--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কই যেন লগ নেৰা হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ। কেতিয়াবা দল নিৰ্বাচনত অসুবিধা, কেতিয়াবা অধিনায়কৰ সৈতে মনোমালিন্য। এইবাৰ আন এক বিতৰ্কত সাঙোৰ খাই পৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড। যৌন নিৰ্যাতনৰ বাবে ব’ৰ্ডে দেশৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকক চাকৰিৰ পৰা এইবাৰ বৰ্খাস্ত কৰে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।
 
কেইবছৰমান আগতে ঘটনাটোৰ সূত্ৰপাত হৈছিল। কিছুদিন পূৰ্বে এগৰাকী পাকিস্তানী মহিলা ক্ৰিকেটাৰে নাদীম ইকবালৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগ, ‘কেইবছৰমান পূৰ্বে মুলতানত পাক ব’ৰ্ডে আয়োজন কৰিছিল মহিলা দলটোৰ বিচাৰ প্ৰক্ৰিয়া। প্ৰশিক্ষক হিচাপে তাত আছিল নাদীম। এটা ভিডিঅ’ মেছেজত মহিলা ক্ৰিকেটাৰগৰাকীয়ে কয় যে, ‘দলত সুযোগ প্ৰদানৰ প্ৰতিশ্ৰুতি দি তেওঁ মোৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল। লগতে ব’ৰ্ডত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বাৰে বাৰে। দিনৰ পিছত দিন তেওঁ মোক কেইজনমান বন্ধুৰ সৈতে যৌন নিৰ্যাতন চলাইছিল। ঘটনাৰ এটা ভিডিঅ' ৰেকৰ্ডিং কৰি মোক ফচোৱাৰ চেষ্টা কৰিছিল তেওঁ।’

উল্লেখযোগ্য যে, ২০১৪ চনত ৫ গৰাকী মহিলা ক্ৰিকেটাৰে মুলতান ক্ৰিকেট ক্লাবৰ বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। দলটোক সুযোগ দিয়াৰ বিনিময়ত যৌন সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱো দিয়া হৈছিল। যোৱা বছৰ পাকিস্তানৰ বলাৰ ইয়াছিৰ শ্বাহে এজন বন্ধুক যৌন নিৰ্যাতনত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত য়াছিৰৰ বিৰুদ্ধে থকা অভিযোগ উঠাই লোৱা হয়।

মুলতানৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা নাদীম ইকবালে ক্ৰিকেটত নিজৰ নাম উজলাইছিল। ৱাকাৰ আৰু তেওঁৰ একেদিনাই ঘৰুৱা ক্ৰিকেটত অভিষেক ঘটিছিল। অৱশ্যে, তেওঁ কেতিয়াও জাতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ নকৰিলে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৮০ খন মেচ খেলিছে। এটা সময়ত ৱাকাৰতকৈ উন্নত মানৰ বলাৰ হিচাপে নাম আছিল নাদীমৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ