--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ। সোমবাৰে কাজাখস্তানৰ ৰাজধানী নুৰ-চুলতানত অনুষ্ঠিত এলৰ্ডা কাপত যমুনা বড়োৱে ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অসমৰ তাৰকা বক্সাৰ গৰাকীয়ে ৫৪ কিলোগ্ৰামৰ ফাইনেলত উজবেকিস্তানৰ নিগিনা উকটামোভাৰ বিপক্ষে ০-৫ ব্যৱধানত পৰাস্ত হয় যদিও আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টখনত ৰূপৰ পদক অৰ্জনেৰে পুনৰ এবাৰ ৰাজ্যৰ লগতে দেশকো গৌৰৱান্বিত কৰি তোলে।

অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বাসিন্দা যমুনাই দেওবাৰে ৫৪ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত কাজাখস্তানৰ আনেল চাকিশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ছেমিফাইনেলত কাজাখাস্তানৰ প্ৰতিদ্বন্দিগৰাকীক যমুনাই ৫-০ ব্যৱধানত ধৰাশায়ী কৰি দেশৰ বাবে এটা পদক নিশ্চিত কৰিছিল।

যমুনা বড়োৰ এই সাফল্যৰ লগতে আন দুগৰাকী ভাৰতীয় বক্সাৰ আলফিয়া পাঠান আৰু গীতিকাই সোণৰ পদক জয় কৰে। আনহাতে কালাইভানী শ্ৰীনিবাসনে লাভ কৰে ৰূপৰ পদক। নাগপুৰৰ আলফিয়াই ৮১ কিলোগ্ৰাম শাখাত ২০১৬ চনৰ বিশ্ব চেম্পিয়ন লাজ্জাত কুংগেইবায়েভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি এই ঈৰ্ষণীয় সাফল্য অৰ্জন কৰে।

আনহাতে, গীতিকাই ৪৮ কিলোগ্ৰাম শাখাত তীব্ৰ প্ৰতিদ্বন্দীতাৰ অন্তত ভাৰতৰে কালাইভানিৰ বিৰুদ্ধে ৪-১ গ'লৰ ৰোমাঞ্চকৰ বিজয় অৰ্জন কৰে। উল্লেখ্য যে স্বৰ্ণ জয়ী দুই বক্সাৰ আলফিয়া আৰু গীতিকাই প্ৰথমবাৰৰ বাবে কোনো ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

আজি সামৰণি পৰা প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত ৩৩ জনীয়া ভাৰতীয় দলটোৱে দুটা সোণ, দুটা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদকসহ সামগ্ৰিকভাৱে ১৪ টা পদক অৰ্জনেৰে অভিযান সমাপ্ত কৰে।

প্ৰতিযোগিতাখনত স্বৰ্ণ জয়ী বক্সাৰ কেইগৰাকীয়ে ৭০০ ডলাৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ৰূপৰ পদক বিজয়ী বক্সাৰ কেইগৰাকীয়ে লাভ কৰে ৪০০ ডলাৰৰ পুৰস্কাৰ। আনহাতে ব্ৰঞ্জ বিজয়ী খেলুৱৈসকলে ২০০ ডলাৰ টকা পুৰস্কাৰ হিচাপে লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ