--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: ভাৰতীয় ক্ৰিকেটাৰসকলে বিচিচিআইৰ পৰা লাভ কৰে এক বৃহৎ পৰিমাণৰ দৰমহা। তদুপৰি বিভিন্ন কোম্পানীৰ বিজ্ঞাপন, ব্ৰেণ্ড এম্বেছাদৰ আৰু মেচ মাচুলৰ বাবে তেওঁলোকে অগণন ধন উপাৰ্জন কৰে। কিন্তু এই সকলোবোৰৰ পাছতো ভাৰতীয় ক্ৰিকেটত এনে কিছুমান ক্ৰিকেটাৰ আছে যি চৰকাৰী উচ্চ পদবীতো আছে। জানো
 আহক ৫ জন ক্ৰিকেটাৰৰ বিষয়ে যিসকলে ক্ৰিকেটত কাম কৰাৰ লগতে চৰকাৰী সন্মানীয় পদবীতো কাম কৰি আছে

১.যুজবেন্দ্ৰ  সাহাল : এই তালিকাত আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰগৰাকী হৈছে যুজবেন্দ্ৰ সাহাল। যুজবেন্দ্ৰ সাহাল এজন ক্ৰিকেটাৰ লগতে আয়কৰ বিভাগৰ এজন জ্যেষ্ঠ বিষয়া।

২. শচীন টেণ্ডুলকাৰঃ ক্ৰিকেট জগতৰ এক উজ্জ্বল তাৰকা শচীন টেণ্ডুলকাৰ, তেওঁ ভাৰতীয় দলৰো অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ। তেণ্ডুলকাৰক ২০১০ চনত ভাৰতীয় বায়ুসেনাই তেওঁৰ সাফল্যৰ বাবে সন্মান জনাইছিল। তেওঁৰ সাফল্যৰ স্বীকৃতি স্বৰূপে পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন পদত পদোন্নতি লাভ কৰে।

৩. হৰভজন সিংঃ ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ হৰভজন সিং বৰ্তমান ক্ৰিকেটৰ পৰা বহু দূৰত। পঞ্জাৱ চৰকাৰৰ পৰা তেওঁ বহু চৰকাৰী চাকৰিৰ প্ৰস্তাৱ পাইছিল। বৰ্তমান তেওঁ পঞ্জাৱ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

৪. উমেশ যাদৱঃ ভাৰতীয় দলৰ অন্যতম শ্ৰেষ্ঠ পেচ বলাৰ এসময়ত আৰক্ষীৰ চাকৰিৰ বাবে শাৰীত থিয় হৈছিল। কিন্তু ফিট নোহোৱাৰ বাবে তেওঁক বাহিৰ কৰি দিয়া হৈছিল। বৰ্তমান তেওঁ ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য পেচ বলাৰ। তদুপৰি তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সহকাৰী মেনেজাৰ ( assistant manager)। জানিব পৰা মতে, তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ লৈ বেংকত যোগদান কৰিব।

৫. মহেন্দ্ৰ সিং ধোনীঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে ৰেলৱে বিভাগৰ টিটি হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু কিছুদিনৰ ভিতৰতে তেওঁ চাকৰিৰ পৰা অৱসৰ লৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰে। ২০১১ চনত বিশ্বকাপ জয় কৰাৰ পিছত তেওঁ ভাৰত চৰকাৰৰ পৰা লেফটেনেণ্ট কৰ্ণেল হিচাপে সেনাবাহিনীত যোগদান কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু