--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: ভাৰতীয় ক্ৰিকেটাৰসকলে বিচিচিআইৰ পৰা লাভ কৰে এক বৃহৎ পৰিমাণৰ দৰমহা। তদুপৰি বিভিন্ন কোম্পানীৰ বিজ্ঞাপন, ব্ৰেণ্ড এম্বেছাদৰ আৰু মেচ মাচুলৰ বাবে তেওঁলোকে অগণন ধন উপাৰ্জন কৰে। কিন্তু এই সকলোবোৰৰ পাছতো ভাৰতীয় ক্ৰিকেটত এনে কিছুমান ক্ৰিকেটাৰ আছে যি চৰকাৰী উচ্চ পদবীতো আছে। জানো
 আহক ৫ জন ক্ৰিকেটাৰৰ বিষয়ে যিসকলে ক্ৰিকেটত কাম কৰাৰ লগতে চৰকাৰী সন্মানীয় পদবীতো কাম কৰি আছে

১.যুজবেন্দ্ৰ  সাহাল : এই তালিকাত আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰগৰাকী হৈছে যুজবেন্দ্ৰ সাহাল। যুজবেন্দ্ৰ সাহাল এজন ক্ৰিকেটাৰ লগতে আয়কৰ বিভাগৰ এজন জ্যেষ্ঠ বিষয়া।

২. শচীন টেণ্ডুলকাৰঃ ক্ৰিকেট জগতৰ এক উজ্জ্বল তাৰকা শচীন টেণ্ডুলকাৰ, তেওঁ ভাৰতীয় দলৰো অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ। তেণ্ডুলকাৰক ২০১০ চনত ভাৰতীয় বায়ুসেনাই তেওঁৰ সাফল্যৰ বাবে সন্মান জনাইছিল। তেওঁৰ সাফল্যৰ স্বীকৃতি স্বৰূপে পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন পদত পদোন্নতি লাভ কৰে।

৩. হৰভজন সিংঃ ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ হৰভজন সিং বৰ্তমান ক্ৰিকেটৰ পৰা বহু দূৰত। পঞ্জাৱ চৰকাৰৰ পৰা তেওঁ বহু চৰকাৰী চাকৰিৰ প্ৰস্তাৱ পাইছিল। বৰ্তমান তেওঁ পঞ্জাৱ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

৪. উমেশ যাদৱঃ ভাৰতীয় দলৰ অন্যতম শ্ৰেষ্ঠ পেচ বলাৰ এসময়ত আৰক্ষীৰ চাকৰিৰ বাবে শাৰীত থিয় হৈছিল। কিন্তু ফিট নোহোৱাৰ বাবে তেওঁক বাহিৰ কৰি দিয়া হৈছিল। বৰ্তমান তেওঁ ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য পেচ বলাৰ। তদুপৰি তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সহকাৰী মেনেজাৰ ( assistant manager)। জানিব পৰা মতে, তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ লৈ বেংকত যোগদান কৰিব।

৫. মহেন্দ্ৰ সিং ধোনীঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে ৰেলৱে বিভাগৰ টিটি হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু কিছুদিনৰ ভিতৰতে তেওঁ চাকৰিৰ পৰা অৱসৰ লৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰে। ২০১১ চনত বিশ্বকাপ জয় কৰাৰ পিছত তেওঁ ভাৰত চৰকাৰৰ পৰা লেফটেনেণ্ট কৰ্ণেল হিচাপে সেনাবাহিনীত যোগদান কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ