--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইংলেণ্ডৰ বিৰুদ্ধে যোৱা বৰ্ষৰ অৰ্ধসমাপ্ত  টেষ্ট শৃংখলাৰ অন্তিমখন মেচত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ইংলেণ্ডত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল। কিন্তু দলৰ সদস্যসকলৰ সৈতে ভ্ৰমণ কৰিব নোৱাৰিলে  দলৰ এজন অন্যতম গুৰুত্বপূৰ্ণ সদস্য তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। বিচিচিআইৰ এক সূত্ৰ অনুসৰি ক'ভিড পৰীক্ষাৰ সময়ত জেষ্ঠ খেলুৱৈগৰাকীৰ শৰীৰত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে। সেয়ে সতীৰ্থ খেলুৱৈসকলৰ সৈতে ইংলেণ্ড ভ্ৰমণ সম্ভৱ নহ'ল খেলুৱৈগৰাকীৰ। 

প্ৰকাশিত খবৰ অনুসৰি অশ্বিন বৰ্তমান হোম আইচ’লেশ্যনত আছে আৰু প্ৰয়োজনীয় সকলো প্ৰট’কল পূৰণ কৰাৰ পিছতহে পঞ্চম টেষ্টৰ বাবে ভাৰতীয় দলত যোগদান কৰিব। ভাৰতীয় দলটো ইতিমধ্যে ১৬ জুনত ইংলেণ্ডলৈ ৰাওনা হৈছিল। 

বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে অশ্বিন ভ্ৰমণৰ পূৰ্বে ক'ভিড আক্ৰান্ত বুলি নিশ্চিত হয় আৰু সেয়ে দলৰ সৈতে ইংলেণ্ড ভ্ৰমণ কৰা নাই। “কিন্তু আমি আশা কৰোঁ যে ১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টৰ পূৰ্বে তেওঁ সময়মতে ভালদৰে আৰোগ্য হ'ব। অৱশ্যে তেওঁ লিচেষ্টাৰশ্বায়াৰৰ বিৰুদ্ধে অনুশীলন খেলখনত অংশ ল’ব নোৱাৰিব পাৰে।"- সূত্ৰটোৱে লগতে কয়।

ভাৰতীয় টেষ্ট দলটোৰ বাকী সকল সদস্য ইতিমধ্যে লিচেষ্টাৰত আছে আৰু বলিং প্ৰশিক্ষক পাৰস মাম্ব্ৰে আৰু বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথৌৰৰ তত্বাৱধানত প্ৰশিক্ষণ আৰম্ভ কৰিছে। আনহাতে দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, খেলুৱৈদ্বয় ক্ৰমে ঋষভ পন্ট আৰু শ্ৰেয়স আয়াৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্য সমাপ্ত টি-২০ শৃংখলাৰ পাছত লণ্ডনত উপস্থিত হৈছে আৰু মঙলবাৰে লিচেষ্টাৰ ভ্ৰমণ কৰিব।

উল্লেখ্য যে যোৱা বৰ্ষৰ এই টেষ্ট শৃংখলাটোত ভাৰতৰ সেইসময়ৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু দলৰ ফিজিঅ'থেৰাপিষ্ট ক'ভিডত সংক্ৰমিত হোৱাৰ পিছত অন্তিম টেষ্টত ভাগ ল’বলৈ অস্বীকাৰ কৰিছিল। পাছত দুয়োখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ সন্মতিক্ৰমে অন্তিম টেষ্টখন এই বৰ্ষত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ভাৰত বৰ্তমান শৃংখলাটোত ২-১ ব্যৱধানত আগবাঢ়ি আছে। 

পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাটোৰ অন্তিমখন টেষ্ট ১ জুলাইৰ পৰা এজবাষ্টনত অনুষ্ঠিত হ’ব। উল্লেখ্য যে যোৱা বৰ্ষৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত দলৰ অধিনায়কৰ দায়িত্বত থকা বিৰাট কোহলীৰ বিপৰীতে এইবাৰ দলৰ অধিনায়ক পদত আছে ৰোহিত শৰ্মা। টেষ্ট দলৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ বিদেশত এইখন প্ৰথম টেষ্ট হ’ব। আনহাতে সেইসময়ৰ প্ৰশিক্ষক ৰবি শ্ৰাস্ত্ৰীৰ স্থানত এই ভ্ৰমণত ৰাহুল দ্ৰাবিড় প্ৰশিক্ষক হিচাপে আছে। 

এজবাষ্টন টেষ্টৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ৰ সীমিত অভাৰৰ শৃংখলাত অংশ ল’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ