--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ। সোমবাৰে কাজাখস্তানৰ ৰাজধানী নুৰ-চুলতানত অনুষ্ঠিত এলৰ্ডা কাপত যমুনা বড়োৱে ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অসমৰ তাৰকা বক্সাৰ গৰাকীয়ে ৫৪ কিলোগ্ৰামৰ ফাইনেলত উজবেকিস্তানৰ নিগিনা উকটামোভাৰ বিপক্ষে ০-৫ ব্যৱধানত পৰাস্ত হয় যদিও আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টখনত ৰূপৰ পদক অৰ্জনেৰে পুনৰ এবাৰ ৰাজ্যৰ লগতে দেশকো গৌৰৱান্বিত কৰি তোলে।

অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বাসিন্দা যমুনাই দেওবাৰে ৫৪ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত কাজাখস্তানৰ আনেল চাকিশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ছেমিফাইনেলত কাজাখাস্তানৰ প্ৰতিদ্বন্দিগৰাকীক যমুনাই ৫-০ ব্যৱধানত ধৰাশায়ী কৰি দেশৰ বাবে এটা পদক নিশ্চিত কৰিছিল।

যমুনা বড়োৰ এই সাফল্যৰ লগতে আন দুগৰাকী ভাৰতীয় বক্সাৰ আলফিয়া পাঠান আৰু গীতিকাই সোণৰ পদক জয় কৰে। আনহাতে কালাইভানী শ্ৰীনিবাসনে লাভ কৰে ৰূপৰ পদক। নাগপুৰৰ আলফিয়াই ৮১ কিলোগ্ৰাম শাখাত ২০১৬ চনৰ বিশ্ব চেম্পিয়ন লাজ্জাত কুংগেইবায়েভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি এই ঈৰ্ষণীয় সাফল্য অৰ্জন কৰে।

আনহাতে, গীতিকাই ৪৮ কিলোগ্ৰাম শাখাত তীব্ৰ প্ৰতিদ্বন্দীতাৰ অন্তত ভাৰতৰে কালাইভানিৰ বিৰুদ্ধে ৪-১ গ'লৰ ৰোমাঞ্চকৰ বিজয় অৰ্জন কৰে। উল্লেখ্য যে স্বৰ্ণ জয়ী দুই বক্সাৰ আলফিয়া আৰু গীতিকাই প্ৰথমবাৰৰ বাবে কোনো ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

আজি সামৰণি পৰা প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত ৩৩ জনীয়া ভাৰতীয় দলটোৱে দুটা সোণ, দুটা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদকসহ সামগ্ৰিকভাৱে ১৪ টা পদক অৰ্জনেৰে অভিযান সমাপ্ত কৰে।

প্ৰতিযোগিতাখনত স্বৰ্ণ জয়ী বক্সাৰ কেইগৰাকীয়ে ৭০০ ডলাৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ৰূপৰ পদক বিজয়ী বক্সাৰ কেইগৰাকীয়ে লাভ কৰে ৪০০ ডলাৰৰ পুৰস্কাৰ। আনহাতে ব্ৰঞ্জ বিজয়ী খেলুৱৈসকলে ২০০ ডলাৰ টকা পুৰস্কাৰ হিচাপে লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু