--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ বাবে পাকিস্তানৰ পৰা বহু সমৰ্থকে ভিছা পাইছে যদিও ভাৰতলৈ এতিয়াও আহিব পৰা নাই। ফলত শনিবাৰে ভাৰত-পাকিস্তানৰ খেলখনত চুবুৰীয়া দেশৰ অনুৰাগী নাছিল। এই সূত্ৰৰ ভিত্তিত পাকিস্তানৰ দলৰ সঞ্চালক মিকি আৰ্থাৰে ভাৰতীয় ব’ৰ্ড আৰু আইচিচিক সমালোচনা কৰে। তেওঁৰ মতে এই মেচখনত সৃষ্টি হোৱা পৰিৱেশটো বিশ্বকাপৰ নহয়, দ্বিপাক্ষিক ছিৰিজৰ মেচ যেন অনুভৱ হৈছিল। পাকিস্তানৰ প্ৰশিক্ষক গ্ৰাণ্ট ব্ৰেডবাৰ্নেও সমালোচনা কৰে।

আৰ্থাৰে ক’লে, ‘ আই চি চিৰ প্ৰতিযোগিতা হোৱা যেন নালাগিল। দ্বিপাক্ষিক ধাৰাবাহিক যেন লাগিল। এই প্ৰতিযোগিতাৰ আয়োজক বোধহয় বি চি চি আই। মাইক্ৰ'ফোনত কেতিয়াও শুনা নাই 'দিল দিল পাকিস্তান'।"’

আৰ্থাৰে ভিৰৰ সমৰ্থনক অজুহাত হিচাপে ব্যৱহাৰ কৰিব বিচৰা নাছিল, কিয়নো ইয়াৰ প্ৰভাৱ মেচখনত পৰিছিল। তেওঁ কয়, “দৰ্শকৰ সমৰ্থনৰ প্ৰভাৱ আছেই। অজুহাত উলিওৱা নাই। ভাৰতীয় বলাৰসকলক কেনেকৈ কাউণ্টাৰ কৰিব পাৰি আমাৰ মনত আছিল।"

পাকৰ প্ৰশিক্ষক ব্ৰেডবাৰ্নেও একে কথাই কয়। তেওঁৰ ভাষাত "এইটোৱেই আমি আশা কৰিছিলোঁ। ইমান দুখ লাগিল আমাৰ সমৰ্থকক ইয়াত দেখা নাপালে। সকলোৱে আহিব বিচাৰিছিল। ভাৰতীয় অনুৰাগীয়েও পাক অনুৰাগীক ভাল পায়।"

পাকিস্তানৰ সমৰ্থনত কোনো ধৰণৰ চিঞৰ নুশুনি তেওঁ আচৰিত হৈছিল। তেওঁ ক'লে, "এইটো বৰ অস্বাভাৱিক। আমাৰ হাতত কোনো বেকিং গীত বা একো নাছিল। বিশ্বাস কৰিব পৰা নাছিলো যে সেইখন বিশ্বকাপৰ খেল। পাকিস্তানৰ সমৰ্থকসকলে ন্যায্য বিচাৰ নাপালে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ