--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কই যেন লগ নেৰা হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ। কেতিয়াবা দল নিৰ্বাচনত অসুবিধা, কেতিয়াবা অধিনায়কৰ সৈতে মনোমালিন্য। এইবাৰ আন এক বিতৰ্কত সাঙোৰ খাই পৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড। যৌন নিৰ্যাতনৰ বাবে ব’ৰ্ডে দেশৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকক চাকৰিৰ পৰা এইবাৰ বৰ্খাস্ত কৰে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।
 
কেইবছৰমান আগতে ঘটনাটোৰ সূত্ৰপাত হৈছিল। কিছুদিন পূৰ্বে এগৰাকী পাকিস্তানী মহিলা ক্ৰিকেটাৰে নাদীম ইকবালৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগ, ‘কেইবছৰমান পূৰ্বে মুলতানত পাক ব’ৰ্ডে আয়োজন কৰিছিল মহিলা দলটোৰ বিচাৰ প্ৰক্ৰিয়া। প্ৰশিক্ষক হিচাপে তাত আছিল নাদীম। এটা ভিডিঅ’ মেছেজত মহিলা ক্ৰিকেটাৰগৰাকীয়ে কয় যে, ‘দলত সুযোগ প্ৰদানৰ প্ৰতিশ্ৰুতি দি তেওঁ মোৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল। লগতে ব’ৰ্ডত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বাৰে বাৰে। দিনৰ পিছত দিন তেওঁ মোক কেইজনমান বন্ধুৰ সৈতে যৌন নিৰ্যাতন চলাইছিল। ঘটনাৰ এটা ভিডিঅ' ৰেকৰ্ডিং কৰি মোক ফচোৱাৰ চেষ্টা কৰিছিল তেওঁ।’

উল্লেখযোগ্য যে, ২০১৪ চনত ৫ গৰাকী মহিলা ক্ৰিকেটাৰে মুলতান ক্ৰিকেট ক্লাবৰ বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। দলটোক সুযোগ দিয়াৰ বিনিময়ত যৌন সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱো দিয়া হৈছিল। যোৱা বছৰ পাকিস্তানৰ বলাৰ ইয়াছিৰ শ্বাহে এজন বন্ধুক যৌন নিৰ্যাতনত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত য়াছিৰৰ বিৰুদ্ধে থকা অভিযোগ উঠাই লোৱা হয়।

মুলতানৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা নাদীম ইকবালে ক্ৰিকেটত নিজৰ নাম উজলাইছিল। ৱাকাৰ আৰু তেওঁৰ একেদিনাই ঘৰুৱা ক্ৰিকেটত অভিষেক ঘটিছিল। অৱশ্যে, তেওঁ কেতিয়াও জাতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ নকৰিলে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৮০ খন মেচ খেলিছে। এটা সময়ত ৱাকাৰতকৈ উন্নত মানৰ বলাৰ হিচাপে নাম আছিল নাদীমৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু