--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্গা পূজা উদযাপনৰ মাজতে পশ্চিম বংগৰ ৰাজধানী চহৰ কলকাতাত অৱতৰণ কৰে ব্ৰাজিলৰ ফুটবল কিংবদন্তি ৰোনাল্ডিনহ’ই। তিনিবাৰৰ বেলন ডি অ’ৰ বিজয়ীগৰাকীৰ বাবে এইটোৱেই আছিল ফুটবলৰ উন্মাদ চহৰখনলৈ প্ৰথম ভ্ৰমণ। পেলে, ডিয়েগো মাৰাডোনা আৰু লিয়নেল মেছিকে ধৰি বিশ্ব ক্ৰীড়াৰ বহু কিংবদন্তিয়ে ইতিমধ্যে কলিকতাত ভৰি থৈছে।

২০০২ চনৰ বিশ্বকাপ বিজয়ী গৰাকীক কলকাতাৰ পূজা পণ্ডলত অনুৰাগীৰ উষ্ম আদৰণি জনায়। শ্ৰীভূমি স্প’ৰ্টিং ক্লাবৰ দুৰ্গা পূজা পণ্ডল উদ্বোধন কৰে ৰোনাল্ডিনহ’ই। পাণ্ডল চৌহদৰ ভিতৰতে তেওঁক আনৰ সৈতে খাঁজ কৰা দেখা গৈছিল।

কলকাতালৈ দুদিনীয়া ভ্ৰমণত আছে ৰোনাল্ডিনহো। কিংবদন্তি ফুটবলাৰগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ বিধায়ক সুজিত বসুৰ সৈতেও ফুটবল খেলিছিল। অক্টোবৰৰ আৰম্ভণিতে কলকাতা ভ্ৰমণৰ কথা ঘোষণা কৰিছিল ৰোনাল্ডিনহ’ই।

তেওঁ আৰু কৈছিল যে তেওঁ কলিকতাৰ আইকন সৌৰভ গাংগুলীৰ বাবে "ক্ৰিকেট শিকিব" বিচাৰে- "মই জানো ক্ৰিকেট অতি জনপ্ৰিয় আৰু এইবাৰ মই বংগৰ 'দাদা'ৰ পৰা ক্ৰিকেট শিকিব বিচাৰো।"

ৰ’নাল্ডিনহ’ই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে আজি তেওঁ পশ্চিম বংগৰ ৰাজধানী চহৰত ‘ৰ’নাল্ডিনহ’ৰ আৰ ১০ একাডেমী’ উদ্বোধন কৰে য’ত শিশুসকলে ফুটবল কিংবদন্তিগৰাকীৰ আভাস পাবলৈ ভিৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু