--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ পুনৰ আহিছে এক সুখবৰ৷ কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত হৈ থকা এলোৰ্ডা কাপত কাজাখস্তানৰ আনেল চাকিশক ছেমিফাইনেলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ বক্সাৰ যমুনা বড়োৱে৷

বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ যমুনা বড়োৱে  আনেল চাকিশৰ বিৰুদ্ধে আত্মবিশ্বাসেৰে খেলি ৫৪ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত ৫-০ ব্যৱধানত জয়লাভ কৰে। ফাইনেলত উপনীত হোৱাৰ পিছত যমুনা বড়োৱে উজবেকিস্তানৰ নিগিনা উক্তাম’ভাৰ বিৰুদ্ধে খেলিব লাগিব৷

কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত হৈ থকা এলোৰ্ডা কাপত যমুনাৰ উপৰিও আন তিনিজন ভাৰতীয় বক্সাৰ ক্ৰমে কালাইভানি শ্ৰীনিবাসন (৪৮ কিলোগ্ৰাম), গীতিকা (৪৮ কিলোগ্ৰাম) আৰু আলফিয়াই (৮১+কিলোগ্ৰাম) আজি ফাইনেলত অৱতীৰ্ণ হ’ব।

আনহাতে আন দুগৰাকী  ভাৰতীয়  দুগৰাকী মহিলা বক্সাৰ ক্ৰমে- সাক্ষী (৫৪ কিলোগ্ৰাম) আৰু ছোনিয়া (৫৭ কিলোগ্ৰাম)ই উজবেকিস্তানৰ নিগিনা উক্তাম’ভা আৰু চিতোৰা তুৰ্দিবেকোভাৰ বিৰুদ্ধে ক্ৰমান্বয়ে ০-৫ আৰু ২-৩ ব্যৱধানত পৰাজিত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে৷

ইপিনে পুৰুষৰ শাখাত কুলদীপ (৪৮ কিলোগ্ৰাম) আৰু জুগনু (৯২ কিলোগ্ৰাম) ক্ৰমে কাজাখাস্তানৰ বক্সাৰ আচিলবেক জালিলভ আৰু আইবেক অৰেলবেৰ হাতত ইতিমধ্যে  পৰাস্ত হোৱাত প্ৰতিযোগিতা খনত এতিয়া ভাৰতীয় মহিলা বক্সাৰসকলেই দেশৰ বাবে ভৰসা স্বৰূপ হৈ পৰিছে৷ 

অসম কন্যা যমুনা বড়োৰ সাফল্য কামনা কৰি ক্ৰীড়াপ্ৰেমীসকলে প্ৰাৰ্থনা জনাইছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ