ৰামত তেওঁৰ জনপ্ৰিয়তা বৃদ্ধিয়ে ক্ৰিকেটপ্ৰেমীক আচৰিত কৰি তুলিছে।

দুদিন পূৰ্বে চাহালে নিজৰ একাউণ্টৰ প্ৰফাইল পিকচাৰ সলনি কৰিছিল। তেওঁ নিজৰ একক ছবি সলনি কৰি বিৰাট কোহলীৰ সৈতে নিজৰ এখন ছবি দিলে। ছবিখনত কাৰো মুখ দেখা নাযায়। পিছফালৰ পৰা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ কোহলী আৰু ৰাজস্থান ৰয়েলছৰ চাহালক ইজনে সিজনক হাতত হাত ধৰি খোজ কাঢ়ি থকা দেখা গৈছে।

৩৩ বছৰীয়া লেগ স্পিনাৰগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত নতুন প্ৰফাইল পিকচাৰ পোষ্ট কৰি মাত্ৰ দুদিনতে ১ কোটি ফ’ল’ৱাৰ লাভ কৰে। তেওঁৰ ৯৪ লাখৰ পৰা ১ কোটি ৯৪ লাখ ফ’ল’ৱাৰলৈ বৃদ্ধি পাইছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চাহালৰ একাউণ্ট প্ৰফাইলৰ এটা স্ক্ৰীণ শ্বট।

বহুতে উত্তেজিত হৈ পৰাৰ বিপৰীতে কিছুৰ সন্দেহ হয়। তাৰ পাছতে উলাল আচল তথ্য। চেক কৰাৰ পিছত জানিব পৰা গৈছে যে ছ’চিয়েল মিডিয়াত চাহালৰ ফ’ল’ৱাৰৰ সংখ্যা বৃদ্ধি হোৱা নাই। মাত্ৰ ৯৪ লাখ। ১৯৪ মিলিয়ন ফ’ল’ৱাৰে লিখা স্ক্ৰীণ শ্বটটো ভুৱা। চহলৰ একাউণ্টৰ স্ক্ৰীণশ্বট বিকৃত কৰি ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

ইয়াৰ পূৰ্বে আই পি এলতো চাহাল কোহলীৰ সতীৰ্থ আছিল। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীৰ সৈতেও তেওঁৰ ব্যক্তিগত সু-সম্পর্ক আছে৷ বেংগালুৰু এৰি যোৱাৰ পিছত চাহলক ৰাজস্থানে নিলামত ক্ৰয় কৰিছিল। ২০২২ চনৰ পৰা ৰাজস্থানৰ হৈ আই পি এল খেলি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু