--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ ১৬ কোটি টকাৰ বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত! আঘাত পাইছে নেকি ক্রিষ্টিয়ানো ৰোনাল্ডোই? চিন্তাৰ অৱশ্যে কোনো কাৰণ নাই। কিয়নো গাড়ীখনৰ ভিতৰত নাছিল ৰোনাল্ডো।

মন কৰিবলগীয়া যে, স্পেইনৰ ৰাজপথেৰে গাড়ীখন চলাই যোৱাৰ সময়ত  চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই স্থানীয় এটা ঘৰৰ এখন দেৱালত খুন্দা মাৰে। দেৱালখন লগে লগে খহি পৰে। গাড়ীখনৰ সন্মুখৰ অংশও ক্ষতিগ্ৰস্ত হয়। অৱশ্যে, দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত ৰোনাল্ড বা তেওঁৰ পৰিয়ালৰ কোনো সদস্য নাছিল।

দৰাচলতে, এতিয়া অৱসৰ-বিনোদনত ব্যস্ত ক্রিষ্টিয়ানো ৰোনাল্ডো৷ স্পেইনৰ মাল’ৰ্কাত পৰিয়ালৰ সৈতে অন্তৰংগ সময় কটাইছে তাৰকা ফুটবলৰাগৰাকীয়ে। ব্যক্তিগত বিমানেৰে স্পেইনলৈ উৰা মাৰিছিল ৰোনাল্ডোই আৰু দুখন গাড়ী স্পেইনলৈ পঠোৱাৰো ব্যৱস্থা কৰিছিল তেওঁ। সোমবাৰে স্পেইনত উপস্থিত হয় তাৰকা ফুটবলাৰগৰাকী। ইয়াৰে এখন গাড়ী দুৰ্ঘটনাত পতিত হয় আৰু ভাৰতীয় মুদ্ৰাত সেই গাড়ীখনৰ মূল্য প্ৰায় ১৬.৫ কোটি টকা।

দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই। পৰৱৰ্তী সময়ত ৰোনাল্ডোৰ একাংশ প্ৰতিনিধিয়ে গৈ ঘৰৰ মালিকৰ সৈতে মত-বিনিময় কৰে।  ক্ষমা খুজি ক্ষতিপূৰণ হিচাপে বেৰখন মেৰামতি কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ৰোনাল্ডোৰ প্ৰতিনিধিয়ে।

স্মৰ্তব্য যে, ইউ এফ এ নেচনছ লীগৰ পিছত যোৱা সপ্তাহত স্পেইনলৈ ছুটীত গৈছিল ৰোনাল্ডো। অহা মাহত নতুন প্ৰশিক্ষক এৰিক টেন হেগৰ অধীনত মানচেষ্টাৰ ইউনাইটেডৰ প্ৰি-ছিজন শিবিৰত যোগদান কৰাৰ কথা আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু