--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ পুনৰ আহিছে এক সুখবৰ৷ কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত হৈ থকা এলোৰ্ডা কাপত কাজাখস্তানৰ আনেল চাকিশক ছেমিফাইনেলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ বক্সাৰ যমুনা বড়োৱে৷

বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ যমুনা বড়োৱে  আনেল চাকিশৰ বিৰুদ্ধে আত্মবিশ্বাসেৰে খেলি ৫৪ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত ৫-০ ব্যৱধানত জয়লাভ কৰে। ফাইনেলত উপনীত হোৱাৰ পিছত যমুনা বড়োৱে উজবেকিস্তানৰ নিগিনা উক্তাম’ভাৰ বিৰুদ্ধে খেলিব লাগিব৷

কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত হৈ থকা এলোৰ্ডা কাপত যমুনাৰ উপৰিও আন তিনিজন ভাৰতীয় বক্সাৰ ক্ৰমে কালাইভানি শ্ৰীনিবাসন (৪৮ কিলোগ্ৰাম), গীতিকা (৪৮ কিলোগ্ৰাম) আৰু আলফিয়াই (৮১+কিলোগ্ৰাম) আজি ফাইনেলত অৱতীৰ্ণ হ’ব।

আনহাতে আন দুগৰাকী  ভাৰতীয়  দুগৰাকী মহিলা বক্সাৰ ক্ৰমে- সাক্ষী (৫৪ কিলোগ্ৰাম) আৰু ছোনিয়া (৫৭ কিলোগ্ৰাম)ই উজবেকিস্তানৰ নিগিনা উক্তাম’ভা আৰু চিতোৰা তুৰ্দিবেকোভাৰ বিৰুদ্ধে ক্ৰমান্বয়ে ০-৫ আৰু ২-৩ ব্যৱধানত পৰাজিত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে৷

ইপিনে পুৰুষৰ শাখাত কুলদীপ (৪৮ কিলোগ্ৰাম) আৰু জুগনু (৯২ কিলোগ্ৰাম) ক্ৰমে কাজাখাস্তানৰ বক্সাৰ আচিলবেক জালিলভ আৰু আইবেক অৰেলবেৰ হাতত ইতিমধ্যে  পৰাস্ত হোৱাত প্ৰতিযোগিতা খনত এতিয়া ভাৰতীয় মহিলা বক্সাৰসকলেই দেশৰ বাবে ভৰসা স্বৰূপ হৈ পৰিছে৷ 

অসম কন্যা যমুনা বড়োৰ সাফল্য কামনা কৰি ক্ৰীড়াপ্ৰেমীসকলে প্ৰাৰ্থনা জনাইছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু