--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ ১৬ কোটি টকাৰ বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত! আঘাত পাইছে নেকি ক্রিষ্টিয়ানো ৰোনাল্ডোই? চিন্তাৰ অৱশ্যে কোনো কাৰণ নাই। কিয়নো গাড়ীখনৰ ভিতৰত নাছিল ৰোনাল্ডো।

মন কৰিবলগীয়া যে, স্পেইনৰ ৰাজপথেৰে গাড়ীখন চলাই যোৱাৰ সময়ত  চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই স্থানীয় এটা ঘৰৰ এখন দেৱালত খুন্দা মাৰে। দেৱালখন লগে লগে খহি পৰে। গাড়ীখনৰ সন্মুখৰ অংশও ক্ষতিগ্ৰস্ত হয়। অৱশ্যে, দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত ৰোনাল্ড বা তেওঁৰ পৰিয়ালৰ কোনো সদস্য নাছিল।

দৰাচলতে, এতিয়া অৱসৰ-বিনোদনত ব্যস্ত ক্রিষ্টিয়ানো ৰোনাল্ডো৷ স্পেইনৰ মাল’ৰ্কাত পৰিয়ালৰ সৈতে অন্তৰংগ সময় কটাইছে তাৰকা ফুটবলৰাগৰাকীয়ে। ব্যক্তিগত বিমানেৰে স্পেইনলৈ উৰা মাৰিছিল ৰোনাল্ডোই আৰু দুখন গাড়ী স্পেইনলৈ পঠোৱাৰো ব্যৱস্থা কৰিছিল তেওঁ। সোমবাৰে স্পেইনত উপস্থিত হয় তাৰকা ফুটবলাৰগৰাকী। ইয়াৰে এখন গাড়ী দুৰ্ঘটনাত পতিত হয় আৰু ভাৰতীয় মুদ্ৰাত সেই গাড়ীখনৰ মূল্য প্ৰায় ১৬.৫ কোটি টকা।

দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই। পৰৱৰ্তী সময়ত ৰোনাল্ডোৰ একাংশ প্ৰতিনিধিয়ে গৈ ঘৰৰ মালিকৰ সৈতে মত-বিনিময় কৰে।  ক্ষমা খুজি ক্ষতিপূৰণ হিচাপে বেৰখন মেৰামতি কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ৰোনাল্ডোৰ প্ৰতিনিধিয়ে।

স্মৰ্তব্য যে, ইউ এফ এ নেচনছ লীগৰ পিছত যোৱা সপ্তাহত স্পেইনলৈ ছুটীত গৈছিল ৰোনাল্ডো। অহা মাহত নতুন প্ৰশিক্ষক এৰিক টেন হেগৰ অধীনত মানচেষ্টাৰ ইউনাইটেডৰ প্ৰি-ছিজন শিবিৰত যোগদান কৰাৰ কথা আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ