ডিজিটেল ডেস্ক: মহেন্দ্ৰ সিং ধোনীৰ পিছত ভাৰতীয় দলৰ, বিশেষকৈ টেষ্ট দলৰ উইকেটৰক্ষকৰ ভূমিকাত কোন? এই প্ৰশ্নই ব্যাপক চৰ্চা লাভ কৰিছিল। বিচিচিআইৰ প্ৰথম পচন্দ হিচাপে ঋদ্ধিমান সাহাই কেইটামান বছৰ এই দায়িত্ব সুচাৰু ৰূপত বহন কৰিছিল। কিন্তু প্ৰায় কেৰিয়াৰৰ সামৰণিৰ ফালে গতি কৰা ঋদ্ধিমানৰ স্থানত দীৰ্ঘম্যাদী পৰিকল্পনাৰে এজন যুৱ উইকেটৰক্ষকৰ সন্ধানত আছিল বিচিচিআই। এই ক্ষেত্ৰত বিচিচিআইৰ চকু আছিল ঋষভ পণ্টৰ ওপৰত। ইতিমধ্যে সীমিত অভাৰৰ ক্ৰিকেটত ঋষভ পণ্ট ভাৰতীয় দলৰ এগৰাকী নিয়মীয়া সদস্যত পৰিণত হৈছিল। টেষ্ট ক্ৰিকেটত অভিষেকৰ পাছত পণ্টৰ প্ৰদৰ্শনক লৈ যথেষ্ট সমালোচনাৰ সৃষ্টি হৈছিল। টেষ্টত পণ্টৰ নিৰ্ভৰযোগ্যতাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু সমালোচকৰ সকলো প্ৰশ্নৰ বেটেৰে উত্তৰ দি সোনকালেই নিজৰ যোগ্যতাৰ প্ৰমাণ দিয়ে পণ্টে। ইয়াৰ পাছতেই টেষ্ট দলৰ নিয়মীয়া উইকেটৰক্ষক হৈ পৰে পণ্ট।
ইতিমধ্যে ভাৰতীয় দলৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচত পণ্টে উল্লেখনীয় বৰঙণি আগবঢ়াইছে। এসময়ত সমালোচকৰ তীব্ৰ প্ৰশ্নবাণ সন্মুখীন হোৱা পণ্ট সাম্প্ৰতিক সময়ত টেষ্ট ক্ৰিকেটত অন্যতম শ্ৰেষ্ঠ উইকেটৰক্ষক বেটাৰ হিচাপেও পৰিগণিত হৈছে। টেষ্টত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ধাৰা অটুট ৰাখি পণ্টে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এজবাষ্টন টেষ্টত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে। নিৰ্ণায়ক টেষ্টখনৰ প্ৰথম ইনিংছত শতক অৰ্জনেৰে ভাৰতক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰা পণ্টে দ্বিতীয় ইনিংছতো ৫৭ ৰানৰ এটা উদ্ধাৰকাৰী ইনিংছ খেলে।
এইদৰে টেষ্টখনত সামগ্ৰিকভাৱে ২০৩ ৰান সংগ্ৰহ কৰে পণ্টে। এই চমকপ্ৰদ প্ৰদৰ্শনেৰে পণ্টে এখন টেষ্ট মেচত বিদেশৰ মাটিত এজন ভ্ৰমণকাৰী উইকেটৰক্ষকৰ দ্বাৰা সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ এক নতুন অভিলেখ স্থাপন কৰে। এই অভিলেখ স্থাপনৰ ক্ষেত্ৰত পণ্টে অতিক্ৰম কৰে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ক্লাইড ৱালকটক। ৱালকটে ১৯৫০ চনত লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ হৈ ক্লাইড ৱালকটে ১৮২ (প্ৰথম ইনিংছত ১৪ আৰু দ্বিতীয় ইনিংছত ১৬৮) ৰান সংগ্ৰহ কৰিছিল।
আনহাতে একেখন টেষ্টতে শতক আৰু অৰ্ধশতক অৰ্জন কৰা ভাৰতৰ দ্বিতীয়গৰাকী উইকেটকিপাৰ বেটাৰ হিচাপেও পৰিগণিত হয় পণ্ট। এই কৃতিত্ব প্ৰথমে অৰ্জন কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰ ফাৰুখ ইঞ্জিনীয়াৰে। ফাৰুখ ইঞ্জিনীয়াৰে ১৯৭৩ চনত মুম্বাইত ইংলেণ্ডৰ বিৰুদ্ধে একেখন টেষ্টৰ প্ৰথম ইনিংছত ১২১ আৰু দ্বিতীয় ইনিংছত ৬৬ ৰাণ সংগ্ৰহ কৰিছিল। ইঞ্জিনীয়াৰৰ পাছত কোনো এজন ভাৰতীয় উইকেটকিপাৰে কৃতিত্ব অৰ্জন কৰিবলৈ প্ৰায় ৫০ বছৰ অপেক্ষা কৰিবলগীয়া হয়।
উল্লেখ্য যে ভাৰতে চলিত টেষ্টখনত পণ্ট আৰু জাদেজাৰ শতকীয় ইনিংছৰ সহায়ত ৪১৬ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ড প্ৰথম ইনিংছত ২৮৪ ৰানত অল আউট হোৱাত ভাৰতে ১৩২ ৰানৰ অগ্ৰগতি লাভ কৰিছিল। কিন্তু এই সুযোগ গ্ৰহণ কৰাত ভাৰতীয় দল বিফল হয় আৰু দ্বিতীয় ইনিংছত মাত্ৰ ২৪৫ ৰানতে ইনিংছ সামৰে। ৩৭৭ ৰানৰ বিজয় লক্ষ্য আগত লৈ ইংলেণ্ডে ইতিমধ্যে এক আক্ৰমণাত্মক আৰম্ভণি কৰিছে। এই সময়লৈ দলটোৱে কোনো উইকেট নেহেৰুৱাকৈ ৬৪ ৰান সংগ্ৰহ কৰিছে। এটা দিন বাকী থকা অৱস্থাত ইংলেণ্ডক মেচখনত জয়ী হ’বলৈ মাত্ৰ ৩১৪ ৰানৰ প্ৰয়োজন। উল্লেখ্য যে পাঁচখনীয়া মেচৰ শৃংখলাটোত ভাৰতে ইতিমধ্যে ২-১ ৰ অগ্ৰগতি লাভ কৰি আছে।